মঅসমত এতিয়া দালালৰ দিন উকলিলঃমুখ্যমন্ত্ৰী

মঅসমত এতিয়া দালালৰ দিন উকলিলঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত এতিয়া দালালৰ দিন উকলিল। চৰকাৰী কাৰ্যালয়ত দালালৰাজ উৎখাত কৰিবলৈ পূর্ণগতিৰে আৰম্ভ হৈছে আপোচবিহীন অভিযান।- এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। দেৰগাঁৱত অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সম্মিলনত মধ্যভোগী তথা দালালৰ বিৰুদ্ধে আৰক্ষীক অভিযান চলাবলৈ দিয়া নির্দেশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শেহতীয়াকৈ ৩৮০জন এনে দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোমবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত সম্বোধন কৰা সংবাদমেলত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়- বিগত ২০২২ চনত আমি প্রথম ২০০ জন এনেকৈ থানাত দালালি কৰা বা এজাহাৰ লিখা দালালক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। ইয়াৰ দুবছৰমান দেখা পোৱা নাছিলো যে থানাত দালালি ব্যৱস্থা আছে, কিন্তু পৰৱৰ্তী সময়ত, বিশেষকৈ নিৰ্বাচনৰ এবছৰ আগৰ পৰা এই ব্যৱস্থাটো অধিক সক্রিয় হৈ উঠে। এইবাৰ আমাৰ অ’ চিয়ে এই বিষয়ে নাজানিছিলে। এই বিষয়টোক বিভিন্ন ধৰণে অনুসন্ধান কৰি আৰক্ষীয়ে মধ্যভোগীৰ এখন তালিকা প্রস্তুত কৰিছিল। সামাজিক মাধ্যমত বিভিন্নজনে উল্লেখ কৰা তথ্যৰ ভিত্তিত প্রকাশ হোৱা দালালৰাজৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে যোৱা এবছৰত প্ৰস্তুত কৰা তালিকা অনুসৰি আৰক্ষীয়ে শেহতীয়াকৈ মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত চলি থকা দালালৰাজৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত যিসমূহ মধ্যভোগী বা দালাল আছে, সেইসকলৰ তথ্যও আৰক্ষীয়ে ইতিমধ্যে সংগ্ৰহ কৰি আছে। প্ৰথমতে আৰক্ষী বিভাগত এই মধ্যভোগী নোহোৱা কৰাৰ পাছত পৰৱৰ্তী সময়ত আন বিভাগসমূহত দালালৰাজৰ বিৰুদ্ধে অভিযান চলিব। অসম সচিবালয়, সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়ালৈকে বিয়পি থকা দালালসমূহক ইতিমধ্যে চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে।  ইয়াৰ উপৰি, আমি এটা প’ৰ্টেলো প্রস্তুত কৰিছোঁ য’ত ৰাইজে দালালসকলৰ নাম পঞ্জীয়ন কৰিব পাৰিব আৰু সেই নামসমূহৰ ভিত্তিত আমি তেওঁলোকৰ বিৰুদ্ধেও যথাযথ ব্যবস্থা গ্রহণ কৰিম। ৰাইজৰ সুবিধাৰ বাবে আমি এই ব্যৱস্থা আগবঢ়াইছো, যাতে কোনো অসুবিধাৰ সন্মুখীন নহে তেওঁলোকে নিজৰ অভিযোগ বা তথ্য দাখিল কৰিব পাৰে আৰু অফিচসমূহত থকা দালালৰ নাম আমাক জনাব পাৰে। মুঠতে ৰাজ্যৰ কোনো চৰকাৰী কাৰ্যালয়ত দালাল বা মধ্যভোগীৰ ব্যৱস্থা থাকিব নোৱাৰিব।