তিনিচুকীয়া গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তিনিচুকীয়া পৌৰসভাৰ উদ্যোগত আৰু পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্রায় ৮ কোটি টকাৰ পুঁজিৰে ৰূপায়ণ কৰিবলীয়া চাৰিটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্রকল্পৰ আভাসীয়ভারে শিলান্যাস কৰাৰ লগতে প্রায় ১.৫০ কোটি টকা ব্যয় সাপেক্ষে ‘সমগ্ৰ সেৱা’ নামৰ এক সংহত ডিজিটেল এপ্লিকেশ্যন ৰাইজৰ সেৱাত মুকলি কৰে। একে সময়তে চহৰখনৰ নলা-নর্দমা, পথ মেৰামতি আৰু উন্নয়নৰ বাবে ২০০ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই দীর্ঘদিন ধৰি উন্নত নগৰ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা অনুভৱ কৰি অহা তিনিচুকীয়াবাসীৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। চহৰখনৰ সৌন্দৰ্যবর্ধন, ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিকাশৰ লগতে নাগৰিকসকলৰ বাবে উন্নত ৰাজহুৱা সুবিধা গঢ়ি তোলাৰ দিশত এই পদক্ষেপসমূহে বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ ঐতিহ্য আৰু ৰাজহুৱা জীৱনৰ সৈতে জড়িত কেই বাটাও গুৰুত্বপূৰ্ণ স্থানৰ উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ বাবে পুঁজিৰ কথা ঘোষণা কৰি প্ৰকল্পসমূহৰ শিলান্যাস কৰে। ইয়াৰ ভিতৰত বৰগোধা পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ২ কোটি ৩৩ লাখ টকা, শ্বহীদ পিয়লি ফুকন খেলপথাৰৰ উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ বাবে ৪ কোটি ৫৪ লাখ টকা, বিষ্ণু ৰাভা উদ্যানৰ উন্নয়নৰ বাবে ৫৭.২৭ লাখ টকা আৰু মহাত্মা গান্ধী উদ্যানৰ সৌন্দর্যবর্ধনৰ বাবে ৪৫.৯০ লাখ টকা ধাৰ্য কৰা হৈছে। এই প্রকল্পসমূহ ৰূপায়ণৰ জৰিয়তে চহৰখনৰ ৰাজহুৱা স্থানসমূহ অধিক আকর্ষণীয় কৰি তোলাৰ লগতে নাগৰিকসকলৰ বাবে অৱসৰ বিনোদন আৰু ক্রীড়া চৰ্চাৰ উন্নত পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইফালে, তিনিচুকীয়া চহৰৰ অন্যতম গুৰুত্বপূর্ণ সমস্যা হিচাপে বিবেচিত নলা-নর্দমা ব্যৱস্থাৰ উন্নয়ন আৰু পথসমূহৰ মেৰামতিৰ বাবে ২০০ কোটি টকাৰ বৃহৎ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই পেকেজৰ জৰিয়তে চহৰখনৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে নলা-নর্দমা ব্যৱস্থাৰ আধুনিকীকৰণৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে। অৱশ্যে এই পেকেজৰ অধীনত কোনবোৰ কাম কেতিয়া সম্পূৰ্ণ কৰা হ’ব, সেই বিষয়ে পৰৱৰ্তী সময়ত স্পষ্ট ৰূপৰেখা প্ৰকাশ পোৱাটো গুৰুত্বপূৰ্ণ। কেৱল পথ আৰু নলা-নর্দমাৰ উন্নয়নতে সীমাবদ্ধনাথাকি প্রশাসনিক আৰু সাংস্কৃতিক আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰতো বিশেষ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তিনিচুকীয়া পৌৰসভাৰ এটা অনলাইন এছৰ কাৰণে ১.৫০ কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা কৰা হয়। এই পদক্ষেপ কার্যকৰী হ’লে বিভিন্ন চৰকাৰী বিভাগৰ সেৱা লাভৰ ক্ষেত্ৰত ৰাইজৰ সুবিধা বৃদ্ধিপোৱাৰ লগতে প্রশাসনিক কাম-কাজ অধিক সুচাৰুৰূপে সম্পন্ন কৰাৰ পথ প্রশস্ত হ’ব। আনহাতে, তিনিচুকীয়াত এক বৃহৎ সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ বাবেও ৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। প্রস্তাবিত সাংস্কৃতিক কেন্দ্ৰটোত একেলগে প্রায় ১,০০০ লোকে বহি সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা থাকিব। এই কেন্দ্ৰটোৱে ভবিষ্যতে চহৰখনৰ সাংস্কৃতিক আৰু সামাজিক কার্যকলাপৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে তিনিচুকীয়া জিলা আযুক্ত কার্যালয় চৌহদত সকলো বিভাগৰ কাৰ্যালয়ক একত্ৰিতভাৱে নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে। অনুষ্ঠানত ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত তেওঁ তিনিচুকীয়াবাসীক নিৰ্বাচনৰ পিছত চহৰখনলৈ আহি ইয়াৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰতিশ্রুতি দিছিল। সেই প্রতিশ্রুতি অনুসৰিয়েই তিনিচুকীয়াৰ উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ আন কেইবাখনো জিলাৰ তুলনাত তিনিচুকীয়া যেন কিছু ক্ষেত্ৰত পিছপৰি ৰৈছে বুলি তেওঁলোকে অনুভৱ কৰিছে। সেয়েহে চহৰখনক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ বাবে এতিয়া বিশেষভাৱে কাম কৰাৰ প্ৰয়োজন। এই উন্নয়নমূলক প্রকল্পসমূহে অঞ্চলটোত নিয়োগৰ নতুন সম্ভাৱনাও সৃষ্টি কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। তিনিচুকীয়াবাসীয়ে চৰকাৰক বহু সমর্থন আৰু সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ৰাইজৰ বাবে কাম কৰাৰ সময়। চহৰখনৰ সামগ্রিক উন্নয়ন সাধন কৰি ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য বুলিও তেওঁ বক্তব্যত প্রকাশ কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক পুলক গোহাঁই, সঞ্জয় কিষাণ, সুৰেন ফুকন, বলীন চেতিয়া, ৰূপেশ গোৱালা, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত সুমিত সাত্তাৱানকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
