বিজেপিৰ সেৱাজ্যোতি কলহ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

বিজেপিৰ সেৱাজ্যোতি কলহ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসন আৰু জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত ‘সেৱা জ্যোতি কলহ যাত্ৰা’ আৰম্ভ হৈছে। ইয়াৰে অংশ হিচাপে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত মুখ্য কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি এই যাত্ৰাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।  উল্লেখ্য যে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ নিৰৱচ্ছিন্ন সেৱাৰ ২৫ বছৰপূর্তি উপলক্ষে ৰাজ্যিক বিজেপিৰ উদ্যোগত আজি খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলামন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত মুখ্যমন্ত্রী ড° শর্মাই কয়-২০০১ চনৰ আজিৰ এই দিনটোতে গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপতগ্রহণ কৰিছিল। সেই সময়ত গুজৰাটৰ ভুজত হোৱা ভূমিকম্পৰ বাবে ৰাজ্যখন ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিল আৰু বিজেপিৰ নেতৃত্বই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে ব্যস্ত থকা নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্রী হিচাপে গুজৰাটলৈ পঠিয়াবলৈ সিদ্ধান্ত লৈছিল। সংকটকালত গুজৰাটক আগুৱাই নিয়াৰ দায়িত্ব মোদীৰ ওপৰত অৰ্পণ কৰা হৈছিল। ২০০১ চনৰ পৰা ২০১৪ চনলৈকে নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰি দেশৰ ভিতৰতে গুজৰাটক এখন সর্বশ্রেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰে। গুজৰাট মডেল ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ সমাদৃত হয় আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা বিনিয়োগ গুজৰাটলৈ আহিবলৈ আৰম্ভ কৰে। কেন্দ্রত অধিষ্ঠিত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ সম্পূর্ণ অসহযোগিতাৰ পাছতো নৰেন্দ্ৰ মোদীয়ে নিজৰ সামৰ্থ্যৰে ৰাজ্যখনক আগুৱাই লৈ যায়। দেশৰ প্ৰতিখন ৰাজ্যৰ জনতাই গুজৰাটৰ উন্নয়নৰ আৰ্হি গ্ৰহণ কৰিবলৈ নিজ ৰাজ্যৰ চৰকাৰক আহ্বান জনোৱাৰ পৰিৱেশ সৃষ্টি হয়। বিজেপিয়ে সেই সময়ত সিদ্ধান্ত গ্রহণ কৰে যে গুজৰাটৰ পৰা নৰেন্দ্ৰ মোদীক দেশৰ দায়িত্ব দিয়াৰ সময় হ’ল। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰে। বিজেপি মিত্রজোট নির্বাচনত জয়ী হোৱাত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হয়। মুখ্যমন্ত্রী ড° শর্মাই কয়- আজিৰ দিনটোত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই ২৫টা বছৰত আমাৰ দেশলৈ অকল্পনীয় পৰিৱৰ্তন আহিল। এসময়ত পাকিস্তানৰ সন্ত্রাসবাদীয়ে আমাৰ দেশৰ ভিতৰত সোমাই আমাক আক্রমণ কৰিছিল। এটা সময় আছিল যেতিয়া আমাৰ দেশৰ সংসদ ভৱনতো পাকিস্তানৰ সন্ত্রাসবাদীয়ে আক্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ পৰিৱৰ্তন কৰিলে আৰু এতিয়া পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্রাসবাদীয়ে ভাৰতত যদি আক্রম আক্রমণ সংঘটিত কৰে, আমাৰ দেশৰ সেনাই পাকিস্তানৰ ভিতৰত বোমা পেলোৱাৰ শক্তি আৰু সামর্থ্য অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে দেশৰ পৰা সন্ত্রাসবাদে বিদায় ল’লে। দেশৰ চাৰিওফালে বিকাশৰ এক নতুন কর্মযজ্ঞ আৰম্ভ হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশৰ কৰ্মযজ্ঞৰ আটাইতকৈ সুস্পষ্ট প্ৰভাৱ পৰা প্ৰদেশখন অসম। ২০১৬ চনত যেতিয়া প্ৰথমবাৰৰ বাবে অসমত বিজেপি চৰকাৰ হৈছিল, তেতিয়া প্রধানমন্ত্রী মোদীয়ে এ ফৰ আছাম বুলি কৈছিল। তেতিয়া কোনেও ইয়াৰ অৰ্থ বুজি পোৱা নাছিল। কিন্তু আজি অসমৰ চাৰিওফালে হোৱা প্ৰগতি আৰু বিকাশে নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদ্বাণী প্রতীয়মান কৰিলে। নৰেন্দ্ৰ মোদীৰ উদ্যোগৰ বাবেই অসমত প্ৰস্তাৱিত নুমলীগড়-গহপুৰ সংযোগী টানেল, বগীবিলৰ দলং, ধলা-শদিয়াৰ দলং, মাজুলী-যোৰহাট সংযোগী নির্মীয়মাণ দলং, কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং, কুমাৰ ভাস্কৰ বৰ্মা সেতু, ধুবুৰী-ফুলবাৰী দলং সম্ভৱ হৈছে। অসমৰ প্ৰতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিড’ৰ, জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প, এইমছ গুৱাহাটী, অসমৰ এশ শতাংশ ব্ৰডগজ ৰে’লৰ বিদ্যুতীকৰণকে ধৰি অসমত অব্যাহত থকা ৰূপান্তৰৰ যজ্ঞ নৰেন্দ্ৰ মোদীৰ বাবেই সম্ভৱ হৈছে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- এসময়ত অশান্ত উত্তৰ-পূবক প্রধানমন্ত্রী মোদীয়ে শান্তিৰ দ্বীপলৈ ৰূপান্তৰ কৰিলে। কেন্দ্ৰত একেৰাহে তিনিবাৰ বিজেপি চৰকাৰ গঠন, অসমকে ধৰি গুজৰাট, উত্তৰ প্ৰদেশ আদি প্ৰায়বোৰ ৰাজ্যতে বাৰে বাৰে বিজেপি চৰকাৰ গঠন, দেশৰ ৭৫ শতাংশ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত বিজেপিৰ দখল, পৌৰ নিকায়ত বিজেপিৰ আধিপত্য আদি সকলো নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বাবেই সম্ভৱ হৈছে। আনহাতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিল, তিনি তালাকৰ বিলুপ্তিকে ধৰি বিজেপি আৰু জনসংঘৰ সকলো গোট আদৰ্শগত ৰাজনৈতিক আকাংক্ষা পূৰণ হ’ল। ক’ভিড কালত নৰেন্দ্ৰ মোদীয়ে দেশক প্রদান কৰা সবল নেতৃত্বৰ কথাও আজি মুখ্যমন্ত্রী ড° শৰ্মাই শ্ৰদ্ধাৰে স্মৰণ কৰে। আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক অনুপ বৰ্মন, বিধায়ক দিপ্লুৰঞ্জন শর্মা, প্রদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, ড° তপন দাসৰ লগতে বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতা উপস্থিত থাকে।