ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন ব্যৱস্থাপনা বিষয়ক অনলাইন দক্ষতা বিকাশ পাঠ্যক্ৰমৰ বিষয়ত বক্তৃতা

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন ব্যৱস্থাপনা বিষয়ক অনলাইন দক্ষতা বিকাশ পাঠ্যক্ৰমৰ বিষয়ত বক্তৃতা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কানৈ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ দক্ষতা বিকাশ আৰু কৰ্মমুখী শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে মহাবিদ্যালয়ৰ দক্ষতা বিকাশ কোষৰ উদ্যোগত  “বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যটন ব্যৱস্থাপনা বিষয়ক অনলাইন দক্ষতা বিকাশমূলক পাঠ্যক্ৰমত কেনেদৰে নামভৰ্তি কৰিব” -শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।মহাবিদ্যালয়ৰ দক্ষতা বিকাশ কোষৰ ন’ডেল বিষয়া ড° অজিত গোস্বামীয়ে আঁতধৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ সহকাৰী অধ্যাপক ড° জেকব কোঁৱৰ। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেব গগৈয়েও উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড° জয়দেব গগৈয়ে মহাবিদ্যালয়ৰ দক্ষতা বিকাশ কোষৰ উদ্দেশ্য, ভূমিকা আৰু বিভিন্ন কাৰ্যসূচীৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। তেওঁ বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰিৱেশত কেৱল পাঠ্যক্ৰমভিত্তিক জ্ঞানেই যথেষ্ট নহয় বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিষয়ভিত্তিক জ্ঞানৰ লগতে বিভিন্ন ব্যৱহাৰিক আৰু পেছাদাৰী দক্ষতা আহৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। বিশেষকৈ অনলাইন মাধ্যমেৰে উপলব্ধ বিভিন্ন দক্ষতা বিকাশমূলক পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জ্ঞান আৰু যোগ্যতা বৃদ্ধি কৰাৰ লগতে ভৱিষ্যৎ কৰ্মজীৱনৰ বাবে অধিক প্ৰস্তুত হোৱাত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ পিছতে অনুষ্ঠানৰ সমল ব্যক্তি ড° জেকব কোঁৱৰে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন অনলাইন দক্ষতা বিকাশমূলক পাঠ্যক্ৰমৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। তেওঁ বিশেষকৈ পৰ্যটন ব্যৱস্থাপনা বিষয়ৰ অনলাইন পাঠ্যক্ৰমসমূহৰ গুৰুত্ব, সম্ভাৱনা আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰে। পৰ্যটন উদ্যোগৰ দ্ৰুত বিকাশৰ পৰিপ্ৰেক্ষিতত এই খণ্ডত প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা আহৰণ কৰিলে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ভৱিষ্যতে বিভিন্ন কৰ্মসংস্থাপন আৰু আত্মনিয়োগৰ সুযোগ সৃষ্টি হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰে।সমল ব্যক্তিগৰাকীয়ে বিভিন্ন অনলাইন পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ ক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ ক্ৰমাগতভাৱে আৰু ব্যৱহাৰিকভাৱে ছাত্ৰ-ছাত্ৰী সকলক বুজাই দিয়ে। অনলাইন পাঠ্যক্ৰম বিচৰা, নিজৰ পছন্দৰ পাঠ্যক্ৰম নিৰ্বাচন কৰা, নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা আৰু পাঠ্যক্ৰমত নিয়মীয়াকৈ অংশগ্ৰহণ কৰাৰ পদ্ধতিৰ বিষয়ে তেওঁ বিশদ ব্যাখ্যা আগবঢ়ায়। লগতে ‘স্কিলহাব’ত প্ৰৱেশ কৰি বিভিন্ন দক্ষতা বিকাশমূলক পাঠ্যক্ৰম কেনেদৰে সম্পন্ন কৰিব পাৰি, সেই বিষয়েও তেওঁ ছাত্ৰ-ছাত্ৰী সকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন পাঠ্যক্ৰমত নামভৰ্তি আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে আৰু সমল ব্যক্তিগৰাকীয়ে সেইসমূহৰ বিষয়ে সহজ আৰু বোধগম্যভাৱে ব্যাখ্যা আগবঢ়ায়। ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিয়মীয়া পাঠ্যক্ৰমৰ সমান্তৰাল ভাৱে অনলাইন দক্ষতা বিকাশমূলক পাঠ্যক্ৰম গ্ৰহণ কৰি নিজৰ জ্ঞান আৰু যোগ্যতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক স্পষ্ট ধাৰণা লাভ কৰে। মূলতঃ মহাবিদ্যালয়ৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক বৰ্তমান সময়ৰ চাহিদাৰ সৈতে সংগতি ৰাখি নতুন নতুন দক্ষতা আহৰণৰ প্ৰতি উৎসাহিত কৰা হয়। বাণিজ্য শিক্ষাৰ সৈতে পৰ্যটন ব্যৱস্থাপনা, ডিজিটেল শিক্ষা আৰু দক্ষতা বিকাশৰ দৰে সমসাময়িক বিষয়সমূহৰ সংযোগ স্থাপনৰ ক্ষেত্ৰতো এই কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।অনুষ্ঠানৰ সামৰণিত অধ্যক্ষ ড° জয়দেব গগৈয়ে দক্ষতা বিকাশ কোষৰ এই পদক্ষেপৰ শলাগ লয়। ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশ, দক্ষতা বৃদ্ধি আৰু ভৱিষ্যৎ কৰ্মজীৱনৰ বাবে তেওঁলোকক অধিক প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যে মহাবিদ্যালয়খনত আগন্তুক দিনত অধিক নতুন আৰু সময়োপযোগী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি তেওঁ সদৰি কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দক্ষতা বিকাশ, অনলাইন শিক্ষাৰ প্ৰসাৰ আৰু কৰ্মমুখী শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে এক ইতিবাচক পদক্ষেপ হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।