সংসাৰৰ জলে জুই, হেৰায় কোলাৰ সন্তান: আধুনিক সমাজত পৰকীয়াৰ কৰাল গ্ৰাস – শচীন্দ্ৰ কুমাৰ দাস

Pc The Times of India

সংসাৰৰ জলে জুই, হেৰায় কোলাৰ সন্তান: আধুনিক সমাজত পৰকীয়াৰ কৰাল গ্ৰাস

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

বৰ্তমান সময়ত আমাৰ অসমীয়া সমাজ জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ আৰু ভয়াৱহ ব্যাধিটোৰ নাম কি বুলি যদি কোনোবাই সোধে, তেন্তে একমুহূৰ্তও চিন্তা নকৰাকৈ ক’ব পৰা যাব— ‘পৰকীয়া সম্পৰ্ক’। বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব উত্থানে মানুহক আধুনিক কৰি তুলিছে সঁচা, কিন্তু এই তথাকথিত আধুনিকতাৰ জিলিকনিৰ আঁৰত আমাৰ চিৰাচৰিত নৈতিকতা, পাৰিবাৰিক দায়িত্ববোধ আৰু আৱেগিক পবিত্ৰতা দিনক দিনে নিঃশেষ হৈ পৰিছে। আজিৰ সমাজত এই পৰকীয়া সম্পৰ্ক নামৰ কালধুমুহাজাকে এখনৰ পিছত আনখন হাঁহি-ধেমালিৰে ভৰা সংসাৰক তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।

পৰকীয়া আচলতে কি? এক মানসিক বিভ্ৰান্তি

সহজ কথাত ক’বলৈ গ’লে, নিজৰ বিধিগত স্বামী বা পত্নী থকাৰ পিছতো, ঘৰত সকলো সুখ-স্বাচ্ছন্দ্য থকাৰ পিছতো যেতিয়া এজন পুৰুষ বা মহিলাই আন কাৰোবাৰ মাজত ‘অধিক’ কিবা পোৱাৰ আশাত অন্ধ হৈ পৰে, তাকেই পৰকীয়া বোলা হয়। বহুতে ইয়াক ‘মুক্ত প্ৰেম’ বা ‘আধুনিক মনস্তত্ত্ব’ৰ নাম দি নিজৰ পাপ ঢাকিবলৈ চেষ্টা কৰে। কিন্তু প্ৰকৃততে ই প্ৰেম নহয়; ই হৈছে এক তীব্ৰ মানসিক ব্যাধি আৰু চৰম স্বাৰ্থপৰতা।

নিজৰ তেজ-ঘাম দি গঢ়া সংসাৰখনক ছাৰখাৰ কৰি, ক্ষন্তেকীয়া সুখৰ আশাত আনৰ অধীন হৈ নিজকে উজাৰি দিয়াটো কোনো সুস্থ মানসিকতাৰ পৰিচায়ক হ’ব নোৱাৰে। ই হৈছে এক আদিম শাৰীৰিক আৰু মানসিক ক্ষুধা, যাৰ বাবে মানুহে নিজৰ বিবেক, সমাজ আৰু মনুষ্যত্বক বিসৰ্জন দিয়ে।

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ আৰু এক অনাকাংক্ষিত ট্ৰেণ্ড

আজিৰ তাৰিখত এই সামাজিক ব্যাধিক আটাইতকৈ বেছি ইন্ধন যোগাইছে ছচিয়েল মিডিয়াৰ (Facebook, Instagram, WhatsApp) অপব্যৱহাৰে। হাতৰ মুঠিত থকা এটা সৰু স্ক্ৰীণে মানুহক অতি সহজে পবিত্ৰ পৰিয়ালৰ সীমাৰেখা পাৰ হ’বলৈ লাইচেঞ্চ দি দিছে। লাইক, কমেন্ট আৰু ইনবক্সৰ ক্ষন্তেকীয়া চাতুৰিকতই মানুহক ইমান অন্ধ কৰে যে তেওঁলোকে নিজৰ বাস্তৱ সংসাৰখনতকৈ ভাৰ্চুৱেল পৃথিৱীখনক বেছি আপোন বুলি ভাবিবলৈ লয়।

আটাইতকৈ আচৰিত আৰু ভয়াৱহ কথাটো হ’ল— আজিৰ সমাজত বহু ডেকা ল’ৰা আনৰ ঘৰৰ বোৱাৰীৰ প্ৰেমত হাবুডুবু খাইছে, আৰু আনহাতে বহু গাভৰু যুৱতী সংসাৰ থকা বিবাহিত পুৰুষৰ প্ৰেমত আসক্ত হৈ পৰিছে। ইয়াক এক চৰম মানসিক বিকৃতি আৰু বিভ্ৰান্তিৰ বাহিৰে আন একো নাম দিব নোৱাৰে। এনে অসুস্থ মানসিকতাৰ চিকাৰ হোৱা লোকসকলে পাহৰি যায় যে তেওঁলোকৰ এই ক্ষন্তেকীয়া ভুলটোৱে দুখনকৈ পৰিয়ালৰ ভৱিষ্যত চিৰদিনৰ বাবে অন্ধকাৰ কৰি পেলাব পাৰে। বহু ক্ষেত্ৰত এই অবৈধ সম্পৰ্কক জীয়াই ৰাখিবলৈ গৈ অতি বৰ্বৰ হত্যাকাণ্ড বা চৰম নিৰ্যাতনৰ দৰে অপৰাধো আমাৰ সমাজত সংঘটিত হ’বলৈ ধৰিছে।

