জি এম চি এইচত উত্তৰ-পূবৰ প্ৰথমটো যকৃত সংৰোপণৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ চৰকাৰী চিকিৎসা খণ্ডত এক ঐতিহাসিক সফলতা অর্জনেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত (জি এম চি এইচ) প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন হ’ল যকৃত সংৰোপণ। ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ বাবে এয়া এক উল্লেখযোগ্য সাফল্য। কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথমবাৰৰ বাবে চৰকাৰী চিকিৎসালয়ত এনেদৰে সফলতাৰে যকৃত সংৰোপণ কৰা হৈছে। এই সন্দর্ভত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে জানিবলৈ দিয়া অনুসৰি, প্রায় ১৬ ঘণ্টা ধৰি চলা এই জটিল অস্ত্রোপচাৰৰ জৰিয়তে এগৰাকী ৰোগীৰ দেহত তেওঁৰ ভগ্নীৰ যকৃতৰ এটা অংশ সংৰোপণ কৰা হয়। গুৱাহাটীৰ বেহাৰবাৰীৰ ৪৮ বছৰীয়া ৰোগীগৰাকীক তেওঁৰ ৪০ বছৰীয়া ভগ্নীয়ে যকৃতৰ এটা অংশ দান কৰে। চৰকাৰী চিকিৎসা প্রতিষ্ঠানত এনে জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন হোৱাটোবে অসমৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। তেওঁ আৰু কয়, অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ডাক্তৰ ছেণ্ঠিল কুমাৰৰ নেতৃত্বতে এই অস্ত্ৰোপচাৰটো হৈছিল ৷ উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী ব্যৱস্থাৰ অধীনত কৰা এইটোৱেই প্ৰথম লিভাৰ ট্ৰান্সপ্লাণ্ট । ইয়াৰ লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখন এতিয়া ভাৰতৰ অন্যতম নিৰ্বাচিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত পৰিণত হৈছে, য’ত যকৃত সংৰোপণৰ দৰে জটিল পদ্ধতি সম্পন্ন কৰা হৈছে । এই জটিল চিকিৎসা প্রক্রিয়াত হৃদযন্ত্র, বক্ষ আৰু ৰক্তবাহী নলীৰ অস্ত্রোপচাৰ বিভাগ, অচেতনকাৰী চিকিৎসা বিভাগ আৰু হস্তক্ষেপমূলক ৰঞ্জন ৰশ্মি বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলেও সহযোগিতা আগবঢ়ায়। চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্য কর্মীৰ সমন্বিত প্রচেষ্টাৰ ফলতে এই সফলতা সম্ভৱ হৈ উঠে। ইফালে জিএমচিএইচত সফলতাৰে সম্পন্ন হোৱা যকৃত সংৰোপণৰ এই অস্ত্রোপচাৰক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লিখিছে- অসমত দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰাজহুৱা খণ্ডৰ স্বাস্থ্যসেৱা গঢ়ি তোলাৰ দিশত আমি আগবাঢ়িছোঁ আৰু আজি এই যাত্ৰাত আমি আন এক মাইলৰ খুঁটি অতিক্ৰম কৰিবলৈ সক্ষম হ’লোঁ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে অসমত প্ৰথমবাৰৰ বাবে এখন চৰকাৰী চিকিৎসালয়ত যকৃত সংৰোপণৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। ১৬ ঘণ্টীয়া এই অস্ত্ৰোপচাৰত ৪৮ বছৰীয়া এজন ব্যক্তিৰ শৰীৰত তেখেতৰ কনিষ্ঠা ভগ্নীয়ে প্ৰদান কৰা যকৃত সংৰোপণ কৰা হয়। ভগ্নীগৰাকীৰ সাহস আৰু ত্যাগে তেখেতৰ ককায়েকক জীৱনৰ এক নতুন সুযোগ প্ৰদান কৰিলে। এই সফলতাৰ বাবে সমগ্ৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলটোক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। দাতা আৰু গ্ৰহণকাৰী-দুয়োগৰাকী বৰ্তমান আই চি ইউত চিকিৎসকৰ নিবিড় তত্ত্বাৱধানত আছে আৰু ক্ৰমাৎ সুস্থ হোৱাৰ দিশে আগবাঢ়িছে। ২০২৫ চনত যকৃত সংৰোপণ কাৰ্যসূচী আৰম্ভ কৰাৰ সময়তে আমি এক স্পষ্ট সিদ্ধান্ত লৈছিলোঁ-জীৱনদায়ী জটিল চিকিৎসা সেৱা অসমৰ মাটিতেই, আমাৰ চৰকাৰী চিকিৎসালয়সমূহত, প্ৰতিগৰাকী নাগৰিকৰ বাবে উপলব্ধ হ’ব লাগিব। আজি সেই সিদ্ধান্তই বাস্তৱ সফলতাৰ ৰূপ লৈছে। এয়া আৰম্ভণিহে। আমি ৰাজ্যজুৰি কৰ্কট ৰোগীয় চিকিৎসাৰ এক বিস্তৃত নেটৱৰ্ক গঢ়ি তুলিছোঁ, জি এম চি এইচত অস্থিমজ্জা সংৰোপণৰ সুবিধা উপলব্ধ কৰিছোঁ আৰু অতি সোনকালে গুৱাহাটীত ৰাজহুৱা খণ্ডৰ অধীনত ভাৰতৰ প্ৰথমটো প্ৰ’টন বিম থেৰাপী ইউনিট স্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ লক্ষ্য স্পষ্ট-অসমক পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলা। চিকিৎসাৰ বাবে অসমৰ ৰোগীয়ে যাতে আৰু অসমৰ বাহিৰলৈ যাবলগীয়া নহয়, বৰঞ্চ উন্নত চিকিৎসাৰ সন্ধানত দেশৰ আন প্ৰান্তৰ পৰাও ৰোগী অসমলৈ আহে, সেয়াই আমাৰ সংকল্প।
