অশ্ৰুৰে নহয়, সৃষ্টিৰে-জুবিনলৈ এক গভীৰ শ্ৰদ্ধাঞ্জলি
লক্ষীনন্দন কলিতা
কিছুমান জীৱন কেৱল এটা সময়ৰ পৰিসৰত আবদ্ধ নাথাকে। জীৱনৰ সীমা অতিক্ৰম কৰি তেওঁলোকৰ কৰ্ম, কণ্ঠ আৰু সৃষ্টিয়ে যুগৰ চেতনাত নিজৰ এক স্থায়ী ঠিকনা নিৰ্মাণ কৰে। জুবিন গাৰ্গ তেনে এক নাম-যি নাম উচ্চাৰিত হ’লেই অসমৰ সাংস্কৃতিক আকাশত অনুৰণিত হয় অসংখ্য সুৰ, স্মৃতি আৰু অনুভৱৰ গভীৰ প্ৰতিধ্বনি।
জুবিন কেৱল সংগীতৰ এজন শিল্পী নাছিল,তেওঁ আছিল এক সৃষ্টিশীল সত্তা, এক সাংস্কৃতিক চেতনা। তেওঁৰ কণ্ঠত অসমৰ মাটিৰ গোন্ধ আছিল, ব্ৰহ্মপুত্ৰৰ সোঁতৰ দৰে এক স্বাভাৱিক প্ৰবাহ আছিল, আৰু মানুহৰ সুখ-দুখৰ প্ৰতি আছিল এক গভীৰ সংবেদনশীলতা। সেয়েহে তেওঁৰ সৃষ্টিক কেৱল মনোৰঞ্জনৰ পৰিসৰত সীমাবদ্ধ কৰিলে তেওঁৰ অৱদানৰ প্ৰকৃত তাৎপৰ্য উপলব্ধি কৰা নহ’ব।
১৯ ছেপ্টেম্বৰ দিনটো আত্মমন্থনৰ দিন। জুবিনে আমাক যি সৃষ্টিশীল সাহস, মানৱীয় সংবেদন আৰু স্বকীয়তাৰ বোধ দি থৈ গৈছে, সেই মূল্যবোধক আমি আমাৰ জীৱনত কিমান দূৰ আগুৱাই নিব পাৰিছোঁ-সেই প্ৰশ্নটো নিজকে সোধাৰ দিন। এগৰাকী শিল্পীক সঁচা অৰ্থত সোঁৱৰণ কৰা মানে কেৱল তেওঁৰ ছবি সন্মুখত বন্তি জ্বলোৱা নহয়, তেওঁৰ সৃষ্টিৰ অন্তৰ্নিহিত চেতনাক নিজৰ কৰ্মৰ মাজত ধাৰণ কৰা। সেয়ে জুবিনক কেৱল স্মৃতিৰ অশ্ৰুসিক্ত পৃষ্ঠাত নহয়, সৃষ্টিৰ উজ্জ্বল পৃষ্ঠাত স্থান দিব লাগিব প্ৰতিজন অসমীয়াই ।
কোনো এজনে কবিতা লিখক, কোনোবাই গীত গাওক,কোনো শিশুৱে ছবি আঁকক, কোনো যুৱকে কলম তুলি লওক, কোনোবাই সাহিত্যৰ চৰ্চা কৰক, কোনোবাই সংস্কৃতিৰ সংৰক্ষণত নিজকে নিয়োজিত কৰক। কোনোবাই আকৌ নীৰৱে কোনো অসহায় মানুহৰ কাষত থিয় হওক। এই সৰু সৰু সৃষ্টিশীল আৰু মানৱীয় প্ৰয়াসবোৰৰ মাজতেই হয়তো জুবিনৰ প্ৰতি আটাইতকৈ অৰ্থৱহ শ্ৰদ্ধাঞ্জলি নিহিত হৈ আছে।
কাৰণ জুবিনে আমাক কেৱল সুৰ শুনাই যোৱা নাছিল,তেওঁ আমাক অনুভৱ কৰিবলৈ শিকাইছিল। নিজৰ মাটিক ভাল পাবলৈ, নিজৰ ভাষাক মৰম কৰিবলৈ আৰু নিজৰ অস্তিত্বক লৈ গৌৰৱ কৰিবলৈ তেওঁৰ সৃষ্টিয়ে বহু হৃদয়ক অনুপ্ৰাণিত কৰিছিল। সেই অনুপ্ৰেৰণাক যদি আমি পৰৱৰ্তী প্ৰজন্মৰ হাতলৈ আগবঢ়াই দিব পাৰো, তেন্তে সোঁৱৰণে তেতিয়াহে অৰ্থ লাভ কৰিব। আজিৰ প্ৰজন্মৰ বাবে জুবিনৰ স্মৃতি সেয়ে এক দায়িত্বও। তেওঁৰ সৃষ্টিক সংৰক্ষণ কৰা, তেওঁৰ সাংস্কৃতিক অৱদানক গভীৰভাৱে অনুধাৱন কৰা আৰু অসমৰ সৃষ্টিশীল পৰম্পৰাক অধিক সমৃদ্ধ কৰাৰ সংকল্প লোৱা-এইবোৰেই হ’ব তেওঁৰ প্ৰতি আমাৰ সুদূৰপ্ৰসাৰী সন্মান। ১৯ ছেপ্টেম্বৰত আহক, কিছু সময় নীৰৱ হওঁ। তেওঁৰ সুৰৰ মাজেৰে অতীতলৈ উভতি যাওঁ, তেওঁৰ সৃষ্টিৰ মাজেৰে বৰ্তমানক চাওঁ আৰু ভৱিষ্যতৰ বাবে কিছু সৃষ্টিশীল সংকল্প গ্ৰহণ কৰোঁ।
জুবিন গাৰ্গক সোঁৱৰো কেৱল অশ্ৰুৰে নহয়, আদৰ্শৰে।
কেৱল স্মৃতিৰে নহয়, সৃষ্টিৰে। কেৱল কথাৰে নহয়, কৰ্মৰে। এগৰাকী শিল্পীৰ জীৱনৰ অন্ত পৰিব পাৰে, কিন্তু তেওঁৰ সৃষ্টিৰ যাত্ৰাৰ অন্ত নপৰে। যেতিয়ালৈকে কোনো কণ্ঠত সুৰ জাগিব, কোনো কলমত শব্দ জন্ম ল’ব, কোনো হৃদয়ত মানুহৰ বাবে মমতা জাগিব, তেতিয়ালৈকে জুবিনৰ সৃষ্টিশীল অনুৰণনো কোনোবা নহয় কোনোবা ৰূপত জীয়াই থাকিব।
১৯ ছেপ্টেম্বৰত আমি সকলোৱে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সৃষ্টিশীলতাৰে সোঁৱৰো আহক। তেওঁৰ স্মৃতিৰ দীপশিখাৰ পৰা নিজৰ অন্তৰত এটি নতুন সৃষ্টিৰ পোহৰ জ্বলাই তোলোঁ আহক।
