জিএমচিএইচত ৰ’বটিক হৃদযন্ত্ৰৰ অস্ত্রোপচাৰ সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ স্বাস্থ্যখণ্ডত অত্যাধুনিক চিকিৎসা প্রযুক্তিৰ সংযোজনৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (জিএমচিএইচ) ৰ চি এন কেন্দ্রত প্ৰথমবাৰৰ বাবে ৰ’বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সফলভাৱে সম্পন্ন কৰা হৈছে। ২৫ আৰু ২৬ ছেপ্টেম্বৰ এই দুদিনত তিনিজন ৰোগীৰ ৰ’বটিক হৃদযন্ত্ৰৰ অস্ত্রোপচাৰ সফলভাবে সম্পন্ন হোৱাত ৰাজ্যৰ হৃদৰোগীসকলৰ বাবে উন্নত চিকিৎসা সেৱাৰ নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। দেশৰ প্ৰখ্যাত হৃদৰোগৰ শল্য চিকিৎসক তথা অসমৰ প্ৰথমগৰাকী ৰ’বটিক হৃদযন্ত্র অস্ত্রোপচাৰ বিশেষজ্ঞ ডাঃ ঋত্বিক ৰাজ ভূঞাৰ তত্ত্বাৱধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চি এন কেন্দ্ৰৰ হৃদৰোগৰ শল্য চিকিৎসা বিভাগে এই অস্ত্রোপচাৰসমূহ সম্পন্ন কৰে। ৰাজ্যত ৰ’বটিক প্রযুক্তিৰ সহায়ত জটিল হৃদৰোগৰ অস্ত্রোপচাৰ সম্পন্ন হোৱাটো অসমৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ বাবে এক উল্লেখযোগ্য অগ্রগতি হিচাপে বিবেচিত হৈছে। এই উপলক্ষে ২৫ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ চি এন কেন্দ্ৰত কার্ডিয়াক ৰ’বটিক অস্ত্রোপচাৰ কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত উপস্থিত থাকি স্বাস্থ্যমন্ত্রী অশোক সিংহলে ৰাজ্যৰ স্বাস্থ্যখণ্ডত অত্যাধুনিক প্রযুক্তিৰ সংযোজনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। স্বাস্থ্যমন্ত্রী সিংহলে কয় যে অসমৰ স্বাস্থ্যসেবা ব্যৱস্থাক আধুনিক আৰু অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে চাৰে বিশেষ বিশেষ ও গুৰুত্ব দি আহিছে। অত্যাধুনিক প্রযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক উন্নত চিকিৎসা সেৱা আৰু চিকিৎসালয়ত ৰ’বটিক হৃদযন্ত্ৰৰ অস্ত্রোপচাৰৰ আৰম্ভণি সেই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ লগতে কয় যে চিকিৎসা বিজ্ঞানৰ দ্রুত পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই ৰাজ্যৰ চিকিৎসা প্রতিষ্ঠানসমূহতো অত্যাধুনিক প্রযুক্তিৰ সংযোজন কৰা প্ৰয়োজন। এনে প্রযুক্তি আৰু বিশেষজ্ঞ চিকিৎসকৰ জ্ঞান-দক্ষতাৰ সমন্বয়ে অসমৰ ৰোগীসকলক উন্নত চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই অগ্রগতিয়ে ভবিষ্যতে বিভিন্ন জটিল চিকিৎসা ক্ষেত্রতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। দেশৰ প্ৰখ্যাত হৃদৰোগৰ শল্য চিকিৎসক তথা অসমৰ প্ৰথমগৰাকী ৰ’বটিক হৃদযন্ত্র অস্ত্রোপচাৰ বিশেষজ্ঞ ডাঃ ঋত্বিক ৰাজ ভূঞাই কর্মশালাখনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ হৃদৰোগ বিশেষজ্ঞ তথা চিকিৎসকসকলক ৰ’বটিক অস্ত্রোপচাৰৰ বিভিন্ন দিশ সন্দৰ্ভত প্রশিক্ষণ প্রদান কৰে। এই কৰ্মশালাৰ জৰিয়তে চিকিৎসকসকলক ৰ’বটিক প্ৰযুক্তিৰ ব্যৱহাৰ, অস্ত্রোপচাৰৰ কৌশল আৰু আধুনিক কার্ডিয়াক শল্য চিকিৎসাৰ বিভিন্ন দিশৰ সৈতে পৰিচিত কৰোৱা হয়। কর্মশালাখনত ডাঃ ঋত্বিক ৰাজ ভূঞাৰ লগতে চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱা, অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰী আদিকে ধৰি কেইবাগৰাকীও চিকিৎসক আৰু স্বাস্থ্যকর্মী উপস্থিত থাকে। উল্লেখ্য যে ডাঃ ঋত্বিক ৰাজ ভূঞাই বিগত ২৭ বছৰে অস্ট্রেলিয়া, মানচেষ্টাৰ আৰু দিল্লীকে ধৰি বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত হৃদৰোগৰ শল্য চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ বর্তমান নতুন দিল্লীৰ ওখলাস্থিত ফ’টিছ এছক ‘টছ হাস্পতালৰ প্ৰাপ্তবয়স্ক হৃদৰোগ শল্য চিকিৎসা বিভাগৰ সঞ্চালক হিচাপে কৰ্মৰত।
