জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ

জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে জামিন লাভ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে জুবিন হত্যাৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে । আদালতে দীর্ঘদিনীয়া শুনানিৰ অন্তত ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত অমৃতপ্ৰভাৰ জামিন মঞ্জুৰ কৰাৰ লগে লগে মুকলি আকাশৰ তললৈ অহা বাট প্রশস্ত হ’ল জুবিন হত্যাকাণ্ডৰ অন্যতম অভিযুক্তজনৰ। উল্লেখ্য যে প্রায় এসপ্তাহ ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ আদালতত চলিছিল অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি। যোৱা ৬ অক্টোবৰত শুনানি অন্ত পৰাৰ পাছত আদালতে ৰায় সংৰক্ষিত কৰি ৰাখিছিল। শুকুৰবাৰে বিয়লি ৪.৩০ বজাত আদালতে জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ পাছত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিয়ে জেৰাৰ অন্তত ২০২৫ বৰ্ষৰ ২ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্রভা মহন্তক। কেইবাদিনো জেৰাৰ অন্তত হাফলং উপ-কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়াৰে পৰা প্ৰায় এবছৰ ধৰি কাৰাবন্দীৰ জীৱন যাপন কৰা অমৃতপ্রভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ফাষ্টট্রেক আদালতত জামিন বিচাৰি কেইবাবাৰো মুখথেকেচা খাবলগীয়া হৈছিল। শুকুৰবাৰে আদালতে অমৃতপ্রভা মহন্তৰ জামিন মঞ্জুৰ কৰাৰ পাছতে চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে কয় যে যথেষ্ট দীঘলীয়া শুনানি আদালতে গ্ৰহণ কৰিছিল। আমাৰ ফালৰ পৰা কেইবাদিনো ধৰি আদালতত যুক্তি প্ৰদৰ্শন কৰা হৈছিল। আমি যিখিনি পাৰোঁ, কষ্ট কৰিছোঁ। কি কাৰণত আদালতে অমৃতপ্ৰভাৰ জামিন মঞ্জুৰ কৰিলে সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে  জামিন মঞ্জুৰ হ’লেও জামিননামাখন ট্রায়েল ক’ৰ্টত অমৃতপ্রভা মহন্তৰ হৈ পৰিয়াল তথা অধিবক্তাই দাখিল কৰিব লাগিব। ট্রায়েল ক’র্টে সেইখন গ্ৰহণ কৰাৰ পাছতহে মুকলি আকাশৰ তললৈ অহাৰ বাট প্রশস্ত হ’ব অমৃতপ্রভা মহন্তৰ। এই সন্দৰ্ভত পৰৱৰ্তী সময়ত চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ’ব বুলিও চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে লগতে কয়।