যশস্বী গায়িকা ঊষা মংগেশকাৰলৈ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা

যশস্বী গায়িকা ঊষা মংগেশকাৰলৈ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সন্মানার্থে বাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে প্রদান কৰিব লগীয়া ‘ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বঁটা’ৰ বাবে বাছনি কৰা হৈছে বিশিষ্ট সংগীত শিল্পী উষা মংগেশকাৰক। নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া এক বর্ণাঢ্য অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁক এই বঁটা প্রদান কৰিব। শিল্পী ড° ভূপেন হাজৰিকাৰ সন্মানার্থে কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰে।  লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হ’ব লগা সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সামৰণী অনুষ্ঠানত প্ৰদান কৰিব লগা এই বঁটা প্রদান কার্যসূচীত বিশেষ অতিথি ৰূপে উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা সন্দৰ্ভত সবিশেষ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- এই ৰাষ্ট্ৰীয় বঁটাত এখন স্মাৰকৰ লগতে নগদ ১০ লাখ টকা প্রদান কৰা হ’ব। আনহাতে প্রতি তিনি বছৰৰ অন্তৰে অন্তৰে এই বঁটা প্ৰদানৰ বাবে ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। সুধাকণ্ঠৰ নামত প্ৰৱৰ্তন কৰা এই ৰাষ্ট্ৰীয় বঁটাই দেশৰ সাংস্কৃতিক ক্ষেত্রখনত এক নতুন দিগন্তৰ সূচনা কৰিব। অহা ২৯ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা বঁটা প্রদান অনুষ্ঠানত প্রধানমন্ত্রী মোদীৰ লগতে বহুকেইজন সাংসদ, কেইবখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। দুঘণ্টাজোৰা এই অনুষ্ঠানতেই সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ আৰু ‘উই আৰ অন দ্য ছেম বোট ব্ৰাডাৰ’ শীর্ষক গীত দুটি ১০০১ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব। গাম্ভীর্যপূর্ণ এই অনুষ্ঠানটো সফলভাৱে ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰক সহযোগ কৰিব কেইবাটাও বেচৰকাৰী সংস্থাই। আনহাতে আজি ৰাজ্যিক কেবিনেটে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ নগদ ধনৰ পৰিমাণ ১৫ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে আজি ২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাও ঘোষণা কৰে। সেই অনুসৰি ২০২৫ বৰ্ষৰ অসম বৈভৱ বঁটাৰ বাবে মনোনীত কৰা হৈছে বিশিষ্ট চকু চিকিৎসক তথা শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক তথা সভাপতি ডাঃ হর্ষ ভট্টচার্যলে। আনহাতে অসম সৌৰভ বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত কৰা হৈছে বিশিষ্ট পশু চিকিৎসক, পদ্মশ্রী ডাঃ কুশল কোঁৱৰ শর্মা, পদ্মশ্রী নুরুদ্দিন আহমেদ (কলা নির্দেশক), বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু হাড়গিলা সংৰক্ষণৰ সৈতে জড়িত ড° পূর্ণিমা দেৱী বৰ্মনক। ইফালে, অসম গৌৰৱ বঁটাৰ বাবে এইবাৰ মনোনীত কৰা হৈছে দেবীপ্রসাদ বাগ্রোদিয়া (সমাজকর্মী), হলিচৰণ নাৰ্জাৰী (ফুটবল খেলুৱৈ), চিমু দাস (ক্রিকেট তাৰকা), হৰকান্ত বসুমতাৰী (তৈল খেজুৰ খেতিয়ক), ধনজিৎ তালুকদাৰ (সাঁচিপাত সংৰক্ষণ কৰ্মী), নিবেদিতা য়েইন (খাদ্য আৰু পৰ্যটন উদ্যোগী), মায়ংক চক্রবর্তী (দবা খেলুৱৈ), জিতেন চাৰাংফাংচা (আদা খেতিয়ক), তনুমায়া সোণাৰ বিশ্বকর্মা (দুগ্ধ পালন), দীকপাল লাহন (ভ্রমণ আৰু পৰ্যটন)ৰ লগতে দুটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠান ক্রমে সোণাপুৰৰ কলং-কপিলী আৰু এফপিঅ’ গোলাঘাটৰ পদুমপথাৰ এগ্ন’ অ’ৰ্গেনিক প্রডিউচাৰ কোম্পানীক। মুখ্যমন্ত্রীয়ে আজি ইয়াকো উল্লেখ কৰে যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। আনহাতে এই বছৰৰ ভিতৰতেই ২০২৬ চনত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাও ঘোষণা কৰা হ’ব। এই বঁটাৰ বাবে ইতিমধ্যে গ্রহণ কৰা উপ-মন্ত্রী গোটে মনোনীত প্রক্রিয়া অব্যাহত ৰাখিছে। উল্লেখ্য যে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে মন্ত্রী ডাঃ ৰণোজ পেণ্ড, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত আৰু অজন্তা নেওগক লৈ গঠন কৰা হৈছে উপ-সমিতি।