শৰতৰ কবিতা – গকুল চৌধুৰী 

Pc Unsplash

শৰতৰ কবিতা 

গকুল চৌধুৰী 
হাকামা ,ধুবুৰী
আহিন মাহ আহিলে আহে
এই ঋতু
এই ঋতু আহিলে প্ৰকৃতি হয়
সেউজীয়া মাথোঁ সেউজীয়া ৷
এই ঋতু মহামিলনৰ ঋতু
এই ঋতু এজাক ৰ’দ , স্নিগ্ধ
জোনাক, শস্য সম্ভৱা পথাৰ
নিৰ্মল বতাহ , দূৱৰি বনত
নিয়ৰ কণা , খৰিকাজাঁই
হাচনাহানাৰ সুবাস – সুগন্ধি
কহুঁৱা বন কিম্বা শুকুলা
মেঘৰ কতকথা ৷
এই ঋতু প্ৰেমৰ ঋতু
এই ঋতু শৰৎ আৰু শেৱালিৰ
যুগমীয়া প্ৰেমগাঁথা ।