ভুৰবন্ধাত দেৱাশিস শৰ্মাৰ হৈ অগপৰ সভাপতি অতুল বৰাৰ প্ৰচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এন ডি এ মিত্ৰজোঁটৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ অসম গণ পৰিষদৰ (অগপ) সভাপতি তথা মন্ত্ৰী অতুল বৰাই এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুৰবন্ধাত অগপৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এই বিশাল নিৰ্বাচনী সভাখন অনুষ্ঠিত হৈছিল। দলৰ শীৰ্ষ নেতা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ উপস্থিতিত মন্ত্ৰী অতুল বৰাই ভাষণ প্রসংগত কয়-মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসম এতিয়া বহু আগুৱাই গৈছে। ৰাজ্যত আমূল পৰিৱৰ্তন ঘটিছে। অসমৰ পিছপৰা সকলো জাতি-জনগোষ্ঠীক আগুৱাই নিবলৈ মুখ্যমন্ত্রী ড° শর্মাই বলিষ্ঠ পদক্ষেপ গ্রহণ কৰাৰ উপৰি ৰাজ্যখন উদ্যোগীকৰণৰ ক্ষেত্ৰতো পদক্ষেপ গ্রহণ কৰিছে। আইএমডিটি আইন বাতিল হোৱাত গঠন কৰা এআইইউডিএফ সাম্প্রদায়িক দলক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে নগাঁও লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাক এইবাৰ বিপুল ভোটত জয়যুক্ত কৰিবলৈ সভাপতি অতুল বৰাই ৰাইজক আহ্বান জনায়। কেন্দ্রীয় সাধাৰণ সম্পাদক শান্তনু শর্মাই আঁতধৰা নিৰ্বাচনী সভাত মন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত চৰকাৰে উন্নয়নৰ গতি দ্রুতগতিত আগবাঢ়িছে বুলি উল্লেখ কৰাৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শর্মাক বিপুল ভোটত জয়যুক্ত কৰি সকলোকে উন্নয়ন ক্ষেত্রত হাত উজান দিবলৈ আহ্বান জনায়। নির্বাচনী সভাত সাংসদ ফণীভূষণ চৌধুৰীয়ে ভাষণত কয় যে- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত উন্নয়নৰ জয়যাত্ৰা অব্যাহত আছে। নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি মিত্ৰজোঁটৰ সমর্থিত প্রার্থী দেৱাশিস শৰ্মাক জয়যুক্ত কৰি হাত অধিক শক্তিশালী কৰিবলৈ সাংসদ ফণীভূষণ চৌধুৰীয়ে ৰাইজক আহ্বান জনায়। নির্বাচনী সভাত অগপৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক গৌতম বৰা, অসম গণ পৰিষদৰ মুখপাত্র কস্তুৰী চুটিয়া, মৰিগাঁও জিলা অগপৰ সভাপতি ৰাজেন বৰা, সম্পাদক বিজয় নাথ, অসম মহিলা পৰিষদৰ সভানেত্ৰী পূৰৱী তালুকদাৰ, অসম গণ পৰিষদৰ কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, জিলা অগপ নেতা চম্পেশ্বৰ বৰদলৈ প্রমুখ্যে বিষয় ববীয়াসকলে অংশগ্ৰহণ কৰে।
