জাতীয় বিদ্যালয়ৰ ৬ লক্ষাধিক শিক্ষার্থীয়ে একেলগে পৰিবেশন কৰিলে ‘দিয়া ঘূৰাই দিয়া…’

জাতীয় বিদ্যালয়ৰ ৬ লক্ষাধিক শিক্ষার্থীয়ে একেলগে পৰিবেশন কৰিলে ‘দিয়া ঘূৰাই দিয়া…’

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় বিদ্যালয়ৰ ছয় লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘দিয়া ঘূৰাই দিয়া’ পৰিবেশন কৰি জুবিন দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ আৰু জুবিন গাৰ্গ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ৰাজ্যৰ প্ৰতিখন জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।  উল্লেখ্য যে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত সমগ্র অসমত ‘জুবিন দিৱস’ পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ বিভিন্ন জাতীয় বিদ্যালয়ত একেলগে স্মৰণ কৰা হয় জুবিন গাৰ্গৰ সংগীত আৰু সৃষ্টিশীল অৱদানক। মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ পুৱাৰ সমাৱেশত মূল কাৰ্যসূচীত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা, সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, সদস্যা মেঘালী শৰ্মা, ৰূপা দত্ত চৌধুৰী, জুবিন গাৰ্গ ন্যাসৰ সদস্য তথা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি জুবিন গাৰ্গৰ কেইবাগৰাকীও আত্মীয়-স্বজন উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্রজ্বলন কৰে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে। অনুষ্ঠানত উপস্থিত থাকি গৰিমা শইকীয়া গার্গে কয় যে জুবিন গাৰ্গৰ গীত, তেওঁৰ কৰ্ম আৰু মানুহজনক বুজিবলৈ আমি চেষ্টা কৰিব লাগিব। নতুন প্ৰজন্মক তেওঁৰ সৃষ্টি আৰু জীৱন দৰ্শনৰ লগত শুদ্ধ ৰূপত পৰিচয় কৰাই দিব লাগিব। নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্রত অসম জাতীয় বিদ্যালয়ে গ্রহণ কৰা প্ৰচেষ্টা সঁচাকৈয়ে একক আৰু অনন্য। জুবিন গাৰ্গ ন্যাসে ভৱিষ্যতে অসম জাতীয় বিদ্যালয়ৰ সৈতে লগ লাগি নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ মানৱতা আৰু সৃষ্টিৰ বাণী কঢ়িয়াই নিয়াৰ বাবে একেলগে কাম কৰি যাব বুলি তেওঁ মত প্রকাশ কৰে। অনুষ্ঠানত উপস্থিত থাকি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই কয় যে নিজৰ মাতৃভাষাৰে কেনেকৈ বিশ্বজয় কৰিব পাৰি জুবিন গাৰ্গে সেয়া দেখুৱাই থৈ গ’ল। জুবিন গাৰ্গে সংগীতৰ মাজেৰে অসমীয়া জাতীয় জীৱন যিদৰে সমৃদ্ধ কৰি গ’ল সেয়া যুগে যুগে অম্লান হৈ থাকিব। তেওঁ কয় যে জুবিন গাৰ্গৰ মানৱ প্রেম, প্রকৃতি প্রেম আৰু আৰ্তজনৰ বাবে থকা সেৱাৰ আদৰ্শৰে বাট বুলিব পাৰিলেহে তেওঁৰ প্ৰতি প্ৰকৃত শ্রদ্ধা জ্ঞাপন কৰা হ’ব। জুবিন গাৰ্গৰ প্ৰচণ্ড স্বাভিমান, জাতীয়তাবোধ, স্পষ্টবাদিতা, নির্ভীকতা আৰু আত্মসম্মানবোধ আদি গুণেৰে অনুপ্রাণিত হ’বলৈ তেওঁ ছাত্র-ছাত্রীসকলক আহ্বান জনায়। পুৱাৰ সমাৱেশৰ অনুষ্ঠানত সকলোকে উদ্দেশ্য কৰি ‘জুবিন গাৰ্গ অমৰ হওক’ শীর্ষক ‘আজিৰ চিন্তা’ পাঠ কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্রী অপৰাজিতা দত্তই। অসম জাতীয় বিদ্যালয়ৰ প্ৰায় ২,৫০০ গৰাকী ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীয়ে মিলি জুবিন গাৰ্গৰ ‘দিয়া ঘূৰাই দিয়া’ শীর্ষক গীতটো পৰিৱেশন কৰে। অনুৰূপ ধৰণে একে সময়তে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত সমগ্ৰ ৰাজ্যখনৰ আন জাতীয় বিদ্যালয়সমূহতো সর্বমুঠ প্রায় ছয় লক্ষাধিক শিক্ষার্থীয়ে এই গীতটো পৰিৱেশন কৰে। গীতটো গোৱাৰ পাছত বিদ্যালয় চৌহদৰ পৰা ‘শ্ৰদ্ধাৰ্য্য যাত্রা’ৰ বাবে দুখন সুসজ্জিত বাহন সমগ্র গুৱাহাটী মহানগৰীত পৰিভ্ৰমণৰ বাবে ওলাই যায়। জুবিন গাৰ্গৰ যুগজয়ী গীতসমূহ বজাই আগবঢ়া বাহন দুখনত জুবিন গাৰ্গৰ প্ৰতিকৃতিত বিভিন্ন ঠাইত গুণমুগ্ধসকলে শ্রদ্ধার্ঘ্য জ্ঞাপন কৰে। বাহন দুখনে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, অসম অভিযান্ত্রিক মহাবিদ্যালয়, গুৱাহাটী কলেজ, বি বৰুৱা কলেজ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়কে প্ৰমুখ্য কৰি গুৱাহাটীৰ মুঠ ৬০টা প্ৰান্তলৈ গৈ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে শ্রদ্ধার্ঘ্য যাত্রা সমাপন কৰে।