বেমেজালিৰ সমাধান বিচাৰক, সংসাৰত জুই নলগাব

এখন সংসাৰ চলাবলৈ যাওঁতে এশ এটা সমস্যা, মনোমালিন্য বা আৰ্থিক নাটনি আহিবই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে সংসাৰত ধুমুহা আহিলেই আমি ঘৰৰ দুৱাৰখন আন কাৰোবাৰ বাবে মুকলি কৰি দিম। আচলতে সুখৰ সময়ত সকলোৱে হাঁহিব পাৰে, কিন্তু সংঘাতৰ সময়তহে সংসাৰৰ আচল পৰীক্ষা হয়।

সংসাৰত যিয়েই বেমেজালি বা অভাৱ নহওক কিয়, স্বামী আৰু পত্নী দুয়োজনে মিলি বহি মৰমেৰে তাৰ সমাধানৰ বাট উলিয়াব লাগিব। মনত ৰখা উচিত—বাহিৰৰ তৃতীয় ব্যক্তি এজনে আপোনাক ক্ষন্তেকৰ বাবে শান্ত্বনা বা ভুৱা মৰমৰ নাটক দেখুৱাব পাৰে, কিন্তু আপোনাৰ ঘৰখন কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে। মৰম বা সুখৰ সস্তীয়া ঠিকনা বিচাৰি নিজৰ পবিত্ৰ নীড়টো ধ্বংস কৰি পেলোৱাটো কোনো বুদ্ধিয়কৰ কাম হ’ব নোৱাৰে। সমস্যাৰ মুখামুখি হৈ তাক সমাধান কৰাটোহে আচল প্ৰেম আৰু দায়িত্ববোধ; তাৰ পৰা পলাই গৈ পৰকীয়াৰ আশ্ৰয় লোৱাটো চৰম কাপুৰুষতা।

নিষ্পাপ চকুৰ পানী আৰু মাতৃত্বৰ অধঃপতন

পৰকীয়াৰ আটাইতকৈ কৰুণ আৰু কদৰ্য ৰূপটো তেতিয়া প্ৰকাশ পায়, যেতিয়া এটা কণ কণ কেঁচুৱাক বুকৰ পৰা আঁতৰাই থৈ এজনী মাতৃয়ে আন এজন পুৰুষৰ হাত ধৰি ঘৰৰ পৰা ওলাই যায়। নিজৰ সন্তানৰ নিষ্পাপ চকুজুৰি, সিহঁতৰ আধালগা মাঁত আৰু ভৱিষ্যতৰ কথা তিলমানো চিন্তা নকৰাকৈ কেৱল শাৰীৰিক ক্ষুধা নিবাৰণৰ বাবে উন্মাদ হৈ পৰা এইসকল লোক সঁচাকৈয়ে সমাজৰ আটাইতকৈ ডাঙৰ অপৰাধী।

মাক বা দেউতাকৰ এনে চৰম ভুলৰ বাবে যিটো সন্তানে সমাজত মূৰ তুলি জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলায়, সেই নিষ্পাপ সন্তানটোৰ মানসিক যন্ত্ৰণাৰ হিচাপ কোনে ৰাখিব? সিহঁতৰ শৈশৱটো মাক-দেউতাকৰ পাপৰ বোজা কঢ়িয়াওতে কঢ়িয়াওতে চিৰদিনৰ বাবে ম্লান হৈ পৰে।

সামৰণি

পৰকীয়া কোনো প্ৰেমৰ কবিতা নহয়, ই সমাজৰ এক কুৎসিত কৰ্কট ৰোগ (Cancer)। যদিহে আমি আমাৰ সমাজখনক এই ভয়াৱহতাৰ পৰা ৰক্ষা কৰিব নোৱাৰো, তেন্তে অনাগত দিনত ‘পৰিয়াল’ নামৰ পবিত্ৰ ব্যৱস্থাটোৱেই নিঃচিহ্ন হৈ পৰিব।

পৰকীয়াৰ এই কাল ধুমুহাক বাধা দিবলৈ হ’লে প্ৰতিজন ব্যক্তিয়ে নিজৰ নৈতিকতা আৰু সংস্কাৰক পুনৰ সাৰ-পানী দিব লাগিব। ক্ষন্তেকীয়া আকৰ্ষণ আৰু মানসিক ব্যাধিক প্ৰশ্ৰয় নিদি নিজৰ সন্তান, সংসাৰ আৰু সমাজৰ প্ৰতি থকা দায়িত্বক অগ্ৰাধিকাৰ দিব লাগিব। কাৰণ—

“যি সম্পৰ্কৰ ভেটি নিজৰ সন্তানৰ চকুলো আৰু জীৱনসংগীৰ বিশ্বাসঘাটকতাৰ ওপৰত গঢ়ি উঠে, সেই সম্পৰ্কই কেতিয়াও কাৰো জীৱনলৈ কুশল কঢ়িয়াই আনিব নোৱাৰে। নিজৰ ঘৰখন জ্বলাই আনৰ চোতালত পোহৰ বিচাৰিবলৈ যোৱাটোৱেই হৈছে পৰকীয়া।”