অণুগল্প
কেতিয়াবা এনেকৈয়ে
প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী
” দাদা , অৰ্ডাৰটো অকণমান দেৰি হ’ব।”
” কিয়? মোৰ ভোক লাগিছে।”
” মানে দাদা —–মোৰ বাইকখনৰ চকা এটা পামচাৰ হৈছে।”
” অহহহ ! এতিয়া কি কৰিবা পিছে?”
” দাদা , মোৰ বন্ধু এজনৰ হাতত দি পঠাম ৰ’ব । পিছে দাদা এটা otp যাব, আপুনি দিব দেই।”
অনলাইন এপচত মছলাযুক্ত মাংস অৰ্দাৰ দিলোঁ। সেই সময়ত পেটৰ ভোক দুগুণে বাঢ়িছিল। ডেলিভাৰী বয়ৰ সেই অৱস্থা । ল’ৰাটোৱে কোৱাৰ বাবে অটিপিটো দিলোঁ। ‘আমো নাই, ফৰমুঠিও নাই। কিছুপৰৰ পিছত মোলৈ মেছেজ এটা আহিল —‘ আপোনাৰ অৰ্ডাৰটো ডেলিভাৰী দিয়া হ’ল।’
হে হৰি,” কালৰো কাল,কলিৰ কাল , ডেলিভাৰী বয়ে খালে মোৰ মাল। “
