প্রকৃতিৰ কি ৰূপ
দুলুমণি দেৱী,মাকুম
প্রকৃতিৰ বর্ণিল বিচিত্রৰূপৰ মাজত দেখা গৈছে বর্তমান অন্য এখন ছবি ৷ যিখন ছবিত দেখা পোৱা গৈছে কেৱল ভয় শংকা ৷ অনুপম প্রকৃতিয়েও যে তাণ্ডৱ ৰূপ ধাৰণ কৰিব পাৰে সেয়া স্পষ্ট হৈ গৈছে ৷উজনি নামনিত সৃষ্টি হোৱা বানৰ পাছত এইবাৰ নেপালত সৃষ্টি হ’ল জলআতংক ৷প্রকৃতিৰ খং উঠিছে কিন্তু কিয় ? ইমান শান্ত প্রকৃতি অশান্ত হৈ পৰিছে ৷ প্রকৃতিয়ে আমাক সকলো দিয়াৰ পাছতো আমি মানৱে প্রকৃতিক কিমান অত্যাচাৰ কৰি আহিছো এবাৰ ভাবকচোন ৷
বিনন্দীয়া বিতোপন প্রকৃতিৰ মাজত আমাৰ চান্দসিক জীৱন মনোৰম কৰি তুলিব পাৰো ৷তাৰ পাছতো কেৱল টকাৰ বাবেই গছ বন জংঘল কাটি মেলি ,নদ নদীক নিজৰ মতে ববলৈ নিদি ক’ত কি কৰিছো ,তাৰে প্রতিশোধ এয়া নহয়নে বাৰু ? প্রকৃতিৰ উর্ধত একোৱে নহয় ৷মানুহে যিমানেই বিজ্ঞান প্রযুক্তি দিশত আগবাঢ়ি নাযাওক কিয় প্রকৃতিক বাধা দি যে আগবাঢ়িব নোৱাৰে তাৰ প্রমান চকুৰ আগত দেখিবলৈ পাই আহিছে ৷ নেপালত হোৱা প্রলয় ,উজনিত হোৱা প্রলয় ,ভুমিকম্প ,বনজুই,ধুমুহা বতাহ ,এইবোৰ জানো উন্নত প্রযুক্তিয়ে নিৰাময় কৰিব পাৰিছে ? গতিকে নিৰাময় যেতিয়া কৰিব নোৱাৰে গতিকে প্রকৃতি যেনে আছে তেনেকৈয়ে থাকিবলৈ দিব লাগে ,তাত উন্নত কৰিবলৈ গৈ জলবান্ধ ,গছ ,বন তহিলং কৰি বিল্ডিং ,ফাইভ ষ্টাৰ হোটেল খোলাৰ প্রয়োজন কি ?হাবিৰ জীৱজন্তু প্রকৃতিৰ সৈতে সহৱস্থান কৰে ,সিহঁতক খেদি পঠোৱা হৈছে ৷ সিহঁতৰ ঠাই মানুহে লৈছে ৷গতিকে ভাৱকচোন আমি মানুহবোৰে বিশেষকৈ এচামে কি কৰি আছো ৷এচাম কুকর্মত জৰিত মানুহৰ বাবে গোটেই প্রকৃতিজগত অশান্ত হোৱাটো বিচাৰে নেকি ?অসমখন আমাৰ প্রত্যেকজন অসমীয়াৰ হয়,লগতে ইয়াত থকা জাতিজনগোষ্ঠীৰ সন্মিলিত ৰাজ্য হয় ,তেনেস্থলত সেইচাম লোকক কিয় অপকর্ম কৰিবলৈ দিয়া হৈছে ,যিয়ে অসমৰ তথা মাতৃভুমিৰ গৌৰৱ অটুট ৰাখিব নোখোজে৷ আহক সকলোৰে মিলি অসমৰ সম্পদ অসমতে ৰাখক ৷প্রকৃতিক অত্যাচাৰ কৰাৰ পৰা বিৰত থাকক৷
