‘উন্নত ভাৰত সংকল্প সভা’ সম্বোধন প্রধানমন্ত্রী মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰৰ মুৰব্বী হিচাপে ধাৰাবাহিকভাৱে ২৫ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ উপলক্ষত নতুন লক্ষ্য নির্ধাৰণ কৰিছে প্রধানমন্ত্রী মোদীয়ে। এই উপলক্ষে দিল্লীত আয়োজিত এটা অনুষ্ঠানত বক্তব্য আগবঢ়াই আগন্তুক দিনৰ ভাৰতৰ লক্ষ্য নির্ধাৰণ কৰি দিলে প্রধানমন্ত্রীয়ে। এই সন্দৰ্ভত তেওঁ জনায়- ‘২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত ৰাষ্ট্ৰত পৰিণত হ’ব। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত আমি উপনীত হ’মেই।’ আত্মবিশ্বাসৰ সৈতে তেওঁ শ্লোগান দিয়ে ‘উই উইল ডু ইট।’ অর্থাৎ ‘আমি সেয়া কৰি দেখুৱামেই।’ তেওঁৰ ভাষণত প্রকট হয় বিকশিত ভাৰত, মহাকাশ গৱেষণা, প্ৰতিৰক্ষা আৰু মেনুফেকচাৰিং ক্ষেত্ৰসমূহ। বুধবাৰে ‘উন্নত ভাৰত সংকল্প সভা’ত বক্তব্য প্রদান কৰিবলৈ গৈ প্রধানমন্ত্রী মোদীয়ে কয়-‘২০০১ চনৰ ৭ অক্টোবৰত আমি যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিছিলোঁ, তেতিয়া কল্পনাও কৰা নাছিলোঁ যে এদিন প্রধানমন্ত্রী হ’ম। কিন্তু একেৰাহে ২৫ বছৰ ধৰি চৰকাৰৰ মুৰব্বী হিচাপে এই মাইলৰ খুঁটি স্পৰ্শ কৰিলোঁ। দেশৰ মানুহৰ ভাল পোৱাৰ বাবেই ই সফল হ’ব পাৰিছে। দেশবাসীৰ প্ৰতি আমি কৃতজ্ঞ।’ প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়-‘আমাৰ জীৱনত কোনো ঘটনাই অথলে যোৱা নাই। যিসকলে আমাক জিকাইছে, তেওঁলোকৰ পৰা বিনয়ী হৈ শিকিছোঁ। যিসকলে হৰৱাইছে, তেওঁলোকৰ পৰা পুনৰ থিয় হ’বলৈ শিকিছোঁ। শুভাকাংক্ষীসকলে উৎসাহিত কৰিছে আৰু সমালোচকসকলে আত্মসমালোচনাৰ সুযোগ দিছে। প্রতিটো সংকটত ধৈৰ্যৰ পৰীক্ষা দিছোঁ। প্রতিটো সাফল্যই দায়িত্ব বঢ়াইছে আৰু বৃহৎ লক্ষ্যৰে আগুৱাই যোৱাৰ সাহস যোগাইছে।’
