গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ উন্নয়ন অতি ইতিবাচক দিশত সঠিক পথেৰে আগবাঢ়িছে। নতুন উদ্যোগ আৰু বিনিয়োগ আকৰ্ষণ কৰাৰ পদক্ষেপৰ লগতে অব্যাহত থকা ৰাজহুৱা আন্তঃগাঁথনি উন্নয়নে অসমক সমগ্র উত্তৰ-পূৰ্বাঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে নিজৰ স্থান শক্তিশালী কৰাত সহায় কৰিছে।- এই মন্তব্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ১১০ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ শিলান্যাস স্থাপন কৰি উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো ভূয়সী প্রশংসা কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ শিলান্যাস স্থাপন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সাম্প্রতিক বছৰসমূহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এক ৰূপান্তৰশীল যাত্ৰা আৰম্ভ কৰিছে। ৰাজ্যখনত আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা, বিনিয়োগ, শিক্ষা আৰু সামাজিক কল্যাণৰ ক্ষেত্ৰত নতুন গতি দেখা গৈছে। যোৱা ৫ বছৰত অসম দেশৰ ভিতৰত আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা ৰাজ্যিক অৰ্থনীতিৰ অন্যতম আৰু এই সময়ছোৱাত ৰাজ্যখনৰ অর্থনীতি ৪৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ অর্থ হৈছে অসম সঠিক দিশত আগবাঢ়িছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৌদ্ধিক আন্তঃগাঁথনিকো প্ৰশংসা কৰি দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিকশিত ভাৰত ২০৪৭ৰ আকাংক্ষা পূৰণ কৰিবলৈ বিশ্ববিদ্যালয়সমূহ উৎকর্ষতা, উদ্ভাৱন আৰু সামাজিক দায়বদ্ধতাৰ কেন্দ্ৰ হ’ব লাগিব। সেয়েহে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষার্থী আৰু গৱেষকসকলক সাহসেৰে ডাঙৰ সপোন দেখিবলৈ আহ্বান জনাইছোঁ। আপোনালোকৰ গৱেষণাই আমাৰ সমাজৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰক। প্রযুক্তিয়ে মানৱতাৰ সেৱা কৰক। উদ্ভাৱনে অন্তর্ভুক্তিমূলক উন্নয়নত অৰিহণা যোগাওক আৰু অসমৰ সমৃদ্ধ সংস্কৃতি এখন পৰস্পৰ সংযুক্ত পৃথিৱীত আমাৰ শক্তিৰ উৎস হৈ উঠক। বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ভৱন, ছাত্ৰসকলৰ বাবে আৱাসিক ভৱন, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৱাসিক ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল আৰু কৰ্মশালা ভৱনৰ পুনৰ নিৰ্মাণকে ধৰি বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গৱেষক পণ্ডিতসকলে এনে বিষয়সমূহ বাছি ল’ব লাগে, যাতে সেইবোৰে কোনো জাতিৰ সমস্যাসমূহ প্রতিফলিত কৰে আৰু সৰ্বাংগীণ উন্নয়নৰ দিশটোক লাভান্বিত কৰে। লগতে তেওঁ কয় যে শিক্ষাগ্রহণৰ লক্ষ্য কেৱল চাকৰি অৰ্জন কৰাটোতে নিহিত হৈ থাকিব নালাগে। বৰং সমালোচনাত্মক চিন্তাধাৰা আৰু উদ্ভাৱনাক প্ৰসাৰিত কৰাৰ ক্ষেত্রতো সহায়ক হ’ব লাগে। একোটা শিক্ষানুষ্ঠানৰ স্থান গুৰুত্বপূৰ্ণ হ’লেও ই প্রকৃত ছবিখন প্ৰতিফলিত নকৰে। উপস্থিত সমৱেত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক গুৰুত্ব সোঁৱৰাই দিয়ে। তেওঁ কয় যে ১৯৪৮ চনত ভাৰতৰত্ন গোপীনাথ বৰদলৈকে প্ৰমুখ্য কৰি বিশিষ্ট নেতাসকলৰ নেতৃত্বত গঢ়ি উঠা এক ঐতিহাসিক জনআন্দোলনৰ ফচলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে এই অনুষ্ঠান প্রতিষ্ঠা হৈছিল। বিশ্ববিদ্যালয়খনে বর্তমান নাক এ প্লাছ স্বীকৃতি লাভ কৰিছে আৰু ২০২৫ চনৰ এনআইআৰএফ ৰেংকিঙত ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত নৱম স্থান দখল কৰি এক অন্যতম শ্রেষ্ঠ প্রতিষ্ঠান হিচাপে গঢ় লৈ উঠিছে। এইবোৰেই ইয়াৰ শিক্ষক, গৱেষক, পণ্ডিত, উপাচাৰ্য আৰু প্ৰশাসনিক দলৰ লগতে শিক্ষার্থী আৰু প্ৰাক্তন শিক্ষার্থীসকলৰ বিশ্ববিদ্যালয়খনক উন্নত মানলৈ লৈ যোৱাৰ প্ৰতি থকা প্রতিশ্রুতিক প্ৰতিফলিত কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত ভাৰতৰ ভাষিক ঐতিহ্য সংৰক্ষণৰ দিশত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপক প্রশংসা কৰি কয় যে ভাষাই এটা সভ্যতাৰ স্মৃতি, প্রজ্ঞা আৰু পৰিচয় বহন কৰে। অসমীয়া আৰু তামিল সাহিত্যৰ পৰস্পৰৰ মাজত হোৱা অনুবাদ কার্যক স্বাগতম জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসম আৰু তামিলনাডুৰ মাজত শৈক্ষিক আৰু সাহিত্যিক আদান-প্রদান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দ্রুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিৰ যুগত ভাৰতৰ ভাষিক বৈচিত্র্য সংৰক্ষণ আৰু সমৃদ্ধ কৰাটো এক ৰাষ্ট্ৰীয় দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমীয়াক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাটো প্রশংসনীয়। এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক অংকুৰণ দত্ত আৰু উপাচার্য ননীগোপাল মহন্তৰ সম্পাদনাত প্রকাশিত ভূপেন হাজৰিকা-হান্ড্রেড ইয়াৰ্ছ অৱ এ ৱাণ্ডাৰিং ছং আৰু ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত অভিধানৰ পঞ্চম বর্ধিত সংস্কৰণ উন্মোচন কৰে।
