আবেলিৰ  গান – শুৱলা দাস

Pc StockCake

আবেলিৰ  গান

শুৱলা দাস
যোৰহাট

আবেলিৰ নদীখনৰ পাৰত
নিৰলে বহি  শুনিছানে কতিয়াবা ?
শুনিবাচোন
এমুকোৰা হাঁহিৰ খলকনিৰ সিপাৰে
চকুপানীৰ ধাৰাৰে বৈ থকা
এটি মৌন জুৰিৰ ঝিৰঝিৰণি ।
হৃদয়  সৰোবৰৰ পৰা  উঁহ ফালি ওলাই
অহা যেন  বেদনাৰ ঘন জলৰাশি!

 যদি শুনা নাই,
শুনিবাচোন
জনঅৰণ্যঘণ গভীৰ কোলাহলৰ
সিপাৰে   মৌনতাত কঁপি থকা
এযোৰ   ওঁঠৰ
নিসংগতাৰ মৃদু জোকাৰণি!

 যদি দেখা নাই , চাবাচোন
থাকি যোৱা আশাৰ
জী উঠা হেপাহৰ
নতুন গজালি !
পূব আৰু পশ্চিম আকাশত কিবাকৈ মকামিলা কৰা
সুৰুজৰ ম্ৰিয়মাণ বুজাবুজি !

বুজিছানে কতিয়াবা ? যদি বুজা নাই
বুজিবাচোন
কোনো নাহে বুলি জনাৰ পিছতো
নঙলামুখত অপেক্ষাৰত
গধূলি গোপাল জোপাৰ
বেজেৰুৱা আশাৰ মুখৰিত পদূলি !
এৰা  ! সকলো সময়ৰে কথা
অন্তহীন নিৰৱচ্ছিন্ন  সময়ৰ সোঁতত
নিৰবে নিমাতে গৈ থকা বৈ থকা  নদীৰ
বুকুত লৈ ফুৰা ভৰা জাঁজৰি।
বুকুত লৈ ফুৰা ভৰা জাঁজৰি।