অসমৰ বুকুত এটি অমৰ সুৰ – জুবিন দা” – ৰাখী মণি কলিতা 

অসমৰ বুকুত এটি অমৰ সুৰ – জুবিন দা”

ৰাখী মণি কলিতা 
হাজৰিকাপাৰা ,দৰং 

সেইদিনা যেন থমকি ৰ’ল,
অসমৰ বুকুৰ এটি চিনাকি সুৰ,
হঠাতে নীৰৱ হৈ পৰিল
লাখ লাখ হৃদয়ৰ আপোন কণ্ঠস্বৰ।
তুমি গুচি গ’লা বুলি ক’বলৈ
আজিও মনটোৱে নামানে,
তোমাৰ গীত বাজি উঠিলেই
মনত ভাব হয়—
তুমি যেন কাষতেই আছা,
সেই একেই চিনাকি হাঁহিৰে।
কিন্তু মনৰ মাজত প্ৰশ্ন জাগে—
কিয় ইমান সোনকালে, আঁতৰি গ’লা?
কিয় তোমাৰ যাত্ৰা
ইমান অপূৰ্ণ হৈ ৰ’ল?
কিয় সেই শেষ সময়বোৰত
মানৱতাৰ উমেৰে
তোমাক আৰু অলপ সাবটি ধৰা নহ’ল?
কিমান কথাই যে—
উত্তৰ নোপোৱাকৈ ৰৈ গ’ল?
সময়ে হয়তো এদিন
সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিব।
তুমি অৱশ্যে কেৱল এজন মানুহ নাছিলা,
তুমি আছিলা এটি যুগৰ কণ্ঠ,
এটি প্ৰজন্মৰ অনুভৱ,
অসমৰ বুকুৰ পৰা ওলাই অহা
এটি প্ৰতিধ্বনি।
তোমাৰ গীতত
আমি প্ৰেম বিচাৰিছিলোঁ,
তোমাৰ সুৰত
আমি অসমক বিচাৰিছিলোঁ,
আৰু আজি তোমাক বিচাৰোঁ
প্ৰতিটো চিনাকি সুৰৰ মাজত।
 বছৰৰ পাছত বছৰ পাৰ হ’ব,
সময় নিজৰ বাটেৰে আগবাঢ়িব;
কিন্তু তোমাৰ গীত
পুৰণি নহ’ব কেতিয়াও,
তোমাৰ নাম
মচি নাযাব কেতিয়াও।
জুবিন দা,
তুমি নাথাকিলেও
তোমাৰ সুৰ নীৰৱ নহ’ব।
তুমি নাথাকিলেও
তোমাৰ সৃষ্টি থমকি নৰ’ব।
অসমীয়াৰ মুখে মুখে
তোমাৰ গান থাকিব,
অসমীয়াৰ হৃদয়ত
তোমাৰ নাম থাকিব।
তুমি আকাশৰ কোনোবা
দূৰ নীলা কোণত নহয়—
তুমি আছা আমাৰ স্মৃতিত,
তুমি আছা আমাৰ গীতত,
তুমি আছা অসমৰ মাটিত,
আৰু থাকিবা—
সুৰ হৈ, অনুভৱ হৈ,
ভালপোৱা হৈ,
চিৰদিন, চিৰকাল ।
জুবিন দা অমৰ হৈ জিলিকি থাকক
সুৰত, স্মৃতিত, আৰু
প্ৰতিজন অসমীয়াৰ হৃদয়ত।