চুটিগল্প…..
ৰংঘৰ ধুনীয়া
মুন শৰ্মা, লখিমপুৰ
সন্ধিয়াৰ হালধীয়া ৰ’দজাকে ৰংঘৰৰ পুৰণি ইটাবোৰত সোণ বৰণ সানিছে। শিৱসাগৰৰ আকাশত বগা বগা বগলী উৰিছে ঘৰলৈ।
ৰঞ্জিতে অলপ গৌৰৱেৰে ক’লে,
“এলি, এইটো আমাৰ ৰংঘৰ… আমাৰ গৌৰৱ আমাৰ পৰিচয়। তুমি জানা এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ পুৰণি পেভিলিয়ন বুলি ইয়াক জনা যায়। যত আমাৰ অঞ্চল ছশ বছৰ শাসন কৰা আহোম সকলে বনাই থৈ গৈছিল।”
ৰঞ্জিতৰ কথা শুনি সুদূৰ লণ্ডনৰ পৰা বোৱাৰী হৈ অসমলৈ অহা এলিজাবেথে কালি-পৰখি অসমীয়া শিকি ভঙা ভঙা অসমীয়াতে কলে,
“অ হয় নেকি ভাল লাগিল কথাটো শুনি, সঁচাকৈ তোমালোকৰ অসমখন কিমান যে ধুনীয়া, তুমি কোৱা অতীতৰ কাহিনী বোৰ শুনি শুনি বহুত ভাল পাইছোঁ, ভাল লাগিল তোমাৰ পত্নী হৈ তোমাৰ এই সোণালী ভূমিত বাস কৰিব পাৰিছোঁ। লভ ইউ ডাৰ্লিং।”
ৰঞ্জিতে হাঁহি দিলে, লাহেকৈ কলে,
“বাৰু বলা এতিয়া সন্ধিয়া হব হ’ল, আজিলৈ আমাৰ ভ্ৰমণ সামৰণি কৰি ঘৰলৈ বুলি ৰাওনা হওঁ, আকৌ কালিলৈ নতুন কিবা কাহিনীৰে পুনৰ নতুন চিনাকি দিম মোৰ বুকুৰ আপোন অসমী আইৰ, নে কি কোৱা?”
“উম যাওঁ বলা মা হতে অপেক্ষা কৰি আছে চাগে আকৌ আহিম, শেষ কৰি হে শান্ত হম তোমাৰ অসমী আইৰ প্ৰতি কথা শুনি আৰু প্ৰতি কাহিনীৰ পৃষ্ঠ ভূমি চাই চাই। তুমি কিন্তু দেখাব লাগিব আৰু কব লাগিব কিন্তু দেই,”
“হব কম দিয়া, বলা এতিয়া”
দুয়োটাই হাতত ধৰাধৰিকৈ ৰংঘৰৰ বাকৰি এৰিলে। যাওঁতে ভাবিলে ৰঞ্জিতে – কি ভাবি আছিলোঁ কি হ’ল আজি, বেছ সুখী মই, ইমান সহজে তাই মিলি যাব অসম অসমীয়া হৈ বিশ্বাস কৰিব দেখোন নিজকে পৰা নাই।
সেই দিনা ইউনিভাৰ্চিটি শেষ কৰিবৰ সময়ত তাইক লৈ বহুত ভাবুক হৈ পৰিছিলোঁ মই ভাবিছিলোঁ প্ৰেম হ’ল ঠিকেই আছে বিদেশী হ’লেও ভাল পাওঁ ইজনে সিজনক কিন্তু এই প্ৰেম জানো আমাৰ পূৰ্ণতা পাব। তাই বিচৰা নাছিল অসমলৈ বুলি মোক অহাটো বিচাৰিছিল ৰঞ্জিত লণ্ডনতে নিগাজী হওঁক, যাৰ বাবে এদিন তাক কৈছিল তুমি উভতি