বছৰি প্ৰায় ৩,০০০ কোটি কৰ আদায় বিচিচিআইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) প্ৰতি বছৰে গড়ে প্ৰায় ৩,০০০ কোটি টকা আয়কৰ হিচাপে চৰকাৰক প্ৰদান কৰে। শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত ব’ৰ্ডৰ ৯৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত (AGM) বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে। ইয়াৰ সৈতে ক্ৰিকেট ব’ৰ্ডখনে কোনো ধৰণৰ কৰ ৰেহাই লাভ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। ব’ৰ্ডৰ বাৰ্ষিক সাধাৰণ সভাত ব’ৰ্ড কর্তৃপক্ষই জনাই যে দেশৰ অন্যান্য ক্রীড়া সংস্থাসমূহৰ দৰে বিচিচিআই কেন্দ্ৰীয় চৰকাৰৰ কোনো আর্থিক সাহায্য বা অনুদানৰ ওপৰত নিৰ্ভৰশীল নহয়। বিচিচিআই এক স্বায়ত্তশাসিত প্রতিষ্ঠান আৰু চৰকাৰক বুজন পৰিমাণৰ ৰাজহ যোগান ধৰা এক অন্যতম প্রধান সংস্থা। সেয়েহে অন্যান্য চৰকাৰী অনুদানপুষ্ট সংস্থাৰ দৰে নীতি-নিয়ম বিচিচিআইৰ ওপৰত পোনপটীয়াকৈ জাপি দিয়াটো যুক্তিসংগত নহয়। কেন্দ্ৰীয় চৰকাৰৰ নতুন ক্রীড়া আইনখনৰ সকলো দিশত আপত্তি নাথাকিলেও কেইটামান নির্দিষ্ট চর্তত বিচিচিআইৰ দ্বিমত আছে। ছুপ্রিম ক’র্টে এই সন্দৰ্ভত কাৰণ বিচাৰাত ব’ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াই ব্যাখ্যা দাঙি ধৰি কয়-ক্রীড়া আইন সন্দৰ্ভত আমাৰ স্থিতি অতি স্পষ্ট। উক্ত আইনখনক লৈ চৰকাৰী পৰ্যায়ত এতিয়াও কিছু কাম কৰিবলৈ বাকী আছে। উচ্চতম ন্যায়ালয়ত যি আলোচনা হৈছিল, সেই অনুসৰি নীতিসমূহ সংশোধন কৰি নতুনকৈ প্ৰকাশ কৰিলে তাক গ্ৰহণ কৰাত আমাৰ কোনো আপত্তি নাই। ২৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ত হ’বলগীয়া শুনানিত আমি আদালতৰ সন্মুখত আমাৰ সকলো অৱস্থান স্পষ্টকৈ দাঙি ধৰিম। ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ এই স্পষ্টীকৰণে ব’ৰ্ডৰ লাভ-লোকচান আৰু চৰকাৰী নীতি-নিয়মক লৈ চলি থকা সকলো প্রশ্ন আৰু জল্পনা-কল্পনাৰ অন্ত পেলালে।
