ডিজিটেল প্ৰকাশন ‘ত্ৰাতৃ’ৰ মাধ্যমেৰে উন্নাভৰ জোনাকী মেলসহ চাৰিখন গ্ৰন্থ উন্মোচন

ডিজিটেল প্ৰকাশন ‘ত্ৰাতৃ’ৰ মাধ্যমেৰে উন্নাভৰ জোনাকী মেলসহ চাৰিখন গ্ৰন্থ উন্মোচন

মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  ‘উন্নাভ গোষ্ঠী’ৰ উদ্যোগত কালি সন্ধিয়া অনলাইন মাধ্যমেৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত শিশু আলোচনী ‘জোনাকী মেল’, উন্নাভ শিলিগুড়িৰ ‘প্ৰীতিৰ সুবাসে’, উন্নাভ নুমলীগড়ৰ ‘দেওশিল’ আৰু উন্নাভ গোলাঘাটৰ কাব্য সংখ্যা ‘নিৰৱধি’ উন্মোচন কৰা হয়। উন্নাভৰ মুখ্য সম্পাদক মৃদুস্মিতা শৰ্মাই উপস্থিত সকলোকে আদৰণি জনাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । উন্নাভ শৰাইঘাটৰ সম্পাদক, বিশিষ্ট লেখিকা মণিৰূপা মিশ্ৰৰ দ্বাৰা সঞ্চালিত, অনলাইন মাধ্যমেৰে অনুষ্ঠিত অনুষ্ঠানটোত উন্নাভ লখিমপুৰৰ সম্পাদক বিশিষ্ট কবি, সাহিত্যিক পংকজ সভাপণ্ডিতে উন্নাভৰ জন্মৰ পৰা বৰ্তমানলৈকে অগ্ৰগতিৰ বিষয়ে বক্তব্য প্ৰদান কৰি সভাখন উদ্বোধন কৰে ৷ মৃদুস্মিতা শৰ্মাৰ দ্বাৰা সম্পাদিত শিশু আলোচনী ‘জোনাকী মেল’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পাৰিজাত বৰুৱাই । আলোচনীখন উন্মোচন কৰি তেওঁ শিশু সাহিত্যৰ বিষয়ে সুন্দৰ বক্তব্য প্ৰদান কৰে । পূৰৱী বৰুৱাৰ দ্বাৰা সম্পাদিত উন্নাভ শিলিগুড়িৰ ‘প্ৰীতিৰ সুবাসে’ উন্মোচন কৰে বিশিষ্ট যুৱ লেখিকা তথা সাংবাদিক নয়দানিবাসী গায়ত্ৰী প্ৰান্তিক শৰ্মাই ৷ বৰ্ণালী শইকীয়া কাকতিয়ে সম্পাদনা কৰা উন্নাভ নুমলীগড়ৰ ‘দেওশিল’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক প্ৰদীপ শৰ্মাই । পাপৰি শইকীয়া বৰাই সম্পাদনা কৰা উন্নাভ গোলাঘাটৰ কাব্য সংখ্যা ‘নিৰৱধি’ উন্মোচন কৰে বিশিষ্ট পৰিৱেশবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ড° বিনীতা বৰা দেৱচৌধুৰী, ত্ৰিনয়ন সন্দিকৈয়ে । সভাত টৰোণ্টো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অংশকালীন শিক্ষক আৰু গৱেষক দেৱাঞ্জন বৰঠাকুৰে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ৷ উন্নাভৰ মুখ্য উপদেষ্টা মৃদুল শৰ্মাই সাম্প্ৰতিক কবিতাৰ বিষয়ত সুন্দৰ বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত ‘ত্ৰাতৃ’ এপৰ জন্মদাতা ত্ৰিদীপ বৰুৱাই জুবিন গাৰ্গৰ নামত উৎসৰ্গিত অনুষ্ঠান ”ওভতাই অনাৰ প্ৰয়াস ”সম্পৰ্কে সভাক অৱগত কৰে ৷ অনুষ্ঠানত মনীষা শৰ্মা, মৃণালী শইকীয়া বৰা, পাহাৰী শইকীয়া, ৰুনুমণি আদিয়ে কবিতা পাঠ কৰে । সভাত অসমৰ শদিয়াৰ পৰা ধুবুৰী আৰু ইয়াৰোপৰি মুম্বাই, নতুন দিল্লীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। শেষত সভাৰ সঞ্চালিকা মণিৰূপা মিশ্ৰই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত আনুষ্ঠানিকভাৱে সভাৰ সামৰণি পৰে।