যান্ত্ৰিকতাৰ পৰা প্ৰকৃতিৰ বুকুলৈ: মোৰ বাৰীখন আৰু সুস্থ জীৱনৰ ঠিকনা – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

যান্ত্ৰিকতাৰ পৰা প্ৰকৃতিৰ বুকুলৈ: মোৰ বাৰীখন আৰু সুস্থ জীৱনৰ ঠিকনা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

আজিকালি আমাৰ সমাজত এটা কথা বৰকৈ চৰ্চা হয়—”ব্যস্ততা”। চহৰৰে হওক বা গাঁৱৰে, সকলোৰে হাতত যেন সময়ৰ বৰ অভাৱ। মইও ইয়াৰ ব্যতিক্ৰম নাছিলো। এটা সময় আছিল যেতিয়া আজৰি সময় পালেই মই কেৱল মোবাইলৰ পৰ্দাত আঙুলিৰে পিটিকি বহি থাকিছিলো। কিন্তু তাৰ বিনিময়ত মই কি পাইছিলো? শৰীৰলৈ নামি আহিছিল তীব্ৰ মূৰৰ বিষ, কঁকাল তথা পিঠিৰ অসহ্য বিষ আৰু এক বুজাব নোৱাৰা ভাগৰুৱা ভাব। লাহে লাহে খং-ৰাগ আৰু হতাশাই মোক আৱৰি ধৰিছিল।

ঠিক তেনে এক সময়তে মই এক নতুন সিদ্ধান্ত ল’লো—মোবাইলৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি ঘৰৰ আগফালৰ ফুলনি আৰু পিছফালৰ বাৰীখনত সময় কটোৱাৰ। আজৰি সময় পালেই মই বাৰীখনত কোৰ মৰা, মাটি চহাবলৈ আৰু ফল-পাচলিৰ খেতি কৰিবলৈ আৰম্ভ কৰিলো। বিশ্বাস কৰক, এই সৰু অভ্যাসটোৱে মোৰ সমগ্ৰ জীৱনটো সলনি কৰি পেলালে। বাৰীত কাম কৰা আৰম্ভ কৰাৰ পিছৰে পৰা মোৰ শৰীৰৰ সকলো ব্যাধি, পিঠিৰ বিষ আৰু মানসিক অৱসাদ যেন ক’ৰবাত হেৰাই গ’ল! মনলৈ ঘূৰি আহিল এক নতুন সজীৱতা।

আজিকালি বজাৰলৈ গ’লেই এটা ভয় জাগে। চাৰিওফালে কেৱল অস্বাভাৱিক মূল্যবৃদ্ধি আৰু তাতকৈও ভয়ংকৰ কথাটো হ’ল—ৰাসায়নিক সাৰ আৰু কীটনাশক যুক্ত কৃত্ৰিম শাক-পাচলি। এই বিষাক্ত পাচলিবোৰ দেখিলে খাবলৈ ইচ্ছা নোহোৱা হয়। কিন্তু মোৰ বাৰীত মই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে নেমু, জলকীয়া, বেঙেনা আদি ৰোপণ কৰিছোঁ, যিবোৰ বহুবৰ্ষজীৱী আৰু সহজে চিঙি খাব পাৰি। যদিও মই বৰ ডাঙৰকৈ খেতি কৰা নাই, তথাপিও দৈনিক দুপদমান পাচলি বাৰীৰ পৰা সতেজকৈ চিঙি আনি যেতিয়া তৃপ্তিৰে খাওঁ, সেই আনন্দ আৰু সোৱাদ বজাৰৰ হাজাৰ টকীয়া পাচলিৰ লগতো তুলনা নহয়। ই আমাৰ শৰীৰক নিৰোগী ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

ফিজিক্যেল জিম বা কৃত্ৰিম শৰীৰ চৰ্চা কেন্দ্ৰলৈ গৈ টকা খৰচ কৰাতকৈ বাৰীৰ এই কৃষিকৰ্ম বহু গুণে শ্ৰেষ্ঠ। জিমত মানুহে বন্ধ কোঠাত যন্ত্ৰৰ সহায়ত ব্যায়াম কৰে, কিন্তু বাৰীত কাম কৰিলে মুক্ত বতাহ, প্ৰাকৃতিক অক্সিজেন আৰু সূৰ্যৰ পোহৰৰ পৰা ‘ভিটামিন D’ সহজে পোৱা যায়। এয়া হৈছে আটাইতকৈ উত্তম আৰু প্ৰাকৃতিক সৰ্বাংগীণ ব্যায়াম । ই শৰীৰ সুস্থ ৰখাৰ লগতে আমাক অনাৱশ্যক খৰচৰ পৰাও ৰক্ষা কৰে। বাৰীৰ চুকত থকা ফল-মূলৰ গছবোৰে কেৱল পুষ্টিয়েই নিদিয়ে, ই আমাক ধৈৰ্য্য, দায়িত্ববোধ আৰু প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ হ’বলৈ শিকায়, যিয়ে মানুহৰ চৰিত্ৰ উন্নত কৰে।

কিন্তু বৰ্তমান সমাজৰ এটা ওলোটা ছবি দেখি মনলৈ বৰ দুখ আহে। চহৰীয়া বিলাসী জীৱনক আদৰ্শ হিচাপে লৈ আজিকালি গাঁৱৰ মানুহেও ঘৰুৱা কৃষিকাৰ্যত মন নিদিয়া হৈছে। সকলো বস্তু বজাৰত সহজে কিনিবলৈ পোৱাৰ বাবে আমি এক প্ৰকাৰ এলেহুৱা হৈ পৰিছোঁ। অথচ ইয়াৰ বিপৰীতে, চহৰৰ কিছুমান মানুহে ফ্লেটৰ মাজত আবদ্ধ থাকিও সময় উলিয়াই ছাদত বেলকনিত টাব ব্যৱহাৰ কৰি হ’লেও ঘৰুৱা খেতি কৰিবলৈ লৈছে। কাৰণ তেওঁলোকে বুজি উঠিছে যে প্ৰকৃতিৰ সান্নিধ্য আৰু নিৰ্ভেজাল খাদ্যৰ বাহিৰে নিৰোগী হোৱাৰ আন কোনো বিকল্প নাই।

আমাৰ গাঁৱৰ পৰিশ্ৰমী কৃষক বা পূৰ্বপুৰুষসকল ইমান নিৰোগী আৰু দীৰ্ঘায়ু হোৱাৰ আচল ৰহস্যই আছিল এই শাৰীৰিক পৰিশ্ৰম। চহৰীয়া ক্ৰেডিট কাৰ্ডৰ জীৱনশৈলী আমাৰ আদৰ্শ হ’ব নোৱাৰে। নিজৰ মাটি ডৰা চহাই তাত প্ৰাণ প্ৰতিষ্ঠা কৰাত যি চৰম তৃপ্তি আৰু আনন্দ আছে, সেয়া অইন ক’তো নাই। ফুলনি আৰু বাৰীখনৰ সেউজীয়াই কেতিয়াবা বিষাদগ্ৰস্ত মনটোকো এক বুজাব নোৱাৰা শান্ত্বনা দি যায়, মন পবিত্ৰ কৰি তোলে। আহক, আমি সকলোৱে এলেহুৱা ভাব ত্যাগ কৰি আমাৰ পৰিত্যক্ত মাটিখিনিক ব্যৱহাৰ কৰোঁ আৰু সেউজীয়াৰ মাজত নিজৰ স্বাস্থ্য আৰু আনন্দ বিচাৰি লওঁ ।