মইটো কবি নহয় – মেৰী বৰদলৈ

Pc Unsplash

মইটো কবি নহয়

  মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি

কবিতা লিখিবলৈ
নক’বা বন্ধু
মইটো কবি নহয়,
মই মাথোঁ
আবেলিৰ বেলিটিক
দুচকুৰ পটাত আঁৰি
ঘৰমুৱা পক্ষীজাকৰ সৈতে
মনৰ কথা
ভাগবতৰা কৰা
এক ভাগৰুৱা অচিন পথৰ পথিক৷

কবিতা লিখিবলৈ
নক’বা বন্ধু
মইটো কবি নহয়,
মই মাথোঁ
সন্ধিয়াৰ চোতালত বহি
জোনাকৰ জোনাকী জনীক
দুগালেৰে খামুচি
হাতীপটি জিলিকা আকাশৰ সৈতে
মনৰ কথা
ভাগবতৰা কৰা
এক ভাগৰুৱা অচিন পথৰ পথিক৷

কবিতা লিখিবলৈ
নক’বা বন্ধু
মইটো কবি নহয়,
মই মাথোঁ
সাগৰৰ পাৰত ৰৈ
সাগৰৰ নীলা নীলা দুচকুৰ সৈতে
ভাগবতৰা কৰা
এক ভাগৰুৱা অচিন পথৰ পথিক!