সাগৰ তলিতে শুবৰে মন
ৰুমী কলিতা দত্ত
ডিব্ৰু
নীলা আকাশৰ তলত বিশাল সাগৰ
তাতে ঢৌবোৰে কথা কয় নিৰন্তৰ
পাৰত শিলবোৰে লয় স্মৃতিৰ ভৰ
কোলাহলৰ পৰা বহু দূৰ সাগৰলৈ ।
অসীম জলৰাশিৰ এক গম্ভীৰ সুৰ
কৰি দিয়ে সকলো শোক চোৰ
হিয়াত বাজে এক নতুন ৰাগ
তাত নাই কোনো ঘৃণা, নাই কোনো অনুৰাগ।
সাগৰৰ কোলাত সঁপি দিলা দেহ
নিবিচাৰিলা কাৰোৰে আদৰ- স্নেহ
নীলা পানীৰ শীতল পৰশ
হৃদয়ত সাৱটি ল’লা অচিনা দেশত ।
এই মুহূৰ্ত যেন স্থিৰ, অচলা,
নিবিচাৰি কোনো জগতৰ ধূলি
নিজক হেৰুৱাই পালা কি প্ৰশান্তি
তোমাৰ শৰীৰত দেখা পালোঁ ভাগৰ আৰু ক্লান্তি।
ঢৌৰ স’তে বিলীন কৰিলা তোমাৰ প্ৰাণ,
নিবিচাৰিলা আৰু কোনো স্বীকৃতি, মান
সাগৰৰ গভীৰ বুকুত তোমাৰ শান্ত শয়ন
বিচাৰি ল’লা কিয় সাগৰতে শেষ স্থান।
পৃথিৱীত কোলাহল হ’ল
নিস্তব্ধ সাগৰ উত্তাৱল হ’ল
কি প্ৰশান্তিত লভি চৰম সুখ
সাগৰৰ কোলাত সঁপিলা মুখ ।
শীতল পানীয়ে কৰালে তোমাৰ স্নান,
আঁতৰি নগ’ল অসমীয়াৰ অভিমান।
সাগৰ তলিতে তোমাৰ শুবৰে মন
নাই আৰু কোনো আশা, নকৰিলা পণ।
