জুবিন গাৰ্গক সোঁৱৰি জীৱনৰ ৰং ইউটিউব চেনেলৰ স্বতাধিকাৰী প্ৰণৱজ্যোতি চুতীয়াৰ মহানুভৱতা
ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ বেতবাৰীত প্ৰণৱজ্যোতি চুতীয়াই পঞ্চমটো বাসগৃহ নিৰ্মাণ কৰি ১৯ তাৰিখে হস্তান্তৰ কৰিলে । প্ৰণৱ চুতীয়াৰ উদ্যোগত এটি অসহায় পৰিয়ালৰ বাবে আজি নিৰ্মাণ কৰি থকা বাসগৃহটি প্ৰদান কৰা হয়। প্ৰয়াত শিল্পী জুবিন গাৰ্গক সোঁৱৰি ১৯ ছেপ্টেম্বৰত গৃহটি পৰিয়ালটোক প্ৰদান কৰি ইশ্বৰপুত্ৰৰ সামাজিক নিদৰ্শন দাঙি ধৰিছে। সশস্ত্ৰ সীমা বলৰ জোৱানসকলে আৰু প্ৰণৱ জ্যোতি চুতীয়াৰ যৌথ উদ্যাগত নিৰ্মাণ কৰা ঘৰখন শ্বহীদ কেপ্তেইন জিন্তু গগৈৰ নামত উক্ত গৃহটি উচৰ্গা কৰাৰ লগতে সশস্ত্ৰ সীমা বলৰ জোৱানসকলে পূৰ্ণ সহযোগিতা আগবঢ়াইছে। গৃহটিত পৰিয়ালটোৰ প্ৰয়োজনীয় সামগ্ৰীসমূহো যোগান ধৰা হৈছে জুবিন গাৰ্গৰ সোঁৱৰণক মানৱীয় কৰ্মৰ মাজেৰে জীয়াই ৰখাৰ এই প্ৰয়াসে বেতবাৰীত সৃষ্টি কৰিছে আশাৰ এক নতুন ঠিকনা। লগতে এই কাৰ্যসূচীত স্থানীয় ৰাইজে উপস্থিত থাকি পৰিয়ালটোক উৎসাহিত কৰা লগতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ পূৰ্ণ সহযোগিতা আগবঢ়ায়।
