ডিব্ৰুগড়ৰ চিৰিংচাপৰিত “শাৰদী  সন্ধিয়া”ত দুৰ্গাপূজাৰ গীত উন্মোচন 

ডিব্ৰুগড়ৰ চিৰিংচাপৰিত “শাৰদী  সন্ধিয়া”ত দুৰ্গাপূজাৰ গীত উন্মোচন 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ‘ সুৰ মন্দিৰ’ৰ প্ৰাঙ্গণত  সুমধুৰ গীতমাতেৰে “শাৰদী সন্ধিয়া” উদযাপন কৰা যায় । অনুষ্ঠানত “উদুলি মুদুলি” শীৰ্ষক দুৰ্গা পূজাৰ গীত এটি উন্মোচন কৰা হয় । ৰঞ্জিতা বৰদলৈৰ কথা আৰু প্ৰশান্ত বৰদলৈয়ে সুৰাৰোপিত কৰা  গীতটিত কণ্ঠদান কৰিছে  অৰ্পণা অন্বেষা, পুষ্পাঞ্জলি শৰ্মা(ৰিংকি) আৰু প্ৰশান্ত বৰদলৈয়ে । গীতৰ সংগীত সুৰজিত বৰুৱাৰ (ববী)। গীতটি উন্মোচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত প্রাধ্যাপক ডঃ শৰৎ শৰ্মাই ‌ কয় যে শ্ৰী শ্ৰী দুৰ্গামাৰ বন্দনাৰে আৰম্ভণি কৰি বিজয়া দশমীত দুৰ্গা মাৰ বিদায়ৰ শোকাকূল নিস্তব্ধ সন্ধিয়ালৈকে গীতটিৰ বৰ্ণনা অপূৰ্ব ভাৱে হৈছে । কণ্ঠশিল্পী তিনিগৰাকীয়ে সুমধুৰ কণ্ঠ নিগৰাই গীতটি মনপৰশা কৰি তুলিছে । অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ বিশিষ্ট তবলাবাদক তথা অভিযন্তা ৰক্তিম দত্তৰ  লগতে অভিযন্তা তথা জ্ঞান দায়িনী মন্দিৰৰ সচিব প্ৰশান্ত শৰ্মাইও তেওঁলোকৰ অনুভৱক সুন্দৰকৈ ব্যক্ত কৰে । সুৰ মন্দিৰ’ৰ হৈ আৰম্ভণিতে ৰঞ্জিতা বৰদলৈয়ে ‘শাৰদী সন্ধিয়া’লৈ সকলোকে আদৰণি জনাই ধন্যবাদ সূচক মন্তব্য আগবঢ়ায় । “শাৰদী কোমল জোনাক মায়াৰে”- গীতটিৰ সুৰ সমলয়েৰে আৰম্ভ কৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে সংগীতশিল্পী ক্ৰমে দেবজিত গগৈ (মইনা),পদুম গোহাঁই, দেবজিত গগৈ (গীটাৰ) আৰু চান্তু কাকতিয়ে।লগতে  অনুষ্ঠানটিত বাদ্যযন্ত্ৰত সহযোগ কৰে সংগীত শিল্পী স্বাক্ষৰ শৰ্মা , ৰক্তিম দত্ত ,বকুল দাস ,শান্তনু বৰঠাকুৰ আৰু পলাশ কাঞ্চনে । বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈৰ বক্তব্যৰ লগতে দৰ্শকৰ অনুৰোধত দুটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । সাংস্কৃতিক কৰ্মী আৰু সুৰ মন্দিৰৰ অন্যতম সমন্বয়ক মনোজ কুমাৰ বৰুৱাই আঁত ধৰা ‘শাৰদী সন্ধিয়া’ৰ অন্যতম আকৰ্ষণ আছিল অনাতাঁৰ কণ্ঠশিল্পী জুপিতৰা বৰঠাকুৰ, দোলেন দত্ত, অৰ্পণা অম্বেষা, সম্ভাবী শৰ্মা লগতে পুষ্পাঞ্জলি শৰ্মা ( ৰিংকি ) আৰু সমীৰণ শৰ্মা ।