ৰাজ্যত শীঘ্ৰে আৰম্ভ হ’ব শিক্ষকৰ একক বদলিকৰণ প্ৰক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত মিউচুৱেল বা পাৰস্পৰিক বদলিকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে শীঘ্ৰেই শিক্ষকৰ একক বদলিকৰণ আৰু ৰেচনেলাইজেচন প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই কথা জনাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। সমগ্র শিক্ষা অভিযানৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্রকাশ কৰি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, ‘ইতিমধ্যে মিছুবেল ট্রেন্সফাৰ প্ৰক্ৰিয়াৰ কাম আমি সমাপ্ত কৰিলোঁ। ইয়াৰ পাছত এতিয়া ছিংগল ট্রেন্সফাৰৰ কাম আৰম্ভ কৰিম।’ আনহাতে বদলিকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত ৰেচনেলাইজেচন প্রক্রিয়া বন্ধ ৰাখিবলগীয়া হৈছে বুলি উল্লেখ কৰি পেগুৱে কয় যে বদলিকৰণ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ ৰেচনেলাইজেচন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ইয়াকো স্পষ্ট কৰে যে শিক্ষকৰ ৰেচনালাইজেচনৰ সময়ত যিবোৰ বিদ্যালয়ত শিক্ষক কম আছে, সেই বিদ্যালয়সমূহৰ বিষয়টো বিশেষভাৱে বিবেচনা কৰা হ’ব। উল্লেখ্য যে একক শিক্ষক বদলিকৰণ বিভাগে বন্ধ কৰাৰ বিপৰীতে উমৈহতীয়া বদলিকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। নির্দিষ্ট এটা বিষয়ৰ এজন শিক্ষকক বদলি কৰিলে সংশ্লিষ্ট বিদ্যালয়ত খালী হ’ব পৰা শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাৰ বাবে একক শিক্ষক বদলিকৰণ বন্ধ কৰি ৰখা হৈছিল। শিক্ষামন্ত্ৰীগৰাকীয়ে এই বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিব দিয়াৰ সমান্তৰালকৈ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত নতুন পদ্ধতিৰে বিষয় অনুসৰি স্নাতকোত্তৰ শিক্ষক নিযুক্তি প্রদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষক নিযুক্তিৰ বাবেও অতি সোনকালে এছঅ’পি প্রকাশ পাব। উক্ত এছঅ’পি অনুসৰিয়েই স্নাতকোত্তৰ শিক্ষক নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হ’ব। এইক্ষেত্ৰত যিসমূহ বিদ্যালয়ত বিষয় শিক্ষক নাই, সেই বিদ্যালয়সমূহত বিষয় শিক্ষক নিযুক্তিত অধিক প্রাধান্য দিয়া হ’ব। এইক্ষেত্রত বিষয়ভিত্তিকভারে ১৪৮০ অনুপাতত স্নাতকোত্তৰ শিক্ষক নিযুক্তি প্রদান কৰা হ’ব। একাদশ শ্রেণীত যদি ৮০ গৰাকী নির্দিষ্ট এটা বিষয়ৰ শিক্ষার্থী থাকে, তেন্তে শিক্ষাৰ্থীসকলৰ মাজত দুটা শাখা হ’ব। সেই অনুসৰি এজন স্নাতকোত্তৰ শিক্ষকে দিনটোত চাৰিটাকৈ ক্লাছ ল’ব লাগিব। ইফালে শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো ঘোষণা কৰে যে শিক্ষা বিভাগে ২,৫০০ বিদ্যালয় চৌহদত দেৱাল নিৰ্মাণৰ লক্ষ্য লৈছে। সেই অনুসৰি ভিবি জি-ৰাম জি আঁচনিৰ অধীনত অতি সোনকালেই শিক্ষানুষ্ঠানসমূহৰ দেৱালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়-ৰাজ্যত ৪৫ হাজাৰ বিদ্যালয় ২৬ হাজাৰ গাঁৱত সিঁচৰতি হৈ আছে। গতিকে এই সকলো বিদ্যালয় চৌহদত দেৱাল নিৰ্মাণৰ কামৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। বিভাগে এটা মিছন মুডত কামখিনি কৰি গৈ আছোঁ। ইফালে ৰাজ্যত ভৱিষ্যতে আৰু প্ৰাথমিক পৰ্যায়ৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা নহয় বুলি আজি স্পষ্ট কৰে শিক্ষামন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়- বৃত্তি পৰীক্ষাত বিভাগৰ এটা অভিজ্ঞতা হ’ল যে বৃত্তি লাভ কৰা শিক্ষার্থীয়ে লাভকৰা ধনৰাশি ফিক্সড ডিপ’জিট কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ জৰিয়তে শিক্ষার্থীসকলে তেওঁলোকৰ ধনৰাশি পৰৱৰ্তী পৰ্যায়ত বেংকৰ পৰা উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট জটিলতাৰ সন্মুখীন হৈ আহিছে। যিহেতু চৰকাৰে গুণোৎসৱক বিকল্প ব্যৱস্থা হিচাপে গ্রহণ কৰি আহিছে, সেয়েহে গুণোৎসৱৰ জৰিয়তে ছাত্র-ছাত্রীসকলক আগুৱাই নিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। বৃত্তি পৰীক্ষাৰ জৰিয়তে নির্দিষ্ট কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াৰ পৰিৱৰ্তে সকলো ছাত্র-ছাত্রীক আগুৱাই নিব বিচাৰিছে বিভাগে। ইফালে বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পাছত কোনো বাহিৰা লোক বিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰাকৈ গেটত তলা লগাই দিয়াৰ বাবে শিক্ষা বিভাগে বিদ্যালয়সমূহক নির্দেশনা জাৰি কৰা বুলি শেহতীয়াকৈ প্রকাশিত এক বাতৰিকো শিক্ষামন্ত্ৰীগৰাকীয়ে নস্যাৎ কৰে। এই প্রসংগত তেওঁ কয়- শিক্ষা বিভাগৰ তৰফৰ পৰা চৰকাৰী বিদ্যালয় অথবা প্রাদেশীকৃত বিদ্যালয়ত বাহিৰা লোকৰ প্ৰৱেশ নিষেধ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ নিৰ্দেশনা জাৰি কৰা হোৱা নাই। বিদ্যালয়সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত স্কুল ৰলবুক আছে। সেই অনুসৰিয়েই বিদ্যালয়সমূহ পৰিচালিত হয়। বর্তমান বিদ্যালয়সমূহত অভিভাৱকৰ অংশগ্ৰহণত যথেষ্ট গুৰুত্ব দিয়া হৈছে। তদুপৰি ৰাইজৰ অংশগ্ৰহণ আৰু গুণোৎসৱৰ মূল্যায়নৰ ক্ষেত্ৰতো গুৰুত্ব প্রদান কৰা হৈছে। এনেস্থলত কোনো ব্যক্তিৰ বিদ্যালয়ত প্ৰৱেশত বাধা দিয়া বা তলা মাৰি দিয়া সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন। মন্ত্ৰীগৰাকীয়ে কয় যে এনে ভুৱা বাতৰি প্ৰকাশৰ ক্ষেত্ৰত দুগৰাকী চিআৰচিচিক কাৰণ দর্শোৱাৰ জাননী প্রকাশ কৰা হৈছে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ দুগৰাকী চিআৰচিচিক এনেধৰণৰ ভুৱা বাতৰি প্ৰকাশৰ বাবেই জিলা প্রাথমিক শিক্ষা বিষয়াই ইতিমধ্যে জাননী জাৰি কৰিছে।
