টাটা ছন্সৰ অধ্যক্ষ হিচাপে পুনৰ ৫ বছৰৰ বাবে এন চন্দ্ৰশেখৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- টাটা ছন্স ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে পুনৰ দায়িত্ব লাভ কৰিলে এন চন্দ্ৰশেখৰনে।বৃহস্পতিবাৰে মুম্বাইত অনুষ্ঠিত টাটা গ্ৰুপৰ ব’ৰ্ড বৈঠকত চন্দ্ৰশেখৰনৰ কাৰ্যকাল আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চন্দ্ৰশেখৰনৰ বৰ্তমানৰ কাৰ্যকাল ২০২৭ চনৰ ২০ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হোৱাৰ কথা আছিল। তাৰ পূৰ্বেই ব’ৰ্ডে তেওঁৰ কার্যকাল বৃদ্ধিৰ সিদ্ধান্ত লয়। উল্লেখ্য, চলিত বৰ্ষৰ আগষ্টত চন্দ্ৰশেখৰনে ব’ৰ্ডক জনাইছিল যে এই কাৰ্যকাল শেষ হোৱাৰ পিছত তেওঁ পুনৰ অধ্যক্ষ পদত থাকিবলৈ আগ্ৰহী নহয় । কিন্তু পৰৱৰ্তী সময়ত ব’ৰ্ডৰ অনুৰোধত ৬৩ বছৰীয়া চন্দ্ৰশেখৰণে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ সন্মত হয় ।সূত্ৰই জনোৱা মতে টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাই চন্দ্ৰশেখৰণৰ পুনৰ নিযুক্তিৰ বিৰুদ্ধে ভোটদান কৰে । অৱশ্যে এই প্ৰস্তাৱত সংখ্যাগৰিষ্ঠই সপক্ষে ভোটদান কৰে । টাটা ট্ৰাষ্ট আৰু ইয়াৰ সৈতে জড়িত ট্ৰাষ্টসমূহৰ হাতত টাটা ছন্সৰ প্ৰায় ৬৬ শতাংশ অংশীদাৰিত্ব আছে । ইফালে, টাটা ছন্সৰ শ্বেয়াৰ বজাৰত তালিকাভুক্তিৰ বিষয়টোক লৈও এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিছুদিন পূৰ্বে ভাৰতীয় ৰিজার্ভ বেংকে (RBI) টাটা ছন্সক তালিকাভুক্তিৰ পৰা ৰেহাই দিয়াৰ আবেদন নাকচ কৰিছিল। ফলত তালিকাভুক্তিৰ সৈতে জড়িত RBIৰ নিয়ম মানি চলাৰ প্ৰয়োজন হ’ব পাৰে। উল্লেখ্য যে চন্দ্ৰশেখৰণে ২০১৭ চনৰ পৰা টাটা ছন্সৰ নেতৃত্ব দি আহিছে। তেওঁ ৰতন টাটাৰ পিছতে অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ব’ৰ্ডে চাইৰাছ মিস্ত্ৰীক বৰ্খাস্ত কৰাৰ পিছত ২০২২ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে পুনৰ নিযুক্তি লাভ কৰিছিল । নতুন সিদ্ধান্ত কাৰ্যকৰী হ’লে এয়া হ’ব তেওঁৰ তৃতীয়টো কার্যকাল।
