নগাঁৱ উপ- নির্বাচনৰ ৭ জন প্রার্থীৰ মনোনয়ন বাতিল

Pc India Today

নগাঁৱ উপ- নির্বাচনৰ ৭ জন প্রার্থীৰ মনোনয়ন বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও সংসদীয় সসষ্টিৰ উপ- নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে বিভিন্ন ৰাজনৈতিক দলকে ধৰি মুঠ ২৫ গৰাকী প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছিল।  মনোনয়ন-পত্র দাখিল পিছত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত ৭জন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিছে। পৰীক্ষাৰ অন্তত বিজেপি দলৰ প্রার্থী দেৱাশিস শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ লগতে আৰ চি পি আইৰ ইনামুল হুদা, নির্দলীয় ক্রমে ফাৰক খান, মণিৰুল হুছেইন, চাবিনা য়াচমিন, নজৰুল ইছলাম, ছাইফুৰ ৰহমান, ইমৰাণ হুছেইন, মোস্তাকিম আলি, পুৰুষোত্তম বেহেৰা, ইউনুছ তামুলী, আয়ুস কুমাৰ সিং, এছ ইউ চি আই- চিৰ বৰ্ণালী শৰ্মা, নেশানেল বোড মেপ পাৰ্টিৰ হাফিজ বুঢ়ানুদ্দিন, নৱৰঙ্গ কংগ্ৰেছ পাৰ্টিৰ শ্বেইক কৰিমুল্লাৰ মনোনয়ন বৈধ হোৱা বুলি জানিব পৰা গৈছে। ইপিনে, তৃণমূল কংগ্ৰেছৰ আব্দুল চালামৰ প্ৰাৰ্থিত্বৰ বিষয়টো অমীমাংসিত হৈ আছে। অৱশ্যে তেওঁৰ প্রার্থিত্বৰ বিষয়টো কাইলে চূড়ান্ত হ’ব বুলি জানিব পৰা গৈছে। আনহাতে, মনোনয়ন বাতিল হোৱা ৭ গৰাকী প্ৰাৰ্থী হৈছে শাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, পংকজ মৌর্য, খলিল উদ্দিন, চামচুল আলম আৰু ছিকন্দৰ আলি।