ইষ্টাৰ্ণ বাছ এছ’চিয়েশ্যনৰ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় মহানগৰত বহু বছৰ ধৰি অব্যৱহৃত হৈ পৰি থকা ঐতিহাসিক মুৰলী ধৰ জালান আস্থানলৈ শেহতীয়াকৈ বাছ আস্থান স্থানান্তৰ কৰাৰ পাছৰে পৰাই বিভিন্ন সমস্যাই দেখা দিছে। বৰ্তমান আস্থানটোত বাছ চলাচলৰ সময়সূচী আৰু পৰিচালনাক কেন্দ্ৰ কৰি সংশ্লিষ্ট লেচী পক্ষ আৰু বাছ মালিক সন্থাৰ মাজত অব্যাহত থকা সংঘাত তীব্ৰতৰ হৈ উঠিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকৰ সিদ্ধান্তমৰ্মে ইষ্টাৰ্ণ বাছ অনাৰ্ছ এছ’চিয়েশ্যনে জালান বাছ আস্থানত উপস্থিত হৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিজাকৈ টাইম কীপাৰ বা লাইনমেন নিয়োগ কৰাৰ কথা ঘোষণা কৰে। সংবাদ মাধ্যমক অৱগত কৰি ইষ্টাৰ্ণ বাছ অনাৰ্ছ এছ’চিয়েশ্যনৰ প্ৰতিনিধিসকলে কয় যে, বাছ আস্থানৰ এই বিশৃংখলতা আৰু সমস্যা সমাধানৰ বাবে তেওঁলোকে দীৰ্ঘদিন ধৰি জিলা প্ৰশাসন, পৌৰসভা তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বাৰে বাৰে যোগাযোগ কৰি আহিছে। কিন্তু প্ৰশাসনিক পৰ্যায়ৰ পৰা কোনো সুনিৰ্দিষ্ট বা ফলপ্ৰসূ সমাধান নেপাই অৱশেষত বাধ্য হৈ সংস্থাটোৱে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ পথ বাছি ল’বলগীয়া হৈছে। সন্থাই দাবী কৰা মতে, এটি পঞ্জীয়নভুক্ত বাছ মালিক সংস্থা হিচাপে তেওঁলোকৰ নিজা নিয়ম আৰু নীতি-নিৰ্দেশনা আছে। ইয়াৰ অধীনত বাছৰ টাইম কাৰ্ড প্ৰদান, টাইম টেবুল সংৰক্ষণ আৰু টাইম কীপাৰ বা লাইনমেন নিযুক্তি দিয়াৰ সম্পূৰ্ণ নিয়মগত অধিকাৰ তেওঁলোকৰ আছে। কিন্তু শেহতীয়াকৈ এই সুসংহত ব্যৱস্থাক সম্পূৰ্ণৰূপে আওকাণ কৰি একাংশ লেচী আৰু আন কিছু ব্যক্তিয়ে বাছ চলাচলৰ সময়সূচী তথা নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়াৰ অপচেষ্টা চলাইছে বুলি তেওঁলোকে অভিযোগ তোলে।এছ’চিয়েশ্যনৰ আন এক গুৰুতৰ অভিযোগ হ’ল— কোনো ধৰণৰ আগজাননী বা পূৰ্বসূচনা অবিহনে হঠাতে পাৰ্কিং মাচুল ৮০ টকাৰ পৰা বৃদ্ধি কৰি পোনপটীয়াকৈ ১০০ টকা ধার্য কৰা হৈছে। এই অনৈতিক মাচুল বৃদ্ধিৰ বিৰুদ্ধে পৌৰনিগমৰ ওচৰত অভিযোগ দাখিল কৰাৰ বাবেই তেওঁলোকৰ দ্বাৰা নিযুক্ত লাইনমেনসকলক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ লগতে দায়িত্ব পালনত বাধা প্ৰদান কৰা হৈছে বুলিও সন্থাই ক্ষোভ প্ৰকাশ কৰে। সংস্থাটোৰ তথ্য অনুসৰি, যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ বন্ধৰ পিছদিনা অৰ্থাৎ ১৬ আগষ্টৰ পৰাই এই সংঘাত অধিক তীব্ৰ ৰূপ লয়। বাছ চলাচলৰ সঠিক সময়সূচীৰ অভাৱত আৰু খেলিমেলিৰ ফলত সাধাৰণ যাত্ৰীসকল বাৰুকৈয়ে দুৰ্দশাৰ সন্মুখীন হ’ব লগা হৈছে। বহু গুৰুত্বপূৰ্ণ বাছ নিৰ্ধাৰিত সময়ত গন্তব্যস্থানত উপস্থিত হ’ব নোৱাৰাত যাত্ৰী তথা ছাত্ৰ-ছাত্ৰী আৰু দৈনিক যাত্ৰা কৰা লোকসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। এই সমগ্ৰ সমস্যাটো অৱগত কৰি জিলা প্ৰশাসন, পৌৰসভাৰ আয়ুক্ত তথা মেয়ৰলৈ লিখিত আবেদন আৰু এজাহাৰ দাখিল কৰা হৈছিল যদিও আজিলৈকে কোনো আশানুৰূপ বা ইতিবাচক সঁহাৰি লাভ কৰা নাই বুলি এছ’চিয়েশ্যনে অভিযোগ কৰে। বৰ্তমান ইষ্টাৰ্ণ বাছ অনাৰ্ছ এছ’চিয়েশ্যনৰ অধীনত প্ৰায় ৭৫ খন যাত্ৰীবাহী বাছ পৰিচালিত হৈ আছে। এই বাছসমূহ ডিব্ৰুগড়ৰ পৰা যোৰহাট, লক্ষীমপুৰ, ধেমাজি, চিলাপথাৰ, ধলা, জাগুন, ডুমডুমা আৰু তিনিচুকীয়াকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পথত চলাচল কৰে। এই সকলোবোৰ বাছৰ চলাচল শৃংখলাবদ্ধ কৰিবলৈ আৰু সংঘাত এৰাই চলিবলৈ আজিৰ পৰাই প্ৰতিখন বাছৰ বাবে নিজা টাইম কীপাৰ বা লাইনমেন নিয়োগ কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে। প্ৰশাসনে যদি শীঘ্ৰে এই সমস্যালৈ নজৰ দি উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত সংস্থাটোৱে আৰু অধিক কঠোৰ গণতান্ত্ৰিক আন্দোলন বা পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰশাসন আৰু সংশ্লিষ্ট পক্ষক সকীয়াই দিছে।
