জ্ঞানেশ কুমাৰ আৰু মোদীৰ পদত্যাগৰ দাবী

জ্ঞানেশ কুমাৰ আৰু মোদীৰ পদত্যাগৰ দাবী: উপৰহালী ৰাজীৱ ভৱনত কংগ্ৰেছৰ উত্তপ্ত প্ৰতিবাদী কাৰ্যসূচী

পলাশবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ গণতন্ত্ৰ আৰু জনসাধাৰণৰ ভোটাধিকাৰ সুৰক্ষিত কৰাৰ দাবীত আজি ৰামপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উপৰহালীস্থিত ৰাজীৱ ভৱনত আয়োজিত এই কাৰ্যসূচীত দলটোৰ অগণন কৰ্মীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে। ‘ভোট বচাওক, দেশ বচাওক’ শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। প্ৰতিবাদকাৰীসকলে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু নিৰ্বাচন প্ৰক্ৰিয়াক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। সমবেত নেতা-কৰ্মীসকলে ‘ভোট চোৰ গাদী চোৰ’, ‘বিজেপি হুচিয়াৰ’, আৰু ‘ইনক্লাৱ জিন্দাবাদ’ শ্লোগানেৰে ৰাজীৱ ভৱনৰ চৌহদ কঁপাই তোলে। ইয়াৰ উপৰিও নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সমালোচনা কৰি তেওঁলোকৰ তাৎক্ষণিক পদত্যাগৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে। উক্ত কাৰ্যসূচীত ৰামপুৰ ব্লক কংগ্ৰেছৰ সভাপতি মাখন দাস, উদীয়মান যুৱ নেতা বিপ্লৱ তালুকদাৰ আৰু কামৰূপ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিপালী তালুকদাৰ উপস্থিত থাকি চৰকাৰৰ গণতন্ত্ৰবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁলোকৰ লগতে কংগ্ৰেছৰ বিভিন্ন মণ্ডল সভাপতি আৰু অগণন সক্ৰিয় সদস্য-সদস্যাই অংশগ্ৰহণ কৰি এই প্ৰতিবাদী কাৰ্যসূচীক তীব্ৰ ৰূপ দিয়ে। গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছৰ এই সংগ্ৰাম আগলৈও অব্যাহত থাকিব বুলি নেতৃত্বই হুংকাৰ প্ৰদান কৰে।