ৰাজপথৰ কৰুণ ছবি আৰু আমাৰ সপোনৰ গুৱাহাটী – শচীন্দ্ৰ কুমাৰ দাস

Pc Northeast Now

ৰাজপথৰ কৰুণ ছবি আৰু আমাৰ সপোনৰ গুৱাহাটী

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

গুৱাহাটী মহানগৰীৰ ব্যস্ত ৰাজপথত যদি আপুনি অলপ লক্ষ্য কৰে, তেন্তে এটা দৃশ্যই আপোনাক বাৰে বাৰে আমনি কৰিব। সেয়া হ’ল— আমাৰ মহানগৰীত চলাচল কৰা প্ৰতিখন চিটি বাছ, ট্ৰেভেলাৰ, মেজিক বা উইংগাৰ আদি যাত্ৰীবাহী বাণিজ্যিক বাহনৰ গাত থকা অলেখ কোব বা আঘাতৰ চিন। নতুন হওক বা পুৰণি, প্ৰায় প্ৰতিখন বাহনৰে বডীটো ভাঙি থকা বা ৰং এৰি যোৱা দেখা যায়। এই চিনবোৰ কোনো দুৰ্ঘটনাৰ নহয়, বৰঞ্চ ৰাজপথত কৰ্তব্যৰত একাংশ উগ্ৰ বা উন্মত্ত ট্ৰেফিক আৰক্ষীৰ লাঠিৰ কোবৰ চিন!

আমাৰ অসমীয়া সমাজত যান-বাহন বা যিকোনো যান্ত্ৰিক আহিলাক ভগৱান বিশ্বকৰ্মাৰ সৃষ্টি বুলি গণ্য কৰি ভক্তিৰ চকুৰে চোৱা হয়। বহু দৰিদ্ৰ পৰিয়ালে নিজৰ শেষ সম্বলখিনি বিক্ৰী কৰি বা বেংকৰ পৰা গধুৰ ঋণ (Finance) লৈ এই বাহনসমূহ ক্ৰয় কৰে। তেনেস্থলত ৰাজপথত ডিউটিত থকা চৰকাৰী মানুহে এই বাহনবোৰক অমানুষিকভাৱে লাঠিৰে কোবাই আঘাত কৰাতো কেনেধৰণৰ বৰ্বৰতা? আৰক্ষীৰ এই কোবৰ কোবত ফাইনেঞ্চৰ টকা শেষ নৌহওতেই বাহনবোৰ পুৰণি আৰু জৰাজীৰ্ণ হৈ পৰে। বাহন খনৰ বডীৰ কাম কৰিবলৈ বা ৰং কৰিবলৈ মালিকৰ হাজাৰ হাজাৰ টকাৰ প্ৰয়োজন হয়। প্ৰশাসনে কৰা এই ক্ষতিৰ দায়িত্ব কোনে ল’ব?

অৱশ্যে ইয়াৰ আন এটা দিশো আছে। বহু সময়ত গাড়ী চালকসকলে কম যাত্ৰী থকাৰ অজুহাতত মাজ ৰাজপথতে গাড়ী ৰখাই যান-জঁটৰ সৃষ্টি কৰে। এইটো নিশ্চিতভাৱে চালকজনৰ অপৰাধ। কিন্তু তাৰ বাবে শাস্তি বাহনখনে কিয় পাব? চালকজনে নিয়ম ভাঙিলে তেওঁক ধমক দিয়ক, লাইচেঞ্চ কাঢ়ি লওক বা বাহনৰ নম্বৰ টোকা লৈ চৰকাৰী নিয়ম মতে জৰিমনা (Fine) বিহা হওক। কিন্তু নিৰ্জীৱ বাহনখনৰ ওপৰত অত্যাচাৰ চলোৱাটো কোনো আইনী বা সুস্থ মানসিকতা হ’ব নোৱাৰে।

পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আৰু সামৰণি:

এই অনাকাংক্ষিত পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে বৰ্তমান সময়ত প্ৰশাসন আৰু চালক সমাজ— দুয়ো পক্ষৰে পৰিপক্কতাৰ প্ৰয়োজন। যি সময়ত গুৱাহাটী মহানগৰীক এখন আধুনিক আৰু ‘স্মাৰ্ট চিটি’ হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া চলিছে, তেনে সময়ত ৰাজপথত এনেধৰণৰ পুৰণি আদিম বৰ্বৰতা কোনো কাৰণতে শোভা নাপায়।

প্ৰথমতে, ট্ৰেফিক আৰক্ষীয়ে লাঠি চালনাৰ সলনি বৰ্তমান উপলব্ধ থকা ডিজিটেল প্ৰযুক্তি যেনে— চিচিটিভি (CCTV) কেমেৰা আৰু ই-চালান (E-Challan) ব্যৱস্থাৰ সৰ্বাধিক প্ৰয়োগ কৰিব লাগে। নিয়ম উলংঘা কৰা চালকৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ জৰিমনা বিহা হওক, কিন্তু ৰাজহুৱা তথা ব্যক্তিগত সম্পত্তিৰ ক্ষতি কৰাৰ প্ৰৱণতা বন্ধ হ’ব লাগে। ইয়াৰ উপৰি উচ্চ পদস্থ আৰক্ষী বিষয়াৰ তৰফৰ পৰা তলতীয়া কৰ্মচাৰীসকলক কৰ্তব্যৰ সময়ত সংযম ৰক্ষা কৰিবলৈ আৰু আধুনিক পদ্ধতিৰে যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশিক্ষণ দিয়াটো জৰুৰী হৈ পৰিছে।

দ্বিতীয়তে, বাণিজ্যিক বাহনৰ চালক আৰু মালিক সন্থা সমূহেও নিজৰ দায়িত্ব বুজি পাব লাগিব। যাত্ৰী উঠোৱাৰ নামত য’ত-তত গাড়ী ৰখাই যান-জঁটৰ সৃষ্টি কৰা বা আইন অমান্য কৰা মানসিকতা চালকসকলেও ত্যাগ কৰিব লাগিব। চালকসকলে নিয়ম মানি চলিলে আৰক্ষীয়েও তেনে সুযোগ ল’ব নোৱাৰিব।

ৰাজপথত লাঠিৰে কোবাই নিজৰ ক্ষমতা প্ৰদৰ্শন কৰা কাৰ্যই কেৱল বাহনখনৰে ক্ষতি নকৰে, বৰঞ্চ এখন সভ্য সমাজৰ আইন-শৃংখলা ব্যৱস্থাৰ ওপৰতো প্ৰশ্নবোধক চিন আঁকি দিয়ে। আশা কৰা হৈছে যে অনাগত দিনত প্ৰশাসন আৰু মহানগৰবাসীৰ যৌথ সজাগতাৰ জৰিয়তে গুৱাহাটীৰ ৰাজপথৰ পৰা এই লাঠিৰ সংস্কৃতি চিৰদিনৰ বাবে নোহোৱা হ’ব আৰু এক মৰ্যাদাপূৰ্ণ, শৃংখলাবদ্ধ পৰিৱেশ গঢ়ি উঠিব।