হাঁহি-কান্দোনৰ মায়াজাল – ভটিমা ৰাজবংশী

Pc Unsplash

হাঁহি-কান্দোনৰ মায়াজাল

 ভটিমা ৰাজবংশী,নলবাৰী

পিতৃ-মাতৃৰ চৰণত ধৰি
পৃথিৱীৰ মেলালৈ আহিলোঁ,
ৰং-বিৰঙৰ সমাহাৰ দেখি
মেলাৰ মায়াত পৰিলোঁ।
অনেক জনস্ৰোত দেখি
আনন্দত আত্মহাৰা হ’লোঁ,
আদমৰ বংশধৰ বুলি
হৃদয়ত শান্তি লভিলোঁ।
বিশাল আকাশ দেখি
ৰবি-পোহৰলৈ চালোঁ,
সমদৰ্শী আলোক দেখি
ভাৱত বিভোৰ হ’লোঁ।
প্ৰকৃতিৰ নিয়ম দেখি
নিজক সলনি কৰিলোঁ,
সুচল বাটে খোজ দি
উজুটি খাই পৰিলোঁ।
মেলাৰ মোহত পৰি
জীৱনৰ দিশ হেৰুৱালোঁ,
কোলাহলৰ মাজত থাকি
জ্ঞান-বুদ্ধি হেৰুৱালোঁ।
মা-দেউতাৰ হৃদয় দেখি
মানুহৰ সংগ ল’লোঁ,
মুখাপিন্ধা মানুহ দেখি
মনৰ ৰংবোৰ নুবুজিলোঁ।
অল্প সুখৰ বৰষুণ দেখি
যন্ত্ৰণাৰ পাহাৰ বগালোঁ,
হাঁহি-কান্দোনৰ ছলনা দেখি
মায়াৰ খেলক নুবুজিলোঁ।