চমৎকাৰ শিল্পী জুবিন গাৰ্গ – বাহাৰুল ইছলাম 

চমৎকাৰ শিল্পী জুবিন গাৰ্গ 

বাহাৰুল ইছলাম 

সমাধি স্থলীয়ে তীৰ্থস্থান
নোপজা নেদেখা ঘটনা
চকুলো বোৱাইছে
শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈ
আৰক্ষীৰ পৰা ন্যায়াধীশলৈ
শিক্ষাৰ্থীৰ পৰা শিক্ষকলৈ।
মায়াবিনীৰ তালে তালে
আহিছে মানুহ গৈছে মানুহ
উচ্চ-নীচক বন্দী ৰাখি
সাম্প্ৰদায়িকতাক দাফন কৰি
কেৱল মাথোঁ মানুহ দেখিছোঁ।
বিশ্বত নজীৰবিহীন ব্যক্তিত্ব
যাৰ কণ্ঠত নিগৰে আশা
গঢ় লয় সপোন
বিপ্লৱী ধ্বনিৰে কঁপাই তুলে
আকাশ-বতাহ
যুঁজিছিল ন্যায়ৰ হকে নিতৌ।
দেখিছোঁ সহজ-সৰল জীৱনৰ
এক প্ৰতিচ্ছবি
শুনিছোঁ ভিক্ষুকৰ হিয়া বিদাৰি
ক্ৰন্দনৰ সুৰ
যি সুৰত সুৰ মিলাই কান্দে মানুহে।
ভিন্ন ভাষাৰ সংগীতৰ লহৰে
সংস্কৃতিৰ জৰীডাল মজবুত কৰিছে
জয় কৰিছে পাষাণ হৃদয়কো
সচকিত হয় সৱে
জীৱন-যৌৱনৰ বাৰে বৰণীয়া
সংগীত শুনি।
বিৰল ব্যক্তিত্বৰ অপমৃত্যুয়ে
বিশ্বৰ লগতে জাতীয় জীৱনৰ
দস্তাবেজ খনি অপূৰ্ণ ৰাখিছে
আমাৰ গৌৰৱ আমি
জুবিন দেশৰ মানুহ
আহক আমি ঐক্যবদ্ধৰে
যাওঁ আগুৱাই যাওঁ
অনন্য আদৰ্শক অনুসৰণ কৰোঁ
আদৰ্শৰ  মৃত্যু হয় জানো কদাপি?