জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত
দেবর্ষি গৌতম
বনগাঁও, নলবাৰী
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা অভিশপ্ত দিন আছিল। হয়তো কোনেও কল্পনা কৰা নাছিল যে সেই দিনটোতে অসমীয়া জাতিৰ এগৰাকী জাতীয় সম্পদক অকালতে কায়িকভাৱে হেৰুৱাই পেলাব।
আচলতে কিছুমান দিন কেলেণ্ডাৰৰ পাতত কেৱল এটা তাৰিখ হৈ নাথাকে। কিছুমান দিন সময়ৰ বুকুত একোটা দাগ হিচাপে থাকি যায় চিৰদিনৰ বাবে। কিছুমান দিনৰ কথা মনত পৰিলেই বুকুৰ ভিতৰখন একেবাৰে গধুৰ হৈ পৰে, চকুৰ কোণত পানী জমা হয় আৰু মনটোৱে কোনো কাৰণত বিশ্বাস কৰিবলৈ প্ৰস্তুত নহয় যে বাস্তৱত সঁচাকৈয়ে তেওঁ নাই।
১৯ ছেপ্টেম্বৰ ২০২৫ – প্ৰতিগৰাকী অসমীয়াৰ বাবে সেই দিনটো তেনে এটা দিন আছিল আৰু ভৱিষ্যতেও থাকিব। সেইদিনা কেৱল মাত্ৰ এজন গায়ক, সংগীতকাৰ, অভিনেতা অথবা পৰিচালকক হেৰুওৱা নাছিল অসমে। অসমে হেৰুৱাইছিল এনে এজন শিল্পীক, যাৰ কণ্ঠত বহু অসমীয়া মানুহে নিজৰ শৈশৱ, যৌৱন, প্ৰেম, দুখ, আনন্দ, প্ৰতিবাদ আৰু সপোন এই সকলোবোৰ বিচাৰি পাবলৈ সক্ষম হৈছিল। অসমে হেৰুৱাইছিল এনে এগৰাকী অভিভাৱকক যিগৰাকী ব্যক্তিয়ে অসমৰ প্ৰতিটো বিপদৰ সময়ত নিঃস্বাৰ্থ ভাবে ৰাইজৰ বাবে থিয় হৈছিল। সেইগৰাকী ব্যক্তি আছিল, সকলোৰে প্রিয় সেই কণ্ঠৰ ব্যক্তিগৰাকী আছিল—জুবিন গাৰ্গ।
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহিছিল সুদূৰ ছিংগাপুৰৰ পৰা। কেৱল মাত্ৰ ৫২ বছৰ বয়সতে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখৰ দিনা তেওঁৰ আকস্মিকভাবে মৃত্যু ঘটে। এই খবৰটো যেতিয়াই অসমলৈ আহে তেতিয়া মুহূৰ্ততে স্তব্ধ হৈ গৈছিল সমগ্ৰ এখন ৰাজ্য।
১৯ ছেপ্টেম্বৰৰ সেই দিনটোত বহুজনৰ বাবে মোবাইলৰ স্ক্ৰীণত অহা এই সংবাদটো কোনো কাৰণতে বিশ্বাস কৰিব পৰা সংবাদ নাছিল।
“জুবিন দা আৰু নাই”— সংবাদ মাধ্যমত প্ৰচাৰিত এই কথাষাৰ কোনো অসমীয়াই বিশ্বাস কৰিব পৰা নাছিল। খবৰটোৰ সত্যতা বিচাৰি বহু লোকে বিভিন্ন উৎস আৰু মাধ্যমৰ সহায় লৈছিল। বহু লোকে বিচাৰিছিল যে সংবাদ মাধ্যমত প্ৰচাৰিত এই খবৰটো মিছা হওক।
গুৱাহাটী, যোৰহাট, গোলাঘাট, শিৱসাগৰ, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, বৰপেটা, নলবাৰী আদি অসমৰ বিভিন্ন প্ৰান্তত থকা মানুহ ঘৰৰ পৰা স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিছিল। কোনোবাই যদি আহি জুবিন গাৰ্গৰ বাসগৃহৰ সন্মুখত উপস্থিত হৈছিল, আন কোনোবাই আকৌ জুবিন গাৰ্গৰ এখন ছবি বুকুত সাৱটি ধৰি আবেগিক হৈ পৰিছিল, আন কোনোবাই আকৌ কান্দি কান্দি উচ্চ স্বৰত জুবিন গাৰ্গৰ গান বজাইছিল। সাধাৰণতে উচ্চ স্বৰত বজোৱা গীতে আমনি কৰা কিছুমান ব্যক্তিয়েও সেই দিনটোত কিন্তু জুবিন গাৰ্গৰ উচ্চ স্বৰত বাজি থকা গীত শুনি আমনি পোৱাৰ পৰিবৰ্তে আবেগিক হৈ পৰিছিল।
