শৰতৰ আনন্দৰ মজা – বিশ্বজিৎ বৈশ্য

শৰতৰ আনন্দৰ মজা

বিশ্বজিৎ বৈশ্য
শুৱালকুছি, বংশৰ

কঁহুৱাৰ আঁচলত হাত বুলাই ধৰালৈ সংগোপনে নিম্নগামী হৈছে শৰত । চৌদিশে এতিয়া শাৰদীয় স্নিগ্ধতাৰে আলোকিত হৈ পৰা নৈৰ পাৰ আৰু বালিময় পথাৰত সিচৰিত শুভ্ৰতাৰ দলিচা পাৰি ৰৈ আছে কহুঁৱা। যি দৃশ্যই সকলোকে আকৰ্ষিত কৰে আৰু বাট পথত গৈ থকা বাটৰুৱাইয়ো ৰৈ এপলক সেই দৃশ্য উপভোগ কৰা দেখা যায় । মানুহৰ বাবে কঁহুৱা মানেই কেৱল এটা উদ্ভিদ নহয়, ই এক শৰতকালৰ সুন্দৰ অনুভূতি যি অনুভুতিৰ দ্বাৰা আমি নিজত মুগ্ধ কৰো । অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত কহুঁৱাৰ এটা সুকীয়া স্থান আছে—যেনে ড° ভূপেন হাজৰিকাৰ কন্ঠৰ অমৰ সৃষ্টিৰ সেই গীতটো….

“কহুঁৱা বন মোৰ অশান্ত মন
আল ফুল হাতেৰে লোৱা সাবতি”….

এনেহেন নিয়ৰসনা মায়াময় পৰিৱেশ, তাৰ মাজেৰে আহি পালে শাৰদীয় উৎসৱৰ আনন্দ । বিশেষকৈ এই কঁহুৱাই বতৰা দিয়ে শাৰদীয় দুৰ্গোৎসৱৰ । পথৰ দাঁতিত ফুলা কঁহুৱা ফুলবোৰ বতাহত হালি-জালি নাচি থকা পৰিলক্ষিত হয়। কহুঁৱাৰ শুভ্ৰ ৰঙে চাৰিওফালৰ দিশটো এক শান্তিময় পৰিৱেশৰ সৃষ্টি কৰে। অৱশেষত শৰতৰ বতাহজাকে কহুঁৱাক লৈ উৰি ফুৰে। নিৰ্মল আকাশৰ তলত শুভ্ৰ ৰং চটিয়াই কহুঁৱাই জোনাকক হাত বাউল দি মাতে। আলসুৱা বতাহৰ পৰশত কহুঁৱাই প্ৰকৃতিৰ নানা ৰংৰ সৃষ্টিৰ এক প্ৰেৰণা আনে। একেদৰে, মায়াময় নৈসৰ্গিক সেই প্ৰকৃতিয়ে সাধাৰণ লোকৰ পৰা শিল্পী, সাহিত্যিক সকলোকে যুগ যুগান্তৰ ধৰি আকৰ্ষণ কৰি আহিছে কহুঁৱাৰ সেই নিজস্ব পৰিচয়েৰে। এয়াই প্ৰকৃতিৰ সৈতে খেলি ফুৰা এক উদ্ভিদৰ নাচোন, সেই নাচোনত বিভুৰ হৈ পৰো আমি।আৰু ৰৈ যায় স্মৃতিৰ টোপোলা।