ঈশ্বৰ আকৌ আহিব
শৰৎ দাস, গহপুৰ ব্ৰহ্মাজান
ঈশ্বৰ-পুত্ৰ বুলি
সকলোৰে মুখত
উচ্চাৰিত হয় তোমাৰ নাম—
কাৰণ তুমি
কেৱল ব্যক্তি নহয়,
তুমি বহু যুগৰ
এটি সুৰৰ অনুভৱ।
সাগৰৰ
অটল গহ্বৰৰ
নিস্তব্ধতাৰ মাজতো
আজিও শুনো
তোমাৰ কণ্ঠৰ
প্ৰতিধ্বনি।
শুনিছোঁ—
ঈশ্বৰৰ মৃত্যু নহয়,
সময়ৰ বুকুত
বাৰে বাৰে হয়
আলোকৰ
নতুন অৱতাৰ।
আজি যেন
স্তব্ধ হ’ল
সকলো,
তোমাৰ অনুপস্থিতিত
এইবেলি উকা ৰঙালীৰ
গভীৰ বিষাদৰ নিশ্বাস।
য’ত
নাহৰ নুফুলে,
তাত ক’ত ফুলিব
পলাশ,
তগৰ,
জবা?
তথাপিও
অপেক্ষাৰে
ৰৈ আছোঁ—
আকৌ জাগিব
সুৰৰ আকাশ,
আকৌ ডাল ভৰি
ফুলিব নাহৰ,
কাৰণ—
ঈশ্বৰ আকৌ আহিব—
ঈশ্বৰৰ মৃত্যু নহয়।