যাব নালাগে, তোমাৰ ৰিজাল্ট ভাল হৈছে, চাকৰি টো ইয়াতে পাবা মা দেউতাক ইয়ালৈ লৈ অহা মোক বিয়া কৰাই চাৰি জন সুখী হৈ ইয়াতে থাকিম, কিন্তু মানি লোৱা নাছিল ৰঞ্জিতে তাইৰ কথা, কিছু মতানক্য হৈছিল সিহতৰ সেই দিনা, সি কৈছিল এলি মোৰ অসুবিধা একো নাই কিন্তু মা দেউতা ইয়ালৈ নাহে সেইটো খাটাং আৰু মই মা দেউতাক তাত থৈ লণ্ডনত নিগাজী হব নোৱাৰিম, কাৰণ সি জানিছিল তাৰ মাক আৰু দেউতাকে আপোন অসম খন এৰি লণ্ডনৰ আধুনিক বিশাল ঘৰত আবদ্ধ হবলৈ কোনো কাৰণত নাহে, অসমীয়া মাটি পানী সুবাসত বন্দী তেওঁলোকে আপোন কৰিব নোৱাৰে অন্য কোনো ঠাইক।
সিফালে সিও ভাল পাই অসম খনক, দীঘলীয়া ৫ বছৰ লণ্ডনত ছাত্ৰ হৈ থকাত এৰি আহিছে আপোন অসম খনক যত তাৰ জীৱনৰ মিঠা বোৰ প্ৰতি টো ধূলি কণাৰ লগত মিহলি হৈ আছে।
বহুত দিন গুচি গল, শেষত হাৰি গৈছিল এলিজাবেথ, তাই ও বুজি পাইছিল যদি ৰঞ্জিতক নিজৰ কৰিব বিচাৰে বোৱাৰী হৈ যাব লাগিব অসমলৈ, যাত্ৰা সহজ নাছিল, তাই আছিল বিদেশী অসম অসমীয়া বুকুত থিতাপি লোৱাৰ তাইৰ বাবে এটা বিৰাট জটিল অংক, তথাপি প্ৰেমে নামানে কোনো পৰিধি পৰিসীমা ইচ্ছাৰ বিৰুদ্ধে গৈ তাই আৰম্ভ কৰিছিল নতুন জীৱন যত পদে পদে আছিল অচিনাকি সুৰ, লাহে লাহে হেৰাই গৈছিল, হৈ পৰিছিল অসমীয়া আপোন, সহজ সৰল মানুহ, সুজলা সুফলা শ্যামলী অসমীয়ে তাইক ভাঙি চিল তাই ভাবি থকা জটিলতাৰ পৰিবেশ, লাহেকৈ বিদেশী হৈ ও অসমীয়া বোৱাৰী হবলৈ বেছি পৰ লগা নাছিল এলি কাৰণ বিয়াৰ পাছতে ৰঞ্জিত আৰু তাৰ মাক দেউতাক লগতে অসমীয়া সোণালী পৰম্পৰাই বলিয়া কৰিছিল যিটো তাই বিচাৰি আছিল অতদিনে জীৱনত লণ্ডনৰ আধুনিক ভাল নলগা কৃত্ৰিম পৰিবেশত বিৰক্ত তাইক দিছিল শান্তিৰ সন্ধান অসমীয়া সমাজ অসমীয়া ৰীতি নীতি লোকাচাৰ আৰু পৰম্পৰাই যত মিলা-মিছা, একতা মৰম এনাজৰী সুদৃঢ় ভেটি।
তেতিয়া লৈ ৰংঘৰৰ বাকৰি এৰি আহোঁতে বাটত এলিয়ে ৰঞ্জিতৰ কান্ধত মূৰটো থৈ সুধিলে, “এই ৰংঘৰটো ইমান বছৰ থিয় হৈ আছে কেনেকৈ?”
