শিশু সকলৰ বাবে মাটি আখৰাৰ শিক্ষা আৰু ইয়াৰ অন্তনিৰ্হিত তাৎপৰ্য – নিবেদিতা হাজৰিকা

Pc Sahapedia

শিশু সকলৰ বাবে মাটি আখৰাৰ শিক্ষা আৰু ইয়াৰ অন্তনিৰ্হিত  তাৎপৰ্য

নিবেদিতা হাজৰিকা,লখিমপুৰ

সত্ৰীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হ’ল মাটি আখৰা।নৃত্য শিকাৰু এজনক নৃত্যৰ বাবে প্ৰস্তুত কৰি তোলাৰ  প্ৰথম সোপান এই মাটি আখৰা।বিভিন্ন প্ৰকাৰৰ সত্ৰীয়া নৃত্যৰ ভিতৰত মাটি আখৰা অন্যতম।মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি মাটি আখৰা । মাটিক অৱলম্বন কৰি কৰাৰ বাবে এই আখৰা নৃত্যক   মাটি আখৰা বুলি কোৱা হয়। সত্ৰীয়া নৃত্যৰ বাবে শৰীৰ সাধনা আৰু হস্ত সাধনাৰ বাবেই মূলত:  মাটি আখৰা কৰা হয়। ই এক মৌলিক ব্যায়াম,যিয়ে সাধনাৰ দ্বাৰা নৃত্যৰ বাবে শৰীৰক উপযুক্ত কৰি তোলাৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰে।এই অনুশীলন সত্ৰীয়া নৃত্যৰ নিখুঁত পৰিৱেশনৰ বাবে অপৰিহাৰ্য হোৱাৰ লগতে নৃত্যৰ বিভিন্ন ভংগী  সমূহ শুদ্ধভাৱে কৰাৰ ক্ষেত্ৰতো ই বিশেষ সহায়ক। শৰীৰ তথা মনৰ জড়তা দূৰ কৰাত মাটি আখৰা অন্যতম।এই আখৰা বা প্ৰশিক্ষণে শৰীৰক মাটিৰ লগত জড়িত কৰে,য’ত আধ্যাত্মিক গুৰুৰ ধাৰণাৰ দ্বাৰা শৰীৰ আৰু আত্মাৰ মাজত একাত্মতা স্থাপন হয়।মাটি আখৰা  অবিহনে এজন নৃত্য শিল্পীৰ সত্ৰীয়া নৃত্যৰ বাবে শৰীৰটো উপযুক্ত হৈ নুঠে আৰু শৰীৰৰ শিথিলতা দূৰ নহয়।সেয়েহে, সত্ৰীয়া নৃত্য শিক্ষাৰ বাবে মাটি আখৰাৰ শিক্ষা গ্ৰহণ কৰাটো অতিশয় দৰকাৰী।সত্ৰীয়া নৃত্যৰ ক্ষুদ্ৰাংশ বা মৌলিক অংশই হ’ল মাটি আখৰা, যিবোৰ যোৰা লগাই পূৰ্ণাংগ নৃত্য পৰিৱেশন কৰা হয়।

মন আৰু আত্মাৰ মাজত সংযোগ কাৰীৰ ভূমিকা পালন কৰা মাটি আখৰা শিশু সকলৰ বাবে বহু দিশৰ পৰা উপকাৰী।শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা মাটি আখৰাৰ শিক্ষা শিশুৰ বাবে পাঠ্যপুথি কেন্দ্ৰিক শিক্ষাৰ সমানে দৰকাৰী বুলি ভবা হয়।উল্লেখ্য যে, সত্ৰীয়া নৃত্য, মাটি আখৰা আৰু যোগ সাধনা -এই সকলোখিনি ইটোৰ সৈতে সিটো সংযুক্ত আৰু সংপৃক্ত হৈ আছে আৰু তাৎপৰ্যপূৰ্ণ  কথা এয়ে যে, এই সকলোৰে মূল উদ্দেশ্য হৈছে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰা ।

মাটি আখৰাত শৰীৰৰ শুদ্ধ স্থিতিৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত মনৰ একাগ্ৰতা বাঢ়ে আৰু মনলৈ আধ্যাত্মিক স্থিৰতা আহে,নৃত্য শিল্পীয়ে শৰীৰৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে।মাটি আখৰা শিক্ষাৰ পৰা শিশু সকলে আত্মনিয়ন্ত্ৰণৰ শিক্ষা লাভ কৰে।এই আখৰাৰ প্ৰভাৱ খুবেই গভীৰ আৰু প্ৰভাৱশালী।

মাটি আখৰা এক আধ্যাত্মিক কলা,যি শিশু সকলক বহুল ভাবে উপকৃত কৰে।এই শাৰীৰিক ব্যায়ামে শৰীৰক সুন্দৰতা প্ৰদান কৰে, শৰীৰ নমনীয় কৰে তথা আধ্যাত্মিক চেতনা প্ৰদান কৰি শিশুক আভ্যন্তৰীণ আৰু বাহ্যিক দুয়ো দিশৰ পৰা গঢ় দিয়ে।শাৰীৰিক জড়তা আৰু মানসিক জড়তা বা জঠৰতা দূৰ কৰাৰ ক্ষেত্ৰত মাটি আখৰাক মহৌষধ বুলি ক’ব পাৰি।ই বহু গুণেৰে সমৃদ্ধ আৰু উপকাৰী।সেয়েহে শিশু সকলক মাটি আখৰাৰ সুবিধা প্ৰদান কৰিবলৈ সুবিধা দিয়া উচিত যাতে শিশু সকলৰ মাজত উদ্বেগজনকভাৱে বাঢ়ি অহা হতাশা, অস্থিৰতা আদি ভাব সমূহ নিয়ন্ত্ৰণ কৰিবলৈ শিকে তথা মনোসংযোগ বৃদ্ধি কৰি মানসিক স্থিতি সৱল কৰাৰ শিক্ষা সৰুৰে পৰাই লাভ কৰে।

শৰীৰত শক্তি থাকিলেই নহ’ব,মানসিক ভাবেও শক্তিমত্ত হৈ থাকিব লাগিব, আৰু এই ক্ষেত্ৰত সৰ্বোত্তম আৰু   প্ৰথম  সহায়ক মাটি আখৰা ।শিশু সকলৰ শাৰীৰিক ,মানসিক আৰু বৌদ্ধিক বিকাশ সাধন কৰাৰ ক্ষেত্ৰত মাটি আখৰা সমান অন্য নাই বুলিয়ে ক’ব পাৰি।সেয়েহে,শিশু সকলৰ সামগ্ৰিক বিকাশ তথা উত্তৰণৰ বাবে মাটি আখৰা শিক্ষাৰ ব্যৱস্থা কৰাটো খুবেই প্ৰাসংগিক আৰু প্ৰয়োজনীয় এক বিষয়  বুলি গণ্য কৰা উচিত।