নিমিষা মৃত্যুৰ ন্যায় বিচাৰি বিভিন্ন দল-সংগঠনৰ তীব্র প্রতিবাদ

নিমিষা মৃত্যুৰ ন্যায় বিচাৰি বিভিন্ন দল-সংগঠনৰ তীব্র প্রতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ গুৱাহাটীত লাভ জেহাদৰ বলি হৈ পাষণ্ড প্রেমিক আছিক আলীৰ হাতত মৃত্যু হোৱা নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা সচেতন ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। এই জঘন্য অপৰাধৰ বাবে একাংশ ৰাইজে অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম শাস্তি তথা এনকাউণ্টাৰৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে শনিবাৰে পুৱা হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ পাছতে ধাৰাপুৰ অঞ্চলত তীব্র উত্তেজনাৰ সৃষ্টি হয়। নৃশংস হত্যাকাণ্ডৰ উচিত বিচাৰ আৰু দোষীক কঠোৰতম শাস্তিৰ দাবীত ধাৰাপুৰবাসী ৰাইজৰ লগতে মহিলা সমাজ, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে গড়লৰ ৰাজপথ অৱৰোধ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে লাভ জেহাদ বন্ধ কৰাৰ লগতে হত্যাকাৰীক এনকাউণ্টাৰ কৰিবলৈ চৰকাৰক দাবী জনায়। একাংশ উত্তেজিত প্রতিবাদকাৰীয়ে কয় যে লাভ জেহাদৰ বিষয়ে আমি শুনি আছিলোঁ। আজি দেখাও পালোঁ। হিন্দু যুৱতীক মিঞাই ফুচুলাই তেওঁলোকৰ কৰি ল’ব বিচাৰে আৰু এয়া কৰিব নোৱাৰিলে টার্গেট কৰি লয়। লাভ জেহাদ এনেকৈ শিপাইছে যে ধাৰাপুৰৰ দৰে এখন ভিতৰুৱা গাঁৱৰ এগৰাকী উচ্চ শিক্ষিত যুৱতী আজি ধ্বংস হৈ গ’ল। চৰকাৰে এই সন্দৰ্ভত চৰম পন্থা গ্ৰহণ কৰিব লাগে। আন একাংশ লোকৰ মতে, হত্যাকাৰী আছিক আলীক এনকাউণ্টাৰ বা ফাঁচি দিয়াৰ ব্যৱস্থা চৰকাৰে ল’ব লাগে। তেওঁলোকে কয় যে পৰিকল্পিতভাবে হিন্দু যুৱতীক জালত পেলাই হত্যা কৰি হিন্দু সমাজখনক ধ্বংস কৰিবলৈ একাংশ মিঞাই উঠিপৰি লাগিছে। এনে অপৰাধীৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই বুলি দল-সংগঠনসমূহে মুকলিভাৱে ঘোষণা কৰে।