সময়ে পৃষ্ঠা সলাবনে – ৰুমী কলিতা দত্ত

সময়ে পৃষ্ঠা সলাবনে

ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ডিব্ৰুগড়

ছেপ্তেম্বৰৰ নদীখনে আজিও
সোঁৱৰণিৰ ধল নমাই আনে
এটি অৰ্থপূৰ্ণ সুৰৰ উত্তৰাধিকাৰী হৈ
বতাহজাকে প্ৰতিটো কোণত গান গায়।
​যিজনে মাত্ৰ এটা পদূলিতেই নহয়
গোটেই অসমৰ বুকুত
সপোনবোৰ গুজি দিছিল,
যিজনে ভাগৰুৱা দিনবোৰকো
সুৰৰ মৰমেৰে সাবটি লৈছিল
তেওঁ জানো কেতিয়াবা হেৰাই যাব পাৰে?
​ব্ৰহ্মপুত্ৰৰ বুকুত যেনেকৈ
ঢৌবোৰ অনবৰতে জীয়াই থাকে
ঠিক তেনেকৈয়ে প্ৰতিটো সুৰৰ আল্পনাত
তেওঁৰ উপস্থিতি আজিও অনুভৱ হয়।
​জুবিন দা
সময়ে হয়তো পৃষ্ঠা সলাব
বসন্ত গৈ শৰৎ আহিব,
কিন্তু তোমাৰ উন্মোক্ত কণ্ঠৰ উশাহত
তোমাৰ শৈশৱ,কৈশোৰ আৰু যৌৱন
চিৰদিন-চিৰসেউজ হৈ ৰব।
​ছেপ্তেম্বৰৰ এই বিষাদো যেন
আপোনাৰেই এটি মধুৰ গীত,
যি গীতে আমাক নীৰৱে
ভাল পাবলৈ আৰু জীয়াই থাকিবলৈ শিকায়।