‘জুবিন দা’ চিৰকাল অসমীয়াৰ হৃদয়ত জীয়াই থাকিব এটি সুমধুৰ শক্তিশালী গীত হৈ …
মানসী মিশ্ৰ
মানুহ স্তব্ধ হৈ গৈছিল। মানুহে পৰস্পৰৰ মাজত কথা বতৰাৰ আদান প্রদান কৰিবলৈ পাহৰি গৈছিল। কেৱল ইজনে সিজনৰ মুখলৈ চাইছিল আৰু চকুলো টুকিছিল। সকলোৰে মনত এটাই প্রশ্ন জুবিন দা ইমান হঠাতে কেনেকৈ হেৰাই গ’ল। জুবিন দাৰ দৰে এগৰাকী ব্যক্তি ইমান সোনকালে নোহোৱা হৈ যাব পাৰে জানোঁ? কথাখিনি কোনেও মানি লব পৰা নাছিল। তেখেতৰ অকাল বিয়োগক কোনেও এবাৰলৈয়ো হৃদয়েৰে মানি লব পৰা নাছিল । খাওঁতে, শোওঁতে জুবিন দাৰ গীত শুনিয়েই মন ভাল লাগোৱা অসমীয়া ৰাইজে তেখেতৰ এই অস্বাভাৱিক মৃত্যুক কোনো কাৰণতে মানি লব পৰা নাছিল। শিশু, কিশোৰ, যুৱকৰ পৰা আদহীয়া, বৃদ্ধালৈকে সকলোৱে কেৱল মাথোঁ কান্দিছিল আৰু কান্দিছিল। এনেকৈয়ে ১৯ ছেপ্তেম্বৰৰ দিনটোত অসমীয়া ৰাইজলৈ কাল অমানিশা নামি আহিছিল। খবৰটো নিশ্চিত হোৱাৰ লগে লগে সকলোফালে এক নিমাও মাও পৰিবেশে বিৰাজ কাৰিছিল। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ভিন্ন এলেকাৰ মানুহ আহি গুৱাহাটীত উপস্থিত হৈছিল তেওঁলোকৰ হিয়াৰ আমঠু প্রিয় শিল্পী গৰাকীক দর্শন কৰিবলৈ। আমাৰ আদৰৰ জুবিন দাৰ নশ্বৰ দেহ চিংগাপুৰৰ পৰা গুৱাহাটী আহি পোৱাৰ বহু আগতে গুৱাহাটীখন লাখ লাখ লোকেৰে লোকাৰণ্য হৈছিল। বহুতেই ৰাতিটোৰ ভিতৰতে তিনি চাৰি ঘন্টাৰ ৰাষ্টা খোজকাঢ়িয়েই নিশাৰ ভিতৰতে জুবিন দাৰ বাসগৃহৰ পদূলিত উপস্থিত হৈছিল। সকলোৰে চকুত আছিল চকুলো। আবেগিক জনতাক প্রথম অৱস্থাত আৰক্ষীয়েও চম্ভালিব পৰা নাছিল। এগৰাকী মানুহক অন্তৰেৰে কিমান ভাল পালে মানুহে এগৰাকী ব্যক্তিৰ বাবে নিশাটোৰ ভিতৰতে চাৰি পাঁচ ঘন্টা খোজ কাঢ়ি জুবিন দাৰ পদূলিত উপস্থিত হব পাৰে। কেনেকৈনো জুবিনদাক অন্তৰেৰে ভালপোৱা মানুহে ৩৬৫টা দিন অতিবাহিত কৰিলে সেয়া আমাৰ সকলোৰে মনত একোটা ডাঙৰ ভাঙৰ প্রশ্ন। ইয়াৰ সমিধান দিব পৰাকৈ মানুহৰ হাতত নির্দিষ্ট উত্তৰো নাই। বহু সংখ্যক লোকৰে জীৱনৰ ৰঙ, আনন্দ সমূহ বহু দিনলৈ স্তব্ধহৈ পৰিছিল। বহুমাহলৈ মানুহে ব্যক্তিগত জীৱনৰো সুখ, আনন্দ কৰিবলৈ পাহৰি গৈছিল। আমোদ প্রমোদৰ বহু অনুষ্ঠান বন্ধ কৰি দিছিল। কেৱল জুবিন গাৰ্গ নামৰ এই বিশেষ ব্যক্তি গৰাকী বিশেষ সত্বাটোক হৃদয়েৰে বিচাৰি ফুৰিছিল। আমাৰ সকলোৰে আদৰৰ হিয়াৰ আমঠু জুবিন গার্গে জন্ম গ্রহণ কৰিছিল মানুহৰ বাবে, কাম কৰিছিল মানুহৰ বাবে। সেয়েহে মানুহক আনন্দ আৰু সুখ দিব পৰাকৈ কেৱল সৃষ্টিৰ কামকে কৰি গৈছিল। আনৰ সুখৰ বাবে আনৰ উপকাৰৰ বাবে তেওঁ অহৰহ কাম কৰি গৈছিল। মানুহৰ প্রতি কিমান মৰম, চেনেহ, আন্তৰিকতাৰ ভাৱ থাকিলে ইমান কম সময় পৃথিৱীত জীয়াই থাকি মানুহৰ বাবে ইমান অগণন সৃষ্টি কৰিব পাৰে। ৩৮,০০০ গান অসমৰ ৰাইজক ইমান কম সময়ৰ ভিতৰতে উপহাৰ দি যোৱাটো ইমান সহজ সাধ্য কথা হব নোৱাৰে। এই গীতসমূহৰ অধিক সংখ্যকেই তেখেতে নিজে লিখা, নিজে সুৰ কৰা। ইয়াৰ মাজতে বহুকেইখন উচ্চমানৰ অসমীয়া কথাছবিও নির্মাণ কৰিলে।
মানুহৰ বাবে জন্ম লৈছিল, মানুহৰ বাবে কাম কৰি গৈছিল আমাৰ আদৰৰ জুবিন দাই। কর্মই আছিল তেখেতৰ ধর্ম। নিজৰ চৌপাশে থকা মানুহবোৰোকো কাম কৰি যাবলৈ উদগনি দিছিল। সেইবাবে অতি দূর্ভাগ্যজনক ভাৱে জুবিন দাক হেৰুৱাই কোটি কোটি মানুহ আবেগ বিহ্বল হৈ পৰিছিল। তেওঁলোকে সেই দূর্ভাগ্যজনক ঘটনাটো এতিয়ালৈকে মানি ল’ব পৰা নাই। বহু সময়ত বহু কিবাকিবি আনন্দৰ মুহূর্ত আহি থাকিলেও সকলোফালে স্তব্ধতা আৰু শূণ্যতাই বিৰাজ কৰিব পৰা নাই। বিভিন্ন আনন্দদায়ক মূহুর্ত আহিলেও মানুহে মন খুলি আনন্দ প্রকাশ কৰিব পৰা নাই। কিবা এক স্তব্ধতা আৰু শূণ্যতাই আমাক আগচি ধৰে । ২০২৫ চনৰ ১৯ ছেপ্তেম্বৰৰ সেই দূর্ভাগ্যজনক খবৰটো সত্য বুলি গম পোৱাৰ পিছত নিজে নিজেই স্তব্ধ হৈ পৰিছিল সকলো। কেৱলমাত্র মানুহবোৰে নিজৰ নিজৰ মবাইলতে মায়াবিনী ৰাতিৰ বুকুত গীতাট বজাইছিল আৰু সেই গীতৰ সুৰে সুৰে গাই আছিল মায়াবিনী ৰাতিৰ বুকুত…। সেইদিনটোৰ পৰাই আজিৰ দিনটোলৈ বিভিন্ন অনুষ্ঠানত এই গীতটি গায়েই আছে। আমাৰ সমাজত হৈ থকা বিয়া সবাহ, অন্যান্য সামাজিক অনুষ্ঠান আমাৰ সকলোৰে আদৰৰ জুবিন গাৰ্গৰ ফটো আগত ৰাখি চাকি ধূপ জ্বলাই শ্রদ্ধা জ্ঞাপন কৰে।
পাৰ হৈ যোৱা দিনসমূহত আমি সকলোফালে মহাশূণ্যতা অনুভৰ কৰিছোঁ এইকেইটা মাহৰ ভিতৰত পূজা, দীপাৱলী, নৱবর্ষ উদযাপন, ভোগালী বিহুৰ দৰে অনুষ্ঠান উদযাপন কৰা হ’ল যদিও এই সকলো অনুষ্ঠানতে এক শূণ্যতাই বিৰাজ কৰিছে। প্রতিটো উৎসৱ পার্বনৰ সময়তে আমাৰ আদৰৰ জুবিন দাৰ শেষকৃতস্থলীত যথেষ্ট লোকৰ সমাগম হয়। সকালাৱে যে ধূপ, চাকি, গামোচা, খোৱা বস্তু হাতত লৈ তেওঁক সংগ দিবলৈ যায়। উৎসৱ পার্বণৰ দিনকেইটাত জুবিন দা তাত অকলে থাকিব সেই কথা কাৰোৱেই মনে নকয়। এনে বহু সংখ্যক লোকো আছে যি সফলে দিনৰ ভাগত কাম কাজত ব্যস্ত থাকি নিশাৰ ভাগত জুবিন ক্ষেত্রলৈ গৈ কিছু সময় অতিবাহিত করে।
