বিৰহৰ আচল আৰু এটি সপোন – শচীন্দ্ৰ কুমাৰ দাস

Pc Amazon.in

বিৰহৰ আচল আৰু এটি সপোন

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

শৰতৰ শেৱালিৰ নিয়ৰে
ভিজা উন্মাদৰ টোপাল হৈ,
হৃদয়ৰ বননিত
কিবা ভাবি থমকি ৰৈছে।

প্ৰেমাস্পদৰ তীব্ৰ অনুভৱৰ
জোৱাৰে উটুৱাই,
মোৰ মন পদূলিত আকৌ
তোমাৰ ভাৱনাৰ বৰষুণত—
ভিজিব খুজি, উভতিব খুজিছে।

ব্যৰ্থতাত মনে চিৎকাৰ কৰি,
সপোনবোৰ মিছা বুলি,
প্ৰতিশ্ৰুতিবোৰ পাহৰাৰ
অভিনয় কৰি—
বিৰহৰ আচলত নিজকে
অৰ্পণ কৰিছে।

কিজানিবা‌ শৰতে আকৌ
হি‌য়া ভাঙে!