ডিজিটেল এৰেষ্টক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ পর্যবেক্ষণ

Pc iPleaders

ডিজিটেল এৰেষ্টক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ পর্যবেক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা- ডিজিটেল এৰেষ্টক লৈ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া স্থিতি আৰু পর্যবেক্ষণ অত্যন্ত কঠোৰ আৰু গুৰুত্বপূৰ্ণ। নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পর্যবেক্ষণ আগবঢ়াইছে। মুখ্য ন্যায়াধীশ সূর্য কান্ত নেতৃত্বাধীন তিনিজনীয়া এখন খণ্ড বিচাৰপীঠে অতি স্পষ্টভাৱে কয় যে যিসকল লোকে ডিজিটেল এৰেষ্টৰ চিকাৰ হৈছে, তেওঁলোকক হেৰুওৱা ধন আদায় দিব লাগিব বেংকে। এইক্ষেত্রত মুখ্য ন্যায়াধীশ সূর্য কান্তে শুনানিকালত কৰা মন্তব্য আছিল এনেধৰণৰ- আমি এনে এটা নিৰ্দেশ জাৰি কৰাৰ প্ৰস্তাৱ কৰোঁ, ডিজিটেল এৰেষ্টৰ নামত সংঘটিত প্ৰতাৰণাৰ ঘটনাত ভুক্তভোগীক বেংকে ক্ষতিপূৰণ দিব লাগিব। সমান্তৰালভাৱে সম্মুখীন হ’ব লাগিব আইনী প্রক্ৰিয়াৰ। এয়া কাৰ্যকৰী কৰিবই লাগিব। উচ্চতম ন্যায়ালয়ৰ মতে, বেংকসমূহে যদি যথাযথ সতর্কতা অৱলম্বনত ব্যর্থ হোৱাৰ ফলত ডিজিটেল এৰেষ্ট বা অন্য কোনো চাইবাৰ প্ৰতাৰণাৰ ঘটনা ঘটে, তেন্তে ভুক্তভোগীসকলক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিয়া হ’ব পাৰে। লক্ষণীয়ভারে ডিজিটেল এৰেষ্টৰ পৰিণতিত ভুক্তভোগীৰ যিমান টকা প্ৰৱঞ্চক চক্রই লুটি নিয়ে, সিমান পৰিমাণৰ ধনৰাশি ক্ষতিপূৰণ হিচাপে বেংকক আদায় দিয়াৰ কথা কোৱা হৈছে। মুখ্য ন্যায়াধীশ সূর্য কান্তৰ উক্ত মন্তব্যৰ বিপৰীতে এটর্নী জেনেৰেল আৰ ভেংকটৰামণিয়ে এনেধৰণৰ দায়বদ্ধতা নিৰ্ধাৰণৰ বিৰোধিতা কৰে। তেওঁ যুক্তি দিয়ে যে বেংকৰ দায়বদ্ধতাৰ বিষয়টো ভাৰতীয় ৰিজার্ভ বেংকে নিৰ্ধাৰণ কৰা উচিত। অৱশ্যে ভুক্তভোগীক হেৰুওৱা ধন আদায় দিয়াৰ ক্ষেত্ৰত এটা চৰ্তৰ কথা উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে। সেয়া হ’ল- যদি বেংকৰ নজৰদাৰীৰ গাফিলতি প্রমাণিত হয়, তেতিয়াই এই ক্ষতিপূৰণ ভুক্তভোগীয়ে লাভ কৰিব। উল্লেখ্য যে তিনিজনীয়া খণ্ড বিচাৰপীঠখনৰ আন দুজন সদস্য আছিল ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহন। ন্যায়াধীশ জয়মাল্য বাগচীয়ে এটর্নী জেনেৰেল আৰ ভেংকটৰামণিৰ মন্তব্যৰ বিপৰীতে নিজৰ পৰ্যবেক্ষণ আগবঢ়াই কয় যে বিত্তীয় প্রতিষ্ঠানসমূহৰ ওপৰত কঠোৰ দায়বদ্ধতা আৰোপ কৰিব পৰা যায়। নিয়ন্ত্রক সংস্থা হিচাপে ভাৰতীয় ৰিজার্ভ বেংকে এই বিষয়ত উপযুক্ত নির্দেশনাৱলী প্ৰণয়ন কৰা উচিত। একে সময়তে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ প্ৰশ্ন- প্ৰতাৰণাৰ পৰিণতিত ভুক্তভোগীসকলে যেনেধৰণৰ ক্ষতিৰ সন্মুখীন হয়, তাৰ বাবে বেংকসমূহক কিয় জবাবদিহিতাৰ আওতালৈ অনা নহ’ব? বিশেষকৈ যেতিয়া বেংকসমূহে ঋণ আদায়ৰ ক্ষেত্ৰত কোটি কোটি টকাৰ ৱান টাইম ছেটলমেন্ট অর্থাৎ এককালীন নিষ্পত্তি কৰি থাকে। সর্বোচ্চ আদালতৰ মতে কোনো একাউন্ট হ’ল্ডাৰৰ স্বাভাৱিক লেনদেনৰ ধাৰাৰ সৈতে মিল নথকা যিকোনো অস্বাভাৱিক লেনদেন পৰীক্ষা নোহোৱা পর্যন্ত সাময়িকভাৱে স্থগিত ৰখা উচিত। এইক্ষেত্রত উচ্চতম ন্যায়ালয়ে কেতবোৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেয়া হ’ল- একাউন্ট হ’ল্ডাৰৰ স্বাভাৱিক লেনদেনৰ আচৰণৰ সৈতে মিল নথকা সন্দেহজনক লেনদেন চিনাক্ত কৰা। এনেধৰণৰ লেনদেনৰ বৈধতা পৰীক্ষা নকৰা পর্যন্ত সাময়িকভাৱে স্থগিত ৰখা। সংশ্লিষ্ট আৰক্ষী থানাত স্বয়ংক্রিয়ভাৱে অৱগত কৰা। লেনদেনৰ সত্যতা নিশ্চিত কৰিবলৈ ক্ষেত্ৰভিত্তিক পৰীক্ষা সম্পন্ন। বেংকৰ অৱহেলাৰ কাৰণে চাইবাৰ প্ৰতাৰণা ঘটিলে ভুক্তভোগীসকলক ক্ষতিপূৰণ আদায় দিয়াৰ এটা ব্যৱস্থা গঢ়ি তোলা। এনেধৰণৰ ক্ষতিপূৰণৰ কাঠামো বিবেচনাৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকক নির্দেশ দিয়া। কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা এটর্নী জেনেৰেল আৰ ভেংকটৰামণিয়ে প্ৰস্তাৱিত নির্দেশাবলী সন্দৰ্ভত এটা টোকা দাখিল কৰা বুলি উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা আজিৰ শুনানিকালতে উল্লেখ কৰা হয়। এমিকাছ কিউৰী এন এছ নাপ্পিনাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নিৰ্দেশাৱলী জাৰি কৰা সম্পৰ্কত ইতিবাচক মনোভাব প্রকাশ কৰিছে যদিও চূড়ান্ত সিদ্ধান্তৰ পূৰ্বে ভাৰতীয় ৰিজার্ভ বেংকৰ ‘কেৱাইচি সংশোধনী নির্দেশাৱলী-২০২৬’ উচ্চতম ন্যায়ালয়ে পর্যালোচনা কৰিব। খণ্ড বিচাৰপীঠখনে এই সংশোধনী নির্দেশাবলী ৩০ নৱেম্বৰৰ ভিতৰত জাৰি কৰি ডিচেম্বৰত কাৰ্যকৰী কৰাৰ আদেশ দিয়ে। শুনানিকালত বেংক আৰু অন্যান্য সংস্থাৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি খণ্ড বিচাৰপীঠখনে কয় যে সন্দেহজনক লেনদেন ঘটাৰ লগে লগে কিয় সেয়া বন্ধ কৰাৰ কাৰণে নিৰাপত্তা ব্যৱস্থা সক্রিয় নহয়? এই সন্দর্ভত এটর্নী জেনেৰেল আৰ ভেংকটৰামণিয়ে উচ্চতম ন্যায়ালয়ক জনায় যে ছমাহ পূৰ্বৰ তুলনাত বেংকসমূহ এতিয়া সন্দেহজনক লেনদেন চিনাক্ত কৰাৰ ক্ষেত্ৰত বহু বেছি সক্ষম। নিয়মাৱলী প্রস্তুত কৰিবলৈ ভাৰতীয় ৰিজার্ভ বেংকৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হৈছে। একে সময়তে সার্বক্ষণিক কাম কৰি থকা হৈছে ইণ্ডিয়াৰ চাইবাৰ ক্রাইম কো-অর্ডিনেচন চেণ্টাৰৰ সৈতে। ইয়াৰ বিপৰীতে মুখ্য ন্যায়াধীশ সূর্য কান্তৰ ভাষ্য- যিকোনো ঘটনা সংঘটিত হোৱাৰ পাছত কেৱল প্রতিবেদন প্রস্তুত কৰিলেই সমস্যাৰ সমাধান নহয়। একোখন প্রতিবেদন বহু সময়ত মৰণোত্তৰ পৰীক্ষাৰ দৰে। কিন্তু প্ৰতিৰোধৰ ক্ষেত্ৰত কি হ’ব? সন্দেহজনক লেনদেন ঘটাৰ মুহূৰ্ততে কিয় সেয়া বন্ধ কৰাটো সম্ভৱ হোৱা নাই? বেংকৰ কৰ্মচাৰীয়ে এনে প্ৰৱঞ্চনা-জালিয়াতিৰ সৈতে জড়িতৰ অভিযোগ উঠাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ আশ্চর্য প্রকাশ কৰি কয় যে যেতিয়া খোদ বেংক কৰ্মচাৰী এনে কাৰ্যৰ লগত জড়িতৰ অভিযোগ উঠে, তৎসত্ত্বেও কিয় কার্যকৰী পদক্ষেপ লোৱা হোৱা নাই? সমস্যা হ’ল, বেংকৰ কৰ্মচাৰীয়েই ইয়াৰ সৈতে জড়িত। এতিয়া আমি ব্যৱস্থা লোৱাৰ কথা কৈছোঁ, সেই সময়তো ভাৰতীয় ৰিজার্ভ বেংকে বেংকসমূহৰ সৈতে আলোচনাহে অব্যাহত ৰাখিছে। এই বিষয়টোত এটর্নী জেনেৰেল আৰ ভেংকটৰামণিয়ে স্থিতি স্পষ্ট কৰি দি কয় যে যিবোৰ ক্ষেত্ৰত বেংক কৰ্মচাৰীৰ সংপৃক্ততা প্রমাণিত হৈছে, তেনেবোৰ বিষয়ত গ্রহণ কৰা হৈছে যথাযথ পদক্ষেপ। সকলো বেংক কর্মচাৰীকে প্ৰৱঞ্চকৰ সহযোগী আখ্যা দিয়াটো উচিত নহ’ব। ভাৰতীয় ৰিজার্ভ বেংকে সংশ্লিষ্ট সকলো প্ৰক্ৰিয়াক দ্রুততৰ কৰাৰ কাম অব্যাহত ৰাখিছে। লক্ষণীয়ভাবে ডিজিটেল এৰেষ্টৰ দ্বাৰা দেশত চাইবাৰ অপৰাধৰ ঘটনা ক্রমশঃ বৃদ্ধি পোৱাত উচ্চতম ন্যায়ালয়ে গভীৰ বিস্ময় প্রকাশ কৰে। এই বিষয়ত সৰ্বসাধাৰণক উদ্দেশ্যি খণ্ড বিচাৰপীঠখনে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্য ন্যায়াধীশ সূর্য কান্তই কয় যে গণ মাধ্যমত ক্রমাগত প্ৰচাৰ আৰু সচেতনতামূলক কার্যসূচী চলাই থকা সত্ত্বেও মানুহে কিয় বর্তমানেও প্ৰৱঞ্চকৰ জালত ভৰি দি আছে? আমি বিস্মিত- মানুহে কিয় বুজি পোৱা নাই? ভুক্তভোগীসকলৰ সমস্যাটো আচলতে ক’ত? তেওঁলোক কি সাধাৰণ কাণ্ডজ্ঞানসম্পন্ন মানুহ নহয় নেকি? গণ মাধ্যমত প্রতিনিয়ত এইবোৰ বিষয়ক লৈ বাতৰি প্ৰকাশ পাই আছে। এখন গণতান্ত্রিক ৰাষ্ট্ৰত কেৱল এটি ফোনকলৰ দ্বাৰা গ্ৰেপ্তাৰ কৰাৰ কথাটো মানুহে কিদৰে বিশ্বাস কৰিব পাৰে? বৰং ম’বাইল ফোনটো দেৱালত দলিয়াই দিয়ক। গ্ৰেপ্তাৰৰ ভয় মুহূৰ্ততে উধাও হৈ যাব।  মুখ্য ন্যায়াধীশ সূর্য কান্তই শিক্ষিত লোকসকলেও এইধৰণৰ প্ৰতাৰণাৰ ফান্দত পৰাটো অত্যন্ত উদ্বেগজনক বুলি মন্তব্য কৰে। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় চৰকাৰে যোৱা ৩০ মার্চত উচ্চতম ন্যায়ালয়ত এক ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰিছিল। কিন্তু তাৰ পাছতো দেশত ক্রমবর্ধমান ৰূপত অব্যাহত আছে চাইবাৰ অপৰাধী চক্ৰই সংঘটিত কৰা ডিজিটেল এৰেষ্ট।