জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইৰ শিৱাজী পাৰ্কত চিজেপিৰ প্ৰতিবাদ

Pc News18

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইৰ শিৱাজী পাৰ্কত চিজেপিৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰে শুকুৰবাৰে নতুন দিল্লী আৰু মুম্বাইত প্ৰতিবাদ সাব্যস্ত কৰে আপ আৰু চিজেপিৰ কৰ্মীয়ে ৷  গান্ধী জয়ন্তীৰ দিনাই আৰম্ভ কৰা এই প্রতিবাদী কাৰ্যসূচীক লৈ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰে। চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই মুম্বাইৰ শিৱাজী পার্কত বিয়লি ৪ বজাত ‘জে’ল ভৰো আন্দোলন’ ঘোষণা কৰিছিল। চিজেপিয়ে ইতিপূর্বে এই প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল যদিও মুম্বাই আৰক্ষীয়ে ইয়াৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বম্বে উচ্চ ন্যায়ালয়ৰ ২০১৩ চনৰ এটা নির্দেশ আৰু অঞ্চলটোক নীৰৱতাপূর্ণ এলেকা হিচাপে আখ্যা দিয়াৰ পৰিপ্ৰেক্ষিতত শিৱাজী পাৰ্কত সমাৱেশৰ অনুমতি দিব পৰা নাযায়। হাতত প্লে’ কার্ড লৈ সমৰ্থকসকলৰ সৈতে তাত সমৱেত হোৱাত দীপকেক মেৰিন ড্রাইভআৰক্ষী থানালৈ কিছুসময়ৰ বাবে লৈ যোৱা হয় আৰু কেইমিনিটমানৰ পিছতেই তেওঁক মুকলি কৰি দিয়া হয়। চিজেপিৰ এই প্ৰতিবাদী কার্যসূচীত যোগ দিয়ে প্রবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ, সংগীত পৰিচালক বিশাল দাদলানি, অভিনেত্রী শ্বাবনা আজমীসহ বলীউডৰ কেইবাগৰাকীও তাৰকাই। চিজেপিৰ এই কাৰ্যসূচীক লৈ মুম্বাই আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। চিজেপিৰ পক্ষৰ পৰা প্ৰকাশ কৰা মতে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পৰৱৰ্তী পৰ্যায়ত কলকাতা, বেংগালুৰু আৰু গোৱাত অনুষ্ঠিত হ’ব ‘জে’ল ভৰো’ কাৰ্যসূচী। দীপকেই আৰু জনোৱা মতে চলিত মাহৰ শেষৰফালে তেওঁলোকে পুনৰ যন্তৰ মন্তৰত আন্দোলনত নামিব। জ্ঞানেশ কুমাৰে পদত্যাগ নকৰা পৰ্যন্ত এই আন্দোলন চলি থাকিব বুলিও তেওঁ প্রকাশ কৰে। চিজেপিয়ে লগতে এই কথাও কয় যে এই আন্দোলনটোৰ স্বতন্ত্রতা বজাই ৰাখিবলৈ অহা ৬ অক্টোবৰত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধী পক্ষৰ প্ৰতিবাদী কার্যসূচীত চিজেপিয়ে যোগদান নকৰে। আনহাতে সমান্তৰালভাৱে মুম্বাইত চলিছে চিজেপিবিৰোধী বিক্ষোভো। এই বিক্ষোভত যোগদান কৰা জনতাই অভিজিৎ দীপকে আৰু অন্যান্য চিজেপি নেতা-কর্মীৰ বিৰুদ্ধে ব্যাপক শ্ল’গান দিয়ে। বিক্ষোভ কাৰীসকলে নিজকে ‘জেন নেক্সক মুম্বাই’ৰ সদস্য বুলি পৰিচয় দিয়ে।