আজিৰ বস্তুবাদী সমাজত যি সময়ত মানুহে নিজৰ পৰিয়ালৰ মানুহৰ খবৰ লবলৈ আহৰি নাপায় তেনে ক্ষেত্ৰত মানুহে নিজৰ ব্যস্ততাপূর্ণ জীৱনৰ পৰা সময় উলিয়াই জুবিন দা ৰ ওচৰলৈ গৈছে। ইয়াৰ পৰাই গম পোৱা যায় যে মানুহৰ প্রতি কিমান আন্তৰিক ভালপোৱা থাকিলে মানুহে মানুহৰ বাবে এইখিনি কৰিব পাৰে। আমাৰ এই আদৰৰ শিল্পী গৰাকীয়ে আমাক সকলোকে স্তব্ধ কৰি শূণ্য কৰি আঁতৰি গৈছে। আচলতে আমাৰ জুবিন দাক এনেদৰে অকালতে হেৰোৱাব লাগিব বুলি কোনেও ভৱা নাছিল। সেইবাবে জুবিন দাৰ কায়িক অনুপস্থিতিক কোনেও মানি লবও পৰা নাই। যি গৰাকী জুবিন গার্গে অসমীয়াক নিজৰ সৃষ্টিকর্মৰ মাজেৰে বিশ্বদৰবাৰত প্রতিষ্ঠা কৰিলে, যি গৰাকী ‘জুবিন দা’ সমাজ আক সংস্কৃতিক ভালপোৱা প্রতি গৰাকী অসমীয়াৰ হৃদয়ৰ স্পন্দন অছিল সেই গৰাকী জুবিন দা কায়িক বুলি নোহোৱা হৈ যোৱাটো কোনেও মানি লব পৰা নাই। জুবিন দা আমাৰ লগতে আছে বুলি মানুহে ভাৱে। কিবা এটা ভালকাম কৰিবলৈ লোৱাৰ আগতে জুবিন গাৰ্গ নামৰ এই সুবিশাল সত্ত্বাক মনত পেলায়, তেওঁৰ অস্তিত্বক উপলব্ধি কৰে। আন্তৰিক উপলব্ধিৰে সকলোৱে নিজৰ মাজত জুবিন দাক জীয়াই ৰাখিবলৈ অহোপুৰষার্থ কৰিছে। এই বাৰটা মাহ বহু বেদনা আৰু উপলব্ধিৰ মাজত অসমৰ ৰাইজে পাৰ কৰিলে ১৯ ছেপ্তেম্বৰ জুবিন দা কায়িক ভাবে আঁতৰি যোৱা দিনটোক আমি অসমীয়া জাতিয়ে মৃত্যু দিৱস হিচাপে চিহ্নিত কৰিব বিচৰা নাই। এয়া জুবিন দিৱস হিচাপে এই মহান শিল্পীগৰাকীলৈ শ্রদ্ধা জনোৱাৰ বাবে আগবাঢ়িছে। তিনিদিনীয়াকৈ ভিন্ন কাৰ্যসূটীৰ মাজেৰে এই জুবিন দিৱস উদযাপিত হ’ব। অৱশ্যে জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ দৰে বিশ্ববৰেণ্য শিল্পীক মনত পেলাবলৈ এটা বা দুটা দিনেই যথেষ্ট নহয়। চিৰদিন তেওঁলোক আমাৰ মাজত জীয়াই থকাটো কামনা কৰোঁ। তেওঁলোকক ৰাইজেই চিৰদিনলৈ জীয়াই ৰাখিব লাগিব তেওঁলোকৰ অনুপম, অনবদ্য সৃষ্টি ৰাজিৰ মাজেৰে। সদায় অনুভৱ কৰাৰ দৰে আজিও এবাৰ সজোৰে কওঁ জুবিন দাৰ দৰে এগৰাকী অতি উচ্চমানৰ শিল্পীক সোনকালে “ভাৰতৰত্নৰ” দৰে সন্মান প্রদান কৰাৰ বাবে চৰকাৰে আগভাগ ল’ব লাগে। জুবিন দাই যি দূর্ভাগ্যজনক ঘটনাৰ বাবে অকালতে আমাৰ মাজৰ পৰা আঁতৰি যাব লগীয়া হ’ল সেই ঘটনাৰ সঠিক আৰু নিৰপেক্ষ বিচাৰ হ’ব লাগে যাতে জুবিন দাৰ পৰিয়ালে ন্যায় লাভ কৰে। শেষত আকৌ এবাৰ হৃদয়ৰ সমস্ত অনুভূতিৰে কওঁ যে ‘জুবিন দা’ চিৰকাল আমাৰ মাজত জীয়াই থাকিব এটি দীঘলীয়া গীত হৈ, চিৰদিনলৈ জীয়াই থাকিথ কেইটামান সুমধুৰ শক্তিশালী শব্দহৈ।