ৰঞ্জিতে ৰ’ল। সন্ধিয়াৰ ৰ’দত এলিক আৰু বেছি ধুনীয়া লাগিছিল। গাত এটা হালধীয়া পাটৰ মেখেলা-চাদৰ, পাৰিত ৰঙা ফুল। লণ্ডনৰ বগা ছোৱালীজনীৰ গাত অসমীয়া সাজটো ইমান খাপ খাইছে যে কোনেও ক’ব নোৱাৰে তাই বিদেশী। দীঘল সোণালী চুলিখিনি তাই আজি খোপা বান্ধিছে, খোপাত এথোপা কপৌ ফুল। কাণত সৰু সৰু জাংফাই, ডিঙিত মাদলী। ওঁঠত লাজুক হাঁহি, চকুত কাজল। বতাহত তাইৰ চাদৰৰ আঁচল উৰিছে। ৰঞ্জিতে কেতিয়াও তাইক ইমান অসমীয়া যেন দেখা নাছিল।
এলিৰ চকুলৈ চাই ৰঞ্জিতে ক’লে, “যেনেকৈ তুমি থাকি গ’লা, এলি। এই ৰংঘৰ মাটিৰে বনোৱা নহয়, মৰমেৰে বনোৱা। আহোম ৰজাই ভাবিছিল মোৰ প্ৰজাই ইয়াত হাঁহিব, নাচিব। মৰম থাকিলে বস্তু এটা ভাগি নাযায়। তুমিও তেনেকৈয়ে থাকি গ’লা।”
এলিৰ চকু সেমেকি উঠিল। তাই ভঙা মাতেৰে ক’লে,
“মই আগতে ভাবিছিলোঁ ভালপোৱা মানে লণ্ডনৰ দৰে ডাঙৰ ঘৰ। এতিয়া বুজিছোঁ, ভালপোৱা মানে ৰংঘৰৰ দৰে – পুৰণি হ’লেও থিয় হৈ থকা।”
ৰঞ্জিতে একো নক’লে। মাথোঁ তাইৰ হাতখন আৰু টানকৈ ধৰিলে। এলিয়ে আঙুলিবোৰৰ মাজত তাৰ আঙুলি সোমাই ল’লে। অলপ কঁপিছিল তাইৰ হাত। ঠাণ্ডাৰ বাবে নহয়।
“ৰঞ্জিত,” তাই লাহেকৈ ক’লে, “তুমি জানা, লণ্ডনত মই যেতিয়া অকলে আছিলোঁ, মই ভাবিছিলোঁ ভালপোৱা মানে কিবা ডাঙৰ কথা। ডাঙৰ ঘৰ, ডাঙৰ চহৰ।”
ৰঞ্জিতে তাইৰ ফালে চালে। “আৰু এতিয়া?” সি সুধিলে।
এলিয়ে ৰংঘৰৰ ফালে চাই ক’লে, “এতিয়া বুজিছোঁ ভালপোৱা মানে এনেকৈ হাত ধৰি খোজ কঢ়া। তুমি মোক তোমাৰ অসমখন দেখুওৱা, মই তোমাক মোৰ হৃদয়খন দিওঁ। সিমানেই।”
সন্ধিয়াৰ বতাহ এজাকে ৰংঘৰৰ ঘাঁহবোৰ লৰাই গ’ল। দূৰৈত শংখৰ শব্দ।
ৰঞ্জিতে তাইক আৰু ওচৰলৈ টানিলে। কপালত এটা মৰমৰ চুমা আঁকি ক’লে, “তেন্তে আজিৰ পৰা এই ৰংঘৰটো আমাৰো। আমাৰ প্ৰেমৰ সাক্ষী। ছশ বছৰৰ পিছতো কোনোবাই যেতিয়া ইয়াত আহিব, আমাৰ এই সন্ধিয়াটোৰ কথা ইয়াত ৰৈ যাব।”
এলিয়ে চকু মুদিলে। তাইৰ মুখত হাঁহি। “আই লভ ইউ – , মই তোমাক ভাল পাওঁ। মোৰ ৰঞ্জিত। মোৰ অসম।”
দুয়ো লাহে লাহে ঘৰৰ ফালে খোজ ল’লে। পিছফালে ৰংঘৰটো ৰৈ থাকিল, সিহঁতৰ খোজৰ শব্দ বুকুত সাৱটি।