জুবিন গাৰ্গৰ গৃহ চহৰ যোৰহাটটো অজস্ৰ লোকে জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি শোক প্ৰকাশ কৰিবলৈ স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিছিল। আনহাতে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ যি ব্যৱস্থা কৰা হৈছিল সেই ঠাইৰ পৰিবেশ অসমৰ ইতিহাসৰ এক বিৰল দৃশ্য হিচাপে পৰিগণিত হয়।
এই সকলোবোৰ দৃশ্যই এটা কথাই প্ৰমাণ কৰিছিল যে জুবিন গাৰ্গ কেৱল এজন গায়ক অথবা শিল্পী নাছিল।
তেওঁ আছিল অসমৰ মানুহৰ বাবে নিজ পৰিয়ালৰ সদস্য।
১৯৯২ চনত ‘অনামিকা’ এলবামৰ জৰিয়তে অসমীয়া সংগীত জগতত জুবিন গাৰ্গৰ পেছাদাৰী যাত্ৰাই এক নতুন ৰূপ লাভ কৰিছিল। ইয়াৰ পিছত জুবিন গাৰ্গে এটাৰ পিছত এটাকৈ গীতৰ সৃষ্টিৰে অসমীয়া সংগীতৰ পৰিসৰ বহুত বেছি বহল কৰিবলৈ সক্ষম হৈছিল। জুবিন গাৰ্গৰ বাবেই অসমীয়া সংগীত উদ্যোগ পুনৰ এবাৰ ন-ৰূপত ঠন ধৰি উঠিছিল। বহু নতুন নতুন কণ্ঠ শিল্পীয়ে সংগীত সাধনাত পেছা হিচাপে লবলৈ সাহস গোটাব পাৰিছিল।
জুবিন গাৰ্গে কেৱল গীত গোৱা নাছিল। তেওঁ সংগীত ৰচনা কৰিছিল, বাদ্যযন্ত্ৰ বজাইছিল, গীত লিখিছিল, অভিনয় কৰিছিল, চলচ্চিত্ৰ পৰিচালনা কৰিছিল লগতে সংগীত আৰু চলচ্চিত্ৰৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক লগত লৈ অসমীয়া সংগীত আৰু চলচিত্ৰ উদ্যোগটোক পুনৰুজ্জীৱিত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল। ৪০টাতকৈ অধিক ভাষা আৰু উপভাষাত গান গোৱাৰ যি কৃতিত্ব তেওঁ গঢ়ি গল সেয়া হয়তো যুগ যুগান্তৰলৈ কোনেও স্পৰ্শ কৰিবলৈ সক্ষম নহব। কিন্তু এই সকলোবোৰ কৃতিত্বৰ পিছতো জুবিন গাৰ্গৰ পৰিচয় সম্পূৰ্ণ বেলেগ আছিল। কোনো কৃতিত্বৰ আঁৰত জুবিন গাৰ্গৰ পৰিচয় লুকুৱাই থকা নাই। জুবিন গাৰ্গৰ পৰিচয় আছিল তেওঁ অসমীয়া জাতিৰ সুযোগ্য আৰু শ্ৰেষ্ঠ সন্তান। কোনোবা অসমীয়া পৰিয়ালৰ যদি তেওঁ পুত্ৰ তেনেহলে আকৌ কোনোবা অসমীয়া পৰিয়ালৰ তেওঁ ভাতৃ, আনহাতে কোনোবা অসমীয়া পৰিয়ালৰ তেওঁ যদি ককাইদেউ তেনেহলে আন কোনোবা পৰিয়ালৰ বাবে তেওঁ নাতি। গতিকে জুবিন গাৰ্গ ভিন্ন বিশেষণেৰে হলেও প্ৰতিটো অসমীয়া পৰিয়ালৰ এগৰাকী স্থায়ী সদস্য হিচাপে হৃদয়ত স্থান লাভ কৰিছিল।
জুবিন গাৰ্গক মৌন অৱস্থাত কোনেও চাব নিবিচাৰে। কাৰণ অসমৰ প্ৰায় সকলো লোকে জুবিন গাৰ্গক সদায় এগৰাকী সক্ৰিয় ব্যক্তি হিচাপে প্ৰত্যক্ষ কৰি আহিছে। জুবিন গাৰ্গে জীৱনত কেতিয়াও নিজৰ বাবে এটা মুহূৰ্তও ব্যৱহাৰ নকৰিলে। কেৱল আনক সুখী কৰিবলৈ প্ৰতিটো পল জীয়াই আছিল। জুবিন গাৰ্গক অসমীয়া জাতিয়ে ঈশ্বৰ পুত্ৰ বুলি অভিহিত কৰিছে। কিন্তু ইয়াতে এটা কথা উল্লেখযোগ্য যে জুবিন গাৰ্গক অসমীয়া জাতিয়ে কেৱল আবেগৰ বাবে কেতিয়াও ঈশ্বৰ পুত্ৰ বুলি অভিহিত কৰা নাই। ঈশ্বৰ পুত্ৰ বুলি অভিহিত কৰাৰ কাৰণ আছে। যিহেতু জুবিন গাৰ্গৰ শেষ কৃত্য হিন্দু ধর্মৰ নিয়ম অনুসৰি সম্পন্ন কৰা হৈছে গতিকে হিন্দু ধর্মৰ নিয়ম অনুসৰি কোনো লোকে যদি শ্মশান যায় তেনেহলে ঘৰৰ বাহিৰতে গা-পা ধুই কাপোৰ-কানি ধুই হে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগে। কিন্তু জুবিন ক্ষেত্ৰৰ শ্মশান খনেই পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ শ্মশান যত মানুহে ঘৰৰ পৰা গা ধুই আহে আৰু উভতি যোৱাৰ সময়ত এক পবিত্ৰ মনেৰে গৈ পোনে পোনে ঘৰত প্ৰৱেশ কৰিব পাৰে। জুবিন ক্ষেত্ৰ খনেই হয়তো পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ এনে এক উপাসনা থলী যত সকলো ধৰ্ম, সকলো জাতি, সকলো বৰ্ণৰ লোকে একেলগে একে সময়তে উপস্থিত হৈ নিজৰ ধৰণে উপাসনা কৰিব পাৰে। গতিকে জুবিন গাৰ্গৰ ঈশ্বৰ পুত্ৰ হোৱাৰ মূল কাৰণ এইবোৰে। ঈশ্বৰ পুত্ৰ কেতিয়াও মানুহৰ মনৰ পৰা হেৰাই যাব নোৱাৰে। ঈশ্বৰ পুত্ৰ অসমীয়া জাতিৰ মনত সিদিনালৈকে মনত থাকিব যিদিনালৈকে অসমীয়া জাতিৰ শেষৰ জন ব্যক্তি জীয়াই থাকিব। জুবিন গাৰ্গ সিদিনালৈকে অসমীয়া জাতিৰ পৰিচয় হৈ থাকিব যিদিনালৈকে অসমীয়া জাতি ইতিহাসৰ পাতত বিলীন হৈ নাযায়।
হয়তো অসমীয়া লোকসকলৰ আটাইতকৈ দুৰ্ভাগ্য এইয়াই যে তেওঁলোকে সকলোতকৈ বেছি ভাল পোৱা মানুহ জনক জীয়াই থকা অৱস্থাত শেষ বাৰৰ বাবে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য নহল। অসমক নিজৰ মাতৃ বুলি গণ্য কৰা, অসমীয়া জাতিৰ বাবে সৰ্বোচ্চ উজাৰি দিবলৈ প্ৰতিটো মুহূৰ্ততে প্ৰস্তুত থকা, অসমক সৰ্বোচ্চ বুলি প্ৰতিপন্ন কৰিবলৈ, অসমক বিশ্বৰ বুকুত চিনাকি কৰি দিবলৈ প্ৰতিটো ক্ষণতে প্ৰস্তুত থকা অসমী আইৰ সৰ্বশ্ৰেষ্ঠ সন্তান জুবিন গাৰ্গে নিজৰ আই মাতৃৰ বুকুত মূৰ থৈ শেষ নিশ্বাস ত্যাগ কৰিব নোৱাৰাৰ যি দুখ সেই দুখ অসমীয়া জাতিয়ে সদায় বুকুৰ এটা কোণত কঢ়িয়াই লৈ ফুৰিব লাগিব।
