এটি আশা – ৰূপালী গগৈ চুতীয়া

PC - The Janambhumi

এটি আশা

 ৰূপালী গগৈ চুতীয়া, ডিব্ৰুগড় 

একো নহলেও
এইবাৰ শৰততে আহিবা
বহু দিনৰ আশা
তুমি এদিন হলেও
মোৰ পদূলিৰ শেৱালি হৈ
ফুলি ৰবা,
মই তোমাৰ সুগন্ধিতেই
জীয়াই থকাৰ
 প্ৰেৰণা বিচাৰি পাম ।
পুৱাই দুবৰি আৰু কুৱলীৰ
আলিংগন চাই
হেঁপাহ পলুৱাই
তোমাৰ বুকুৰ কোমলতাবোৰ
অনুভৱ কৰি চাম
তুমি বিচাৰিলে
তোমাক আলফুলে সাৱটি লম
আলফুলে সাৱটি লম ।