পেৰিছৰ বুছি-ছাঁ-জর্জত স্বামী নাৰায়ণৰ বিশাল মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

পেৰিছৰ বুছি-ছাঁ-জর্জত স্বামী নাৰায়ণৰ বিশাল মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ফ্ৰান্সত ভাৰতীয় সংস্কৃতিৰ এক নতুন অধ্যায় ৰচিত হ’ল। পেৰিছত স্বামী নাৰায়ণ মন্দিৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে ভার্চুৱেলী এই অনুষ্ঠানত যোগ দি প্রধানমন্ত্রীয়ে মন্তব্য কৰে যে ভাৰত-ফ্রান্স সম্পর্কই নতুন শিখৰ পালে। পেৰিছত এই মন্দিৰ উদ্বোধন দুয়োখন দেশৰ মাজৰ সু-সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ অধ্যায় বুলি উল্লেখ কৰে মোদীয়ে। ভার্চুৱেলী এই অনুষ্ঠানত যোগ দি প্রধানমন্ত্রীয়ে কয়- ‘পেৰিছত স্বামী নাৰায়ণ মন্দিৰৰ প্ৰতিষ্ঠা দুয়োখন দেশৰ সহযোগিতা আৰু সংহতিৰ প্ৰতীক। যি যুগ যুগ ধৰি টিকি থাকিব। দুয়োখন দেশৰ বন্ধুত্ব এতিয়া কেৱল কূটনীতি আৰু কৌশলগত সহযোগিতাৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই। সি এতিয়া সাংস্কৃতিক ক্ষেত্ৰতো এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে।’ তেওঁ আৰু কয়- ‘প্রযুক্তি, এআই, প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি মহাকাশ আৰু জলবায়ু সকলো ক্ষেত্ৰতেই ভাৰত আৰু ফ্রান্সে একেলগে আগুৱাই গৈছে। দুয়োখন দেশৰ সম্পৰ্ক দীর্ঘদিনৰ সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। ফ্ৰান্সৰ মাটিত অকলেই আত্মত্যাগ কৰিছিল ভাৰতীয় সৈন্যসকলে। আনহাতে, ফৰাচী পণ্ডিতসকলে সংস্কৃতক জনপ্রিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ সন্দৰ্ভত লিখা ৰোমা বোলাই দুয়ো দেশৰ সংস্কৃতিক একত্ৰিত কৰিছে। লগতে পেৰিছৰ পৰা পুডুচেৰীৰ শ্ৰীঅৰবিন্দ আশ্ৰমত ‘দ্য মাদাৰ’ৰ আধ্যাত্মিক যাত্ৰাই অসংখ্য ভাৰতীয় আৰু ফৰাচী সাধকক অনুপ্রাণিত কৰিছে। যিয়ে দুয়োখন দেশৰ মানুহৰ মাজত সেতু বন্ধনৰ কাম কৰিছে।’ প্রধানমন্ত্রীয়ে আৰু কয়- ‘এই মন্দিৰ ‘মেড ইন ইণ্ডিয়া’, ‘বিল্ট ইন ফ্রান্স’ৰ উজ্জ্বল নিদর্শন। ই দুয়োখন দেশৰ আধুনিক ইঞ্জিনীয়াৰিঙৰো মৈত্রী বন্ধন।’ মোদীৰ ভাষাত ‘পেৰিছৰ এই নতুন মন্দিৰ ভাৰতীয় সংস্কৃতিৰ ধাৰক। ইয়াৰ মূল্যবোধ সমগ্ৰ ইউৰোপৰ মানুহৰ উপকাৰত আহিব। ফ্ৰান্সৰ বৈচিত্র্যক সমৃদ্ধ কৰিব এই মন্দিৰে। লগতে দুয়ো দেশৰ সাংস্কৃতিক সম্পর্ককো অধিক শক্তিশালী কৰিব। সময় পালে আমি নিশ্চয়কৈ এই মন্দিৰ দৰ্শন কৰিবলৈ যাম।’