ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে উত্থাপন কৰা মিছা আৰু ভিত্তিহীন অভিযোগৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে নতুন দিল্লীয়ে। পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অপাৰেচন সিন্দুৰ আৰু সিন্ধু জলচুক্তিসহ কেইবাটাও সংবেদনশীল বিষয় উত্থাপন কৰি ভাৰতক অভিযুক্ত কৰিবলৈ ব্যর্থ চেষ্টা চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত ৰাষ্ট্ৰসংঘত ভাৰতৰ উত্তৰ দিয়াৰ অধিকাৰ প্ৰয়োগ কৰি পাকিস্তানক কঠোৰ ভাষাৰে ধিক্কাৰ দিয়ে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব পেটাল গেহলটে শ্বাহবাজ শ্বৰীফৰ মন্তব্যক সম্পূর্ণ অযুক্তিকৰ বুলি অভিহিত কৰি যিখন দেশে ৯/১১ৰ মূল ভুক্তভোগী হিচাপে সহানুভূতি বিচাৰে সেইখন দেশৰ সেনাৰ চকুৰ সন্মুখতে দুর্ধর্ষ উগ্রপন্থী তথা পেন্টাগনৰ আক্ৰমণকাৰী ওছামা বিন লাডেনে আত্মগোপন কৰি আছিল। পাকিস্তান চৰকাৰক সকীয়নি দি ভাৰতীয় প্রতিনিধিগৰাকীয়ে স্পষ্ট ভাষাত কয়-‘যোৱা বছৰ আমি বিশ্ববাসীক দেখুৱাই দিছোঁ যে সন্ত্রাসবাদীৰ কোনো সুৰক্ষিত স্থান বা পলায়নৰ পথ থাকিব নোৱাৰে। সন্ত্রাসবাদৰ বিৰুদ্ধে নিজকে সুৰক্ষিত ৰখাৰ স্বাৰ্থত ভাৰতে যিকোনো পদক্ষেপ ল’বলৈ সক্ষম। পাকিস্তানে নিজৰ উগ্ৰপন্থীপ্রীতি নীতিৰ মর্মান্তিক পৰিণাম ভোগ কৰিবই লাগিব। গেহলটে পাকিস্তানৰ ২৭সংখ্যক সাংবিধানিক সংশোধনীৰো উল্লেখ কৰে আৰু তেওঁ দেশখনৰ ‘প্ৰকৃত শাসক’ বুলি অভিহিত কৰা ব্যক্তিগৰাকীক আজীৱন আইনী ৰেহাই দিয়াৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ লগতে কয় যে পাকিস্তানে দিনৰ ভাগত নিৰাপত্তাৰ কথা কয় আৰু নিশাৰ ভাগত সন্ত্ৰাসবাদ চলায়। তেওঁ কয়, পাকিস্তানত সংখ্যালঘুসকলৰ সৈতে কেনে আচৰণ কৰা হয়, সেয়া সমগ্ৰ বিশ্বই জানে। তেওঁ লগতে কয়, ‘মিথ্যা আৰু প্ৰতাৰণামূলক কথা’ৰে আন্তঃৰাষ্ট্ৰীয় সমাজক বিপথে পৰিচালিত কৰিব নোৱাৰি। জম্মু-কাশ্মীৰ সন্দৰ্ভত গেহলটে পাকিস্তানৰ মন্তব্য প্ৰত্যাখ্যান কৰে। তেওঁ কয়, জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য আৰু অখণ্ড অংশ আৰু চিৰদিন তেনেকুৱাই থাকিব।
