নিয়ৰৰে ফুল
শৰ্মিষ্ঠা দেৱী,নগাঁও
কণ কণ নিয়ৰ পৰিছে । জোপোহা গছজোপাত পৰি ৰোৱা মুকুতাহেন নিয়ৰৰ টোপালটো চুই চালো । এক মিঠা আমেজে স্পৰ্শ কৰা অনুভৱী মনটোৱে আলফুলে তুলি ধৰিলে শেৱালি ফুল বুটলা দিনৰ সোণালী ছবিখন । কোমল বতাহজাকত উৰি অহা চিনাকী গোন্ধটোৱে ক’লেহি — শৰৎ আহিছে ।
” শৰৎ আহিলে
সৰিব শেৱালি,
দূৰ্গোৎসৱৰ হ’ব আয়োজন ।
শুভ্ৰ নিয়ৰকণাই
দূবৰিত দলিছা পাতি
মহামায়াক কৰে আমণ্ত্ৰণ ।”
প্ৰাচুৰ্যৰে পূৰ্ণ শৰতৰ লগত শুভ্ৰ শেৱালি, নিয়ৰ আৰু দূবৰিৰ অনন্ত কালৰ সম্পৰ্ক । স্নিগ্ধ জোনাকত বছৰৰ শ্ৰেষ্ঠ ঋতু শৰতৰ অপূৰ্ব ৰূপ – সৌন্দৰ্যই প্ৰতিজন অনুভূতিপ্ৰৱণ মানুহৰ মনত মিঠা মাদকতাৰ জোৱাৰ আনে । টোপ টোপ নিয়ৰৰ টোপাল, তলসৰা শেৱালিৰ সৈতে শৰতে সিচিঁ দিয়েহি মায়াময় সৌন্দৰ্যৰ আবিৰ । নিয়ৰৰ শীতল স্পৰ্শই দূবৰিবনত সৰি পৰা শেৱালিৰ ৰূপ দূগুণে চৰায় ।
হৃদয়লৈ অনাবিল আনন্দ আৰু আশাৰ নতুন পোহৰ কঢ়িয়াই অনা ঋতুৱেই হ’ল শৰৎ । শৰৎ মানেই উৎসৱৰ বৰ্ণিল মেলা আৰু সৌন্দৰ্যৰ বাগিছা । এই ঋতুত অনুভূত সুখৰ আমেজ হৃদয়ত আবেগেৰে জীপাল কৰি ৰাখিব পাৰি মাথোন ।
বিনন্দীয়া শৰতৰ এটি মিঠা উপহাৰ – শেৱালি । শেৱালিৰ উপস্হিতিত শৰতৰ ৰূপ সুকোমল পবিত্ৰতাৰে ভৰি পৰে । শাৰদী বতৰত শেৱালিয়ে আমাৰ মনত এক নষ্টালজিয়া ৰূপত ধৰা দিয়ে । পুৱা সুৰুযৰ কোমল পৰশত তিৰবিৰাই থকা শেৱালি পাহিয়ে মনত পেলাই দিয়ে কুঁকি ভৰাই শেৱালি ফুল বুটলা শৈশৱৰ কথা ।
শেৱালি এক বৈশিষ্ট্যপূৰ্ণ ফুল । হিন্দু শাস্ত্ৰমতে, মাটিত পৰা ফুলৰ পূজাত স্হান নাই । কিন্তু আহিন মাহত নিশা তলভৰি সৰা শেৱালি দেৱী পূজাত লাগে ।
স্ফটিক নিয়ৰৰ কণাই ৰহণ সনা শেৱালিয়ে কবিৰ মনাকাশত গোপনে দলিছা পাতে —
“‘আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন ।
জোনাকত ওপঙিল কিহবাৰে ৰাগী
কেনেবা কৰিলে মন ।।”
প্ৰতিটো শাৰদী পুৱাত নিয়ৰসিক্ত দুবৰিত শুভ্ৰ শেৱালিৰ উপস্হিতিয়ে প্ৰতিখন অনুভৱী হিয়াক নামহীন উত্তেজনাত বুৰাই পেলায় । পুৱাৰ এই মায়াময় পৰিবেশে যেন নিকা কৰি থৈ যায় সমগ্ৰ পৃথিৱী । যাদুকৰী শৰতৰ সৌৰভে চাৰিওদিশ আমোলমোলাই যোৱাৰ পৰতে আৰম্ভ হয় দেৱী দূৰ্গাৰ পূজাৰ আয়োজন । পৃথিৱীৰপৰা দুখ– দুৰ্দশা, অপায়– অমংগল দূৰ কৰি শান্তিময় পৃথিৱীৰ কামনা কৰি সকলোৱে দেৱী দূৰ্গাক পূজা কৰে, সভক্তিৰে অঞ্জলি যাঁচি আশীৰ্বাদ বিচাৰে। ধূপ– ধূনাৰ সুবাসেৰে মুখৰিত শাৰদোৎসৱত ভাঁহি আহে মন্ত্ৰোচ্চাৰণৰ ধ্বনি —-
“সৰ্বমংগল মাংগল্যে শিৱে সৰ্বাৰ্থসাধিকে ।
শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তোতে ।।”
