ৰচনা প্ৰতিযোগিতাত নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ, অসমৰ সদস্যা স্মৃতা শইকীয়াৰ সফলতা
মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয় চাহ জনগোষ্ঠী ছাত্ৰ সমাজৰ উদ্যোগত বিশ্ববিদ্যালয় প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদৌ অসম ভিত্তিত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ ফলাফলৰ বঁটা বিতৰণ কৰা হয় । উক্ত প্ৰতিযোগিতাত সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্মানীয় সদস্যা মাজুলীৰ শ্ৰীমতী স্মৃতা শইকীয়াই সুখ্যাতিৰে দ্বিতীয় স্থান লাভ কৰি সমগ্ৰ মাজুলী তথা মঞ্চখনলৈ বিৰল গৌৰৱ কাঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে শ্ৰীমতী শইকীয়াই ব্যক্ত কৰে যে এই সফলতা কেৱল এক উপাধি বা স্থান নহয়, বৰঞ্চ সাহিত্য আৰু সমাজসেৱাৰ ক্ষেত্ৰখনত এক ডাঙৰ অনুপ্ৰেৰণা আৰু দায়িত্বহে। কিতাপ, চিন্তা আৰু কলমৰ শক্তিৰে অন্ধকাৰ দূৰ কৰি সমাজক এক নতুন দিশ দেখুওৱাৰ যি প্ৰয়াস, তাত জয়-পৰাজয়তকৈও নিজৰ চিন্তাক প্ৰকাশ কৰাৰ সাহসিকতাই মূল কথা বুলি তেওঁ উল্লেখ কৰে। চাহ জনগোষ্ঠী ছাত্ৰ সমাজে শিক্ষা আৰু সাহিত্যৰ ধাৰাটোক উজ্জীৱিত কৰিবলৈ চলোৱা নিৰন্তৰ প্ৰচেষ্টাকো তেওঁ বিশেষভাৱে প্ৰশংসা কৰে।শ্ৰীমতী স্মৃতা শইকীয়াৰ এই কৃতিত্ব আৰু সমাজমুখী দৃষ্টিভংগীক নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ, অসমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। মঞ্চৰ তৰফৰ পৰা জনোৱা হয় যে তেওঁৰ এই বিনম্ৰ মনেভাৱ আৰু সৃষ্টিশীল প্ৰচেষ্টাই সমগ্ৰ যুৱ প্ৰজন্মকে অনুপ্ৰাণিত কৰিব। অনাগত দিনসমূহতো তেওঁৰ এনে সাহিত্য চর্চা অব্যাহত থাকক আৰু তেওঁৰ সৃষ্টিশীল যাত্ৰাই সমাজলৈ অধিক গৌৰৱ কঢ়িয়াই আনক, তাৰেই নিৰৱচ্ছিন্ন শুভকামনা জ্ঞাপন কৰা হৈছে